Quote‘মুম্বাই মেট্ৰ' লাইন ৩’-ৰ ‘পৰ্যায়-১’ৰ আৰে জেভিএলআৰ-ৰ পৰা বি কে চি পৰ্যন্ত শাখাটো উদ্বোধন কৰে
Quoteথানে ‘ইণ্টিগ্ৰেল ৰিং মেট্ৰ' ৰেল প্ৰকল্প’ আৰু ‘এলিভেটেড ইষ্টাৰ্ণ ফ্ৰীৱে’ এক্সটেনশ্যন প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰে
Quote‘নৱী মুম্বাই বিমানবন্দৰ প্ৰভাৱ অধিসূচিত এলেকা’ (নাইনা) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
Quote‘থানে পৌৰ নিগম’ৰ আধাৰশিলা স্থাপন কৰে
Quoteমহাৰাষ্ট্ৰই ভাৰতৰ প্ৰগতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈকে থানেৰ পৰা কেবাটাও ৰূপান্তৰশীল প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে: প্ৰধানমন্ত্ৰী
Quoteআমাৰ চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত, সমাধান আৰু পদক্ষেপ ‘বিকশিত ভাৰত’ৰ লক্ষ্যৰ প্ৰতি সমৰ্পিত: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ থানেত ৩২,৮০০ কোটি টকাৰ এলানি প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু অঞ্চলটোত নগৰীয়া গতিশীলতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে মাৰাঠীক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰিছে আৰু গুৰুত্ব আৰোপ কৰে যে ই কেৱল মহাৰাষ্ট্ৰ আৰু মাৰাঠী ভাষাৰ প্ৰতিয়েই সন্মান নহয়, বৰঞ্চ পৰম্পৰাৰ প্ৰতিও এক সন্মান যিয়ে ভাৰতক জ্ঞান, দৰ্শন, আধ্যাত্মিকতা আৰু সাহিত্যৰ এক সমৃদ্ধ সংস্কৃতি প্ৰদান কৰিছে। শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ সকলো মাৰাঠী ভাষীসকলক অভিনন্দন জ্ঞাপন কৰে।

নৱৰাত্ৰি উপলক্ষে একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আজি পুৱাৰ  ভাগত ৱাছিম ভ্ৰমণৰ কথা উল্লেখ কৰে য'ত তেওঁ দেশৰ ৯.৫ কোটি কৃষকক ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ বিতৰণ কৰে আৰু কেবাটাও উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰে। তেওঁ কয় যে মহাৰাষ্ট্ৰৰ আধুনিক উন্নয়নৰ দিশত থানেত নতুন মাইলৰ খুঁটি স্থাপন কৰা হৈছে আৰু আজিৰ অনুষ্ঠানটোৱে ৰাজ্যখনৰ উজ্জ্বল ভৱিষ্যতৰ এক আভাস প্ৰদান কৰিছে বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে জানিবলৈ দিয়ে যে মুম্বাইৰ ৩০,০০০ কোটি টকাৰো অধিক মূল্যৰ ‘এমএমআৰ প্ৰকল্প’ আজি আৰম্ভ কৰা হৈছে আৰু আজি ১২,০০০ কোটি টকাৰো অধিক মূল্যৰ ‘থানে ইণ্টিগ্ৰেল ৰিং মেট্ৰ' ৰে'ল প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰা হৈছে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই মুম্বাই আৰু থানেক এক আধুনিক পৰিচয় প্ৰদান কৰিব।

 

|

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে মুম্বাইৰ ‘আৰেৰ পৰা বিকেচি পৰ্যন্ত একুৱা লাইন মেট্ৰ'ও আজিৰ পৰা আৰম্ভ হৈছে। তেওঁ যোগ দি কয় যে মুম্বাইৰ মানুহে এই মেট্ৰ' লাইনটো হবগৈ বুলি বহুদিন ধৰি অশা কৰি আহিছিল। শ্ৰী মোদীয়ে জাপান চৰকাৰ আৰু ‘জাপানৰ আন্তঃৰাষ্ট্ৰীয় নিগম সংস্থা’ (জেআইচিএ)ক বিশেষকৈ একুৱা মেট্ৰ' লাইনলৈ আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সেয়েহে, তেওঁ কয় যে "এই মেট্ৰ' লাইনটো ভাৰত-জাপান বন্ধুত্বৰ প্ৰতীক"।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে শ্ৰী বালা চাহেব ঠাকৰেৰ থানেৰ প্ৰতি বিশেষ মৰম আছিল। তেওঁ লগতে কয় যে থানে স্বৰ্গীয় শ্ৰী আনন্দ দিঘেৰো চহৰ আছিল। "থানেই ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসক ড০ আনন্দী ভাই যোশীক দিছিল", শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে আজি উন্নয়নমূলক কামৰ জৰিয়তে আমি এইসকল দূৰদৰ্শী ব্যক্তিত্বৰ সপোন পূৰণ কৰি আছো। প্ৰধানমন্ত্ৰীয়ে আজি আৰম্ভ হোৱা উন্নয়নমূলক কাম-কাজৰ বাবে থানে, মুম্বাই আৰু মহাৰাষ্ট্ৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

"বিকশিত ভাৰত’ আজি প্ৰতিগৰাকী ভাৰতীয়ৰ লক্ষ্য", শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে আমাৰ চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত, সংকল্প আৰু সপোন বিকশিত ভাৰতৰ প্ৰতি সমৰ্পিত। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে মুম্বাই, থানে আদি চহৰক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাটো প্ৰয়োজনীয়। তেওঁ লগতে কয় যে চৰকাৰে ইয়াৰ প্ৰচেষ্টা দুগুণ কৰিব লাগিব কিয়নো ই উন্নয়নৰ যত্ন ল'ব লাগিব আৰু লগতে পূৰ্বৰ চৰকাৰসমূহৰ ক্ষতিসমূহ নিয়ন্ত্ৰণ কৰিব লাগিব। পূৰ্বৰ চৰকাৰসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে মুম্বাইত বৰ্ধিত জনসংখ্যা আৰু যান-বাহনৰ ঘনত্ব বৃদ্ধি হোৱা স্বত্বেও সমস্যাসমূহৰ সমাধানৰ বাবে কোনো সমাধানৰ পদক্ষেপ হাতত লোৱা হোৱা নাছিল। তেওঁ লগতে কয় যে দ্ৰুতগতিত বিস্তাৰিত হোৱাৰ বাবেই ভাৰতৰ বিত্তীয় ৰাজধানী মুম্বাই আজি এক অভাৱনীয় অৱস্থাত পতিত হোৱাৰ আশংকাই দেখা দিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰে সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰি আছে আৰু আজি ৩০০ কিলোমিটাৰ মেট্ৰ' নেটৱৰ্ক বিকশিত কৰা হৈছে। তেওঁ লগতে কয় যে উপকূলীয় পথে ‘মেৰিন ড্ৰাইভ’ৰ পৰা বান্দ্ৰালৈ যাত্ৰা কৰিবলৈ লোৱা সময় ১২ মিনিটলৈ হ্ৰাস কৰা হৈছে, আনহাতে ‘অটল সেতু’য়ে উত্তৰ আৰু দক্ষিণ মুম্বাইৰ মাজৰ দূৰত্ব হ্ৰাস কৰিছে। তেওঁ এইটোও উল্লেখ কৰে যে মেৰিন ড্ৰাইভৰ ভূগৰ্ভস্থ সুৰংগ প্ৰকল্পৰ ‘অৰেঞ্জ গেট’টোৱেও গতি লাভ কৰিছে। ৱাৰ্ছোভাৰ পৰা বান্দ্ৰা সাগৰীয় দলং প্ৰকল্প, ‘ইষ্টাৰ্ন ফ্ৰীৱে’’, ‘থানে-বৰিভালি টানেল’, ‘থানে চাৰ্কুলাৰ মেট্ৰ' ৰে'ল প্ৰকল্প’ৰ দৰে চহৰখনৰ বিভিন্ন প্ৰকল্পৰ তালিকা দাঙি ধৰি শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে উন্নয়নমূলক প্ৰকল্পসমূহে মুম্বাইৰ চেহেৰা সলনি কৰি আছে আৰু মুম্বাই আৰু ইয়াৰ চাৰিওফালৰ চহৰসমূহৰ সমস্যা হ্ৰাস কৰি মুম্বাইৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব। তেওঁ লগতে কয় যে এই প্ৰকল্পসমূহে উদ্যোগসমূহৰ বিকাশৰ লগতে নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰিব।

 

|

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে মহাৰাষ্ট্ৰৰ উন্নয়নক ইয়াৰ একমাত্ৰ উদ্দেশ্য হিচাপে গণ্য কৰে। তেওঁ লগতে বিগত চৰকাৰসমূহৰ সোপা-ঢিলা মৰা দৃষ্টিভংগীৰ বাবে দুখ প্ৰকাশ কৰে, ইয়াৰ পৰিণতিতে মুম্বাই মেট্ৰ'ৰ নিৰ্মাণ ২.৫ বছৰৰ বাবে বিলম্বিত হয়, যাৰ ফলত প্ৰকল্পটোৰ নিৰ্মাণ ব্যয়ৰ পৰিমাণে ১৪,০০০ কোটি টকাৰ ঘৰ অতিক্ৰম কৰে। "এই ধন মহাৰাষ্ট্ৰৰ কঠোৰ পৰিশ্ৰমী কৰদাতাসকলৰ আছিল"বুলি প্ৰধানমন্ত্ৰীয়ে আক্ষেপেৰে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ কাম-কাজৰ নমুনাই প্ৰমাণ কৰে যে তেওঁলোক উন্নয়ন বিৰোধী আৰু ‘অটল সেতু’ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ, ‘মুম্বাই-আহমেদাবাদ বুলেট ৰে'ল’ বন্ধ কৰাৰ ষড়যন্ত্ৰ আৰু ৰাজ্যখনৰ খৰাং পীড়িত অঞ্চলত পানী যোগান সম্পৰ্কীয় প্ৰকল্পসমূহ বন্ধ কৰাৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে অতীতৰ পৰা শিক্ষা গ্ৰহণৰ পৰামৰ্শ দিয়ে আৰু তোষণৰ ৰাজনীতিত লিপ্ত লোকসকলৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

ভাষণৰ সামৰণি মাৰিবলৈ লৈ প্ৰধানমন্ত্ৰীয়ে দেশ আৰু মহাৰাষ্ট্ৰৰ বাবে সৎ আৰু স্থিৰ নীতি গ্ৰহণ কৰা চৰকাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰে কেৱল আধুনিক আন্তঃগাঁথনি নিৰ্মাণেই নহয়, সামাজিক আন্তঃগাঁথনিও শক্তিশালী কৰি আহিছে। "আমি ঘাইপথ, এক্সপ্ৰেছৱে, ৰে'লৱে আৰু বিমানবন্দৰৰ বিকাশৰ ক্ষেত্ৰতো এক অভিলেখ গঢ়িছোঁ আৰু লগতে ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছোঁ। আমি এতিয়াও দেশক আৰু অধিক আগুৱাই নিব লাগিব", মহাৰাষ্ট্ৰৰ প্ৰতিগৰাকী নাগৰিকে এই প্ৰস্তাৱৰ সৈতে থিয় দিছে বুলি বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয়।

 

|

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণণ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ চিন্দে, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ আৰু শ্ৰী অজিত পাৱাৰ অনুষ্ঠানত উপস্থিত থাকে।

পটভূমি

অঞ্চলটোত নগৰীয় গতিশীলতা বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টাত প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মেট্ৰ' আৰু পথ প্ৰকল্পসমূহৰ উদ্বোধন কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘মুম্বাই মেট্ৰ' লাইন-৩’ৰ প্ৰায় ১৪,১২০ কোটি টকামূল্যৰ ‘আৰে জেভিএলআৰ-বিকেচি শাখা’টো উদ্বোধন কৰে। এই শাখাত ১০ টা ষ্টেশ্যন থাকিব, যাৰ ভিতৰত ৯ টা ভূগৰ্ভস্থ হ'ব। ‘মুম্বাই মেট্ৰ' লাইন- ৩’ হৈছে এক মুখ্য ৰাজহুৱা পৰিবহন প্ৰকল্প যি মুম্বাই চহৰ আৰু উপনগৰসমূহৰ মাজত যাতায়ত উন্নত কৰিব। সম্পূৰ্ণৰূপে কাৰ্যকৰী ‘লাইন-৩’-য়ে দৈনিক প্ৰায় ১২ লাখ যাত্ৰীক সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে।

 

|

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১২,২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব লগা ‘থানে ইণ্টিগ্ৰেল ৰিং মেট্ৰ' ৰে'ল প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য ২৯ কিলোমিটাৰ আৰু ২০ টা ‘এলিভেটেড’ আৰু ২ টা ভূগৰ্ভস্থ ষ্টেশ্যন থাকিব। এই উচ্চাভিলাষী আন্তঃগাঁথনিমূলক প্ৰকল্পটো মহাৰাষ্ট্ৰৰ এক মুখ্য ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰ থানেৰ বৰ্ধিত পৰিবহনৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হব।

প্ৰধানমন্ত্ৰীয়ে ছেদানগৰৰ পৰা থানেৰ আনন্দনগৰলৈ প্ৰায় ৩,৩১০ কোটি টকাৰ এলিভেটেড ইষ্টাৰ্ণ ফ্ৰীৱে এক্সটেনশ্বন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটোৱে দক্ষিণ মুম্বাইৰ পৰা থানেলৈ অবিৰাম সংযোগ প্ৰদান কৰিব।

 

|

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ‘নৱী মুম্বাই বিমানবন্দৰ প্ৰভাৱ অধিসূচিত এলেকা’ (নাইনা) প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে যাৰ নিৰ্মাণ ব্যয় প্ৰায় ২,৫৫০ কোটি টকা। প্ৰকল্পটোত মুখ্য পথ, দলং, ফ্লাইঅভাৰ, আণ্ডাৰপাছ আৰু একত্ৰিত উপযোগিতা আন্তঃগাঁথনি নিৰ্মাণ অন্তৰ্ভুক্ত আছে।

প্ৰায় ৭০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব লগা ‘থানে পৌৰ নিগম’ৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। থানে পৌৰ নিগমৰ উচ্চ প্ৰশাসনিক ভৱনটোৱে থানেৰ নাগৰিকসকলক কেন্দ্ৰীয়ভাৱে অৱস্থিত এটা ভৱনত সৰহ ভাগ পৌৰ কাৰ্যালয় স্থাপনৰ সুবিধা প্ৰদান কৰিব।

Click here to read full text speech

  • krishangopal sharma Bjp December 17, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩,,
  • krishangopal sharma Bjp December 17, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩,
  • krishangopal sharma Bjp December 17, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • ram Sagar pandey November 06, 2024

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय माता दी 🚩🙏🙏🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹
  • Vivek Kumar Gupta November 03, 2024

    Namo Namo #BJPSadasyata2024 #HamaraAppNaMoApp #VivekKumarGuptaMission2024-#विजय✌️
  • Vivek Kumar Gupta November 03, 2024

    Namo Namo #BJPSadasyata2024 #HamaraAppNaMoApp #VivekKumarGuptaMission2024-#विजय✌️
  • Vivek Kumar Gupta November 03, 2024

    Namo Namo #BJPSadasyata2024 #HamaraAppNaMoApp #VivekKumarGuptaMission2024-#विजय✌️
  • Vivek Kumar Gupta November 03, 2024

    Namo Namo #BJPSadasyata2024 #HamaraAppNaMoApp #VivekKumarGuptaMission2024-#विजय✌️
  • Vivek Kumar Gupta November 03, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta November 03, 2024

    नमो ...................🙏🙏🙏🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Digital India At 10: A Decade Of Transformation Under PM Modi’s Vision

Media Coverage

Digital India At 10: A Decade Of Transformation Under PM Modi’s Vision
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: State Visit of Prime Minister to Ghana
July 03, 2025

I. Announcement

  • · Elevation of bilateral ties to a Comprehensive Partnership

II. List of MoUs

  • MoU on Cultural Exchange Programme (CEP): To promote greater cultural understanding and exchanges in art, music, dance, literature, and heritage.
  • MoU between Bureau of Indian Standards (BIS) & Ghana Standards Authority (GSA): Aimed at enhancing cooperation in standardization, certification, and conformity assessment.
  • MoU between Institute of Traditional & Alternative Medicine (ITAM), Ghana and Institute of Teaching & Research in Ayurveda (ITRA), India: To collaborate in traditional medicine education, training, and research.

· MoU on Joint Commission Meeting: To institutionalize high-level dialogue and review bilateral cooperation mechanisms on a regular basis.