QuoteToday, Indian Railways is cleaner than ever. The broad gauge rail network has been made safer than ever before by unmanned gates: PM Modi
QuoteOpposition parties spreading fake news that MSP will be withdrawn: PM Modi on new farm bill
QuoteI assure the farmers that the MSP will continue in future the way it is happening today. Government will continue purchasing their produces: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে যাত্ৰীসকলৰ সুবিধাৰ্থে বিহাৰত নতুন ৰে’ল লাইন আৰু বৈদ্যুতিকৰণ প্ৰকল্প মুকলি কৰাৰ দেশবাসীক উদ্দেশ্যি ঐতিহাসিক কুশী ৰে’ল মহাসেতু উচৰ্গা কৰে৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিহাৰত ৰে’ল সংযোগৰ ক্ষেত্ৰত নতুন ইতিহাসৰ ৰচনা হৈছে৷ তেওঁ কয় যে ৩০০০ কোটি টকাৰ প্ৰকল্প যেনে কুশী মহাসেতু আৰু কিউল দলঙৰ মুকলি, বৈদ্যুতিকীকৰণ প্ৰকল্প, ৰে’লৱেত মেক ইন ইণ্ডিয়াৰ প্ৰচাৰ আৰু আজি মুকলি কৰা প্ৰকল্পসমূহত বুজনসংখ্যক চাকৰিৰ সৃষ্টি হোৱাৰ থল আছে৷ এই প্ৰকল্পসমূহে কেৱল বিহাৰৰ ৰে’ল নেটৱৰ্কক শক্তিশালী কৰাই নহয় বৰঞ্চ পশ্চিম বংগ আৰু পূব ভাৰতৰ ৰে’ল সংযোগকো শক্তিশালী কৰিব৷

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ জনসাধাৰণক এই নতুন আৰু আধুনিক সুবিধাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ কয় যে চাৰি বছৰ পূৰ্বে পাটনা আৰু মুংগেৰত জনসাধাৰণৰ সুবিধাৰ্থে দুখন মহাসেতুৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল৷ এতিয়া এই দুয়োখন ৰে’ল দলং মুকলিৰ জৰিয়তে উত্তৰ আৰু দক্ষিণ বিহাৰৰ মাজত ভ্ৰমণ সৰল হৈ উঠিব  আৰু ইয়াৰ দ্বাৰা উত্তৰ বিহাৰত উন্নয়নৰ নতুন পথো মুকলি হ’ব৷

|

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰায় আশী বছৰ পূৰ্বে বিভিন্ন ভূমিকম্পত মিথিলা আৰু কুশী অঞ্চল পৃথক হৈছিল যদিও আশ্বৰ্যজনকভাৱে ক’ৰোনাৰ দৰে মহামাৰীয়ে দুয়োখন স্থানক পুনৰ একত্ৰিত কৰিলে৷ তেওঁ কয় যে সৌপাল-আসনপুৰ-কুপাহা ৰে’লপথ ৰাষ্ট্ৰবাসীলৈ উচৰ্গা কৰা হৈছে আৰু এয়া সম্ভৱ হৈছে প্ৰব্ৰজিত শ্ৰমিকসকলৰ নেৰা-নেপেৰা প্ৰয়াসৰ দ্বাৰা৷ তেওঁ কয় যে ২০০৩ চনত শ্ৰী অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আৰু নীতিশ কুমাৰ ৰে’লমন্ত্ৰী হৈ থাকোতে মিথিলা আৰু কুশী অঞ্চলৰ লোকৰ সমস্যা হ্ৰাস কৰাৰ বাবে নতুন কুশী ৰে’ল লাইন বহুওৱা হৈছিল৷ তেওঁ কয় যে বৰ্তমানৰ চৰকাৰৰ সময়ত কামৰ গতি দ্ৰুত হৈছে আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি সৌপাল-আসনপুৰ-কুপাহা ৰে’ল পথৰ কাম সম্পূৰ্ণ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন ৰে’ল সেৱাৰ দ্বাৰা সৌপাল, আৰাৰিয়া আৰু ছাহাৰছা জিলাৰ লোকসকল অধিক উপকৃত হ’ব৷ তাৰোপৰি ই উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক বিকল্প পথো হৈ উঠিব৷ তেওঁ কয় যে মহাসেতুৰ জৰিয়তে ৩০০ কিলোমিটাৰৰ পথ ২২ কিলোমিটাৰলৈ হ্ৰাস হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কুশী মহাসেতুৰ দৰে আন এক নতুন ৰে’লপথ কিউল নদীত স্থাপন কৰা হৈছে য’ত প্ৰতি ঘণ্টাত ১২৫ কিলোমিটাৰ বেগত বৈদ্যুতিক ইণ্টাৰল’কিং সুবিধাযুক্ত ৰে’লেৰে যাত্ৰা কৰিব পৰা হ’ব৷ তেওঁ কয় যে বৈদ্যুতিক ইণ্টাৰল’কিঙে  হাওড়া-দিল্লীৰ পৰা প্ৰধান লাইনত ৰে’লসমূহৰ স্থানান্তৰ সহজ হৈ উঠিব৷

তেওঁ কয় যে বিগত ৬টা বছৰত ভাৰতীয় ৰে’লৱেক আত্মনিৰ্ভৰ ভাৰতৰ প্ৰত্যাশা পূৰণ কৰিব পৰাকৈ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে৷ তেওঁ কয় যে ভাৰতীয় ৰে’লৱে পূৰ্বতকৈ অধিক স্বচ্ছ হৈছে৷ তেওঁ কয় যে ভাৰতীয় ৰে’লৰ গতিও বৃদ্ধি কৰা হৈছে৷ বন্দে ভাৰতৰ দৰে আধুনিক ৰে’ল ৰে’ল নেটৱৰ্কত সংযোজিত হৈছে৷

|

বিগত কেইটামান বৰ্ষত মেক ইন ইণ্ডিয়াক প্ৰসাৰিত কৰাৰ বাবে মাধেপুৰাত বৈদ্যুতিক লক’ কাৰখানা আৰু মাৰহাওৰাত ডিজেল লক’ কাৰখানা স্থাপন কৰা হৈছে৷ দুয়োটা প্ৰকল্পত প্ৰায় ৪৪০০০ কোটি টকা বিনিয়োগ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰৰ প্ৰায় ৯০% ৰে’ল নেটৱৰ্ক বৈদ্যুতিকীকৰণ কৰা হৈছে৷ বিহাৰত বিগত ছটা বৰ্ষত ৩০০০তকৈ অধিক কিলোমিটাৰ পথ বৈদ্যুতিকীকৰণ কৰা হৈছে৷ তেওঁ কয় যে অন্য ১০০০ কিলোমিটাৰ নতুন ৰে’ল পথ নিৰ্মাণৰ কাম চলি আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে হাজিপুৰ-ঘোশ্বৰ-বৈশালী ৰে’ল পথ, দিল্লী আৰু পাটনা প্ৰত্যক্ষ ৰে’ল সেৱাৰে সংযোজিত কৰা হ’ব৷ এই সেৱাৰ দ্বাৰা বৈশালীৰ পৰ্যটনৰ নতুন সুবিধা বিকশিত হ’ব আৰু ন ন কৰ্ম সংস্থাপনৰ সৃষ্টি হ’ব৷ এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত যাত্ৰীবাহী ৰে’লৰ বিলম্ব হ্ৰাস হ’ব আৰু সামগ্ৰী পৰিবহণতো সহায়ক হ’ব৷

ক’ৰোনাৰ সময়ছোৱাত ভাৰতীয় ৰে’লৱেয়ে আগবঢ়াই অহা নিৰৱচ্ছিন্ন সেৱাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ নিয়োজন তথা তেওঁলোকক ঘূৰাই অনাত শ্ৰমিক বিশেষ ৰে’লৰ ব্যৱস্থাৰ দ্বাৰা ৰে’লৱেয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে ক’ৰোনাৰ সময়ছোৱাতে দেশৰ প্ৰথমখন কিষাণ ৰে’ল বিহাৰ আৰু মহাৰাষ্ট্ৰৰ মাজত চলোৱা হৈছিল৷

|

ক’ৰোনাৰ সময়ছোৱাত ভাৰতীয় ৰে’লৱেয়ে আগবঢ়াই অহা নিৰৱচ্ছিন্ন সেৱাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ নিয়োজন তথা তেওঁলোকক ঘূৰাই অনাত শ্ৰমিক বিশেষ ৰে’লৰ ব্যৱস্থাৰ দ্বাৰা ৰে’লৱেয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে ক’ৰোনাৰ সময়ছোৱাতে দেশৰ প্ৰথমখন কিষাণ ৰে’ল বিহাৰ আৰু মহাৰাষ্ট্ৰৰ মাজত চলোৱা হৈছিল৷

কৃষি সংস্কাৰ বিধেয়ক

প্ৰধানমন্ত্ৰীয়ে কয় যে কালি দেশত কৃষি সংস্কাৰমূলক এখন ঐতিহাসিক বিধেয়ক মুকলি কৰা হৈছে৷ এই কৃষি সংস্কাৰমূলক বিধেয়কখনৰ দ্বাৰা আমাৰ কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন বাধা আঁতৰিব৷ এই সংস্কাৰমূলক বিধেয়কখনৰ দ্বাৰা আমাৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ বিভিন্ন সুবিধা লাভ কৰিবলৈ সমৰ্থ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ তেওঁ কয় যে এই সংস্কাৰসমূহে কৃষকসকলক মধ্যভোগীৰ পৰা ৰক্ষা কৰিব৷

|

কৃষি সংস্কাৰমূলক বিধেয়ক সন্দৰ্ভত উত্থাপন হোৱা বিভিন্ন সমালোচনা আৰু ভ্ৰান্তিসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কিছুমান লোকে দশকজুৰি দেশৰ কৃষকসকলক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছে৷ তেওঁ কয় যে এপিএমচি আইনত কৃষিজাত বজাৰত পৰিৱৰ্তনৰ সুবিধাসমূহ বিৰোধী দলেও তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল৷ তেওঁ কয় যে এপিএমচি আইনৰ দ্বাৰা হোৱা ক্ষতি অনুধাৱন কৰি বিহাৰৰ মুখ্যমন্ত্ৰীয়ে এই আইন বিহাৰৰ পৰা প্ৰত্যাহাৰ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে৷ পশুধনক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰজোৰা অভিযানৰো সূচনা কৰা হৈছে৷ ভাষণত তেও স্পষ্ট ভাষাৰে কৃষকসকলক বিচলিত কৰিব পৰা লোকসকলক সাৱধান হ’বলৈ সকীয়াই দিয়ে৷

 

Click here to read full text speech

  • Reena chaurasia August 31, 2024

    BJP BJP
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 14, 2022

    🌷🌷🌷🌷🌷
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 14, 2022

    🌹🌹🌹🌹🌹
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 14, 2022

    🙏🙏🙏
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad July 14, 2022

    🌹🌹
  • Shivkumragupta Gupta July 03, 2022

    जय भारत
  • Shivkumragupta Gupta July 03, 2022

    जय हिंद
  • Shivkumragupta Gupta July 03, 2022

    जय श्री सीताराम
  • Shivkumragupta Gupta July 03, 2022

    जय श्री राम
  • Laxman singh Rana February 22, 2022

    namo namo 🇮🇳🙏🚩🚩
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
When PM Modi Visited ‘Mini India’: A Look Back At His 1998 Mauritius Visit

Media Coverage

When PM Modi Visited ‘Mini India’: A Look Back At His 1998 Mauritius Visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
I reaffirm India’s commitment to strong bilateral relations with Mauritius: PM at banquet hosted by Mauritius President
March 11, 2025

Your Excellency राष्ट्रपति धरमबीर गोकुल जी,

First Lady श्रीमती बृंदा गोकुल जी,
उप राष्ट्रपति रोबर्ट हंगली जी,
प्रधान मंत्री रामगुलाम जी,
विशिष्ट अतिथिगण,

मॉरिशस के राष्ट्रीय दिवस समारोह में मुख्य अतिथि के रूप में एक बार फिर शामिल होना मेरे लिए सौभाग्य की बात है।

इस आतिथ्य सत्कार और सम्मान के लिए मैं राष्ट्रपति जी का हार्दिक आभार व्यक्त करता हूँ।
यह केवल भोजन का अवसर नहीं है, बल्कि भारत और मॉरीशस के जीवंत और घनिष्ठ संबंधों का प्रतीक है।

मॉरीशस की थाली में न केवल स्वाद है, बल्कि मॉरीशस की समृद्ध सामाजिक विविधता की झलक भी है।

इसमें भारत और मॉरीशस की साझी विरासत भी समाहित है।

मॉरीशस की मेज़बानी में हमारी मित्रता की मिठास घुली हुई है।

इस अवसर पर, मैं - His Excellency राष्ट्रपति धरमबीर गोकुल जी और श्रीमती बृंदा गोकुल जी के उत्तम स्वास्थ्य और कल्याण; मॉरीशस के लोगों की निरंतर प्रगति, समृद्धि और खुशहाली की कामना करता हूँ; और, हमारे संबंधों के लिए भारत की प्रतिबद्धता दोहराता हूँ

जय हिन्द !
विवे मॉरीस !