Quote"সময়ৰ লগে লগে ইন্দোৰ পৰিৱৰ্তিত হৈছে, কিন্তু কেতিয়াও দেৱী অহল্যাবাঈৰ অনুপ্রেৰণা হেৰোৱা নাই"
Quote"অহা দুবছৰৰ ভিতৰত ৭৫টা বৃহৎ পৌৰসভাত গোবৰ-ধন জৈৱ চিএনজি কেন্দ্র প্রতিষ্ঠা কৰা হ'ব"

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ইন্দোৰত ‘গোবৰ-ধন (জৈৱ-চিএনজি) কেন্দ্রৰ উদ্বোধন কৰিছে। অনুষ্ঠানত মধ্যপ্রদেশৰ ৰাজ্যপাল মাঙ্গুভাই চি প্যালেট, মুখ্যমন্ত্রী শ্রী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় মন্ত্রী শ্রী হৰদীপ সিং পুৰি সহ অন্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

প্রধানমন্ত্রীয়ে ৰাণী অহল্যাবাঈক শ্রদ্ধা জনায়। ইন্দোৰ চহৰৰ সৈতে তেওঁৰ যোগসূত্রৰ কথাও স্মৰণ কৰে। তেওঁ কয়, ইন্দোৰৰ কথা ক'বলৈ গ'লে দেৱী অহল্যাবাঈ হোলকাৰৰ সেৱাৰ কথা উত্থাপিত হয়। সময়ৰ লগে লগে ইন্দোৰ পৰিৱৰ্তিত হৈছে, কিন্তু কেতিয়াও দেৱী অহল্যাবাঈৰ অনুপ্রেৰণা হেৰোৱা নাই। শ্রী মোদীয়ে কাশী বিশ্বনাথ ধামত দেৱী অহল্যাবাঈৰ সুন্দৰ মূর্তিৰ কথাও উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে গোবৰ-ধন কেন্দ্রৰ গুৰুত্বৰ ওপৰত জোৰ দি জনায়, চহৰৰ গৃহস্থৰ বর্জ্য আৰু গৰু আদি পশু তথা গোহালিৰ বর্জ্যৰ পৰা জৈৱ সাৰ প্ৰস্তুত হ'ব। তেওঁ জনায়, গোবৰ-ধনৰ পৰা স্বচ্ছ ইন্ধন তথা তাৰপৰা এক সুশৃঙ্খল জীৱনযাপন সুনিশ্চিত কৰি তুলিব। অহা ২ বছৰৰ ভিতৰত ৭৫টা বৃহৎ পৌৰসভাত গোবৰ-ধন জৈৱ চিএনজি কেন্দ্র প্রতিষ্ঠা কৰা হ'ব বুলিও প্রধানমন্ত্রীয়ে জনায়। তেওঁ কয়, এই প্রচাৰাভিযানে দেশৰ চহৰক পৰিচ্ছন্ন, দূষণ মুক্ত আৰু স্বচ্ছ শক্তিৰ দিশত আগবঢ়াই লৈ যাব। তেওঁ কয়, কেৱল চহৰেই নহয়, গাঁৱতো গোবৰ-ধন কেন্দ্র প্রতিষ্ঠা কৰা হৈছে। ইয়াৰ ফলত কৃষকসকলৰ আয় বৃদ্ধি হৈছে। এই উদ্যোগ গ্রহণৰ ফলত গৰু আদি পশুপালনত থকা সমস্যা মোকাবিলাত বিশেষ সহায় হৈছে বুলিও উল্লেখ কৰে তেওঁ।

প্রধানমন্ত্রীয়ে কয়, যোৱা ৭ বছৰত চৰকাৰে দ্রুততাৰে যিকোনো সমস্যাৰ স্থায়ী সমাধান কৰাৰ চেষ্টা কৰিছে। তেওঁ কয়, স্বচ্ছ ভাৰত মিছনৰ দ্বিতীয় পৰ্যায়ত, চৰকাৰে লাখ লাখ টন আবর্জনা পৰিষ্কাৰৰ কাম কৰিছে। তেওঁ কয়, এই আবর্জনাৰ পৰাই বায়ু আৰু পানী দূষণ ঘটিছে। যাৰ পৰা নানান ৰোগে দেখা দিছে। স্বচ্ছ ভাৰত অভিযানে মহিলাসকলৰ মর্যাদা বৃদ্ধি আৰু চহৰ তথা গাঁৱৰ সৌন্দর্যায়নৰ পথ প্রশস্ত কৰিছে। অহা ২-৩ বছৰৰ ভিতৰত এই আবর্জনাৰ পাহাৰক দূৰত আঁতৰাই ৰাখি গ্রীণ জ'নলৈ ৰূপান্তৰ কৰা হ'ব বুলিও তেওঁ জনায়। ২০১৪ চনৰ পৰা দেশত আবর্জনা নিষ্কাশনৰ ক্ষমতা ৪ গুণ বৃদ্ধি পাইছে। শ্রী মোদীয়ে কয়, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তি পাবলৈ চৰকাৰে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে।

প্রধানমন্ত্রীয়ে স্বচ্ছতা আৰু পর্যটনৰ মাজত যোগসূত্রৰ কথা উত্থাপন কৰে। তেওঁ কয়, স্বচ্ছতাই পর্যটনৰ দিশক আগবঢ়াই লৈ যায় আৰু এটা নতুন অর্থনীতিৰ জন্ম দিয়ে। এই সংযোগৰ উদাহৰণ হিচাপে তেওঁ পৰিচ্ছন্ন চহৰ হিচাপে ইন্দোৰৰ সাফল্যৰ কথা উল্লেখ কৰে। তেওঁ কয়, “ভাৰতীয় চহৰবিলাকত চৰকাৰে এই ধৰণৰ প্রয়াস চালাই গৈছে। স্বচ্ছ ভাৰত মিছনৰ দ্বিতীয় পর্যায়ৰ ওপৰত বিশেষ জোৰ দিয়া হৈছে”।

|

প্রধানমন্ত্রীয়ে পেট্রোলৰ সৈতে ইথানল মিশ্রণ বৃদ্ধিৰ কথা উল্লেখ কৰে। তেওঁ কয়, যোৱা ৭-৮ বছৰত এই মিশ্রণৰ হাৰ ১ শতাংশৰ পৰা বৃদ্ধি পাই ৮ শতাংশ হৈছে। এই সময়ৰ ভিতৰত ইথানলৰ সৰবৰাহৰ পৰিমাণ উল্লেখযোগ্যভাৱে বাঢ়িছে। তেওঁ কয়, যোৱা কেইবছৰ মানত এই ইথানল সৰবৰাহ ৪০ কোটি লিটাৰৰ পৰা বাঢ়ি ৩০০ কোটি লিটাৰ হৈছে। ইয়াৰ ফলত চেনিকল আৰু কৃষকসকলৰ সহায় হৈছে।

|

বাজেটৰ বিভিন্ন গুৰুত্বপূর্ণ সিদ্ধান্তৰ কথাও আজি উল্লেখ কৰে প্রধানমন্ত্রীয়ে। কয়লাভিত্তিক বিদ্যুৎ উৎপাদন কেন্দ্রবিলাকত ফচলৰ অৱশিষ্টাংশ ব্যৱহাৰ কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয়, “ই কৃষকসকলৰ সমস্যা দূৰ কৰাত সহায় কৰিব আৰু কৃষি-বর্জ্যৰ পৰা কৃষকসকলৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ কৰি দিব”।

প্রধানমন্ত্রীয়ে আজি স্বচ্ছতাৰ বাবে অক্লান্ত পৰিশ্রম কৰি চলা দেশৰ লাখ লাখ চাফাই কর্মীৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে। মহামাৰীৰ সময়ত তেওঁলোকৰ সেৱামূলক কাম চলাই যোৱাৰ বাবে বিশেষভাৱে ধন্যবাদ জনায় প্রধানমন্ত্রীয়ে। কুম্ভৰ সময়ত প্রয়াগৰাজত ভৰি ধুই চাফাই কৰ্মীসকলৰ প্রতি যি সন্মান দেখুৱাইছিল সেই কথাও উল্লেখ কৰে তেওঁ।

|

প্রেক্ষাপট :

সম্প্রতি প্রধানমন্ত্রীয়ে ‘আবর্জনামুক্ত চহৰ’ নিৰ্মাণৰ সামগ্রিক দৃষ্টিভঙ্গী লৈ স্বচ্ছ ভাৰত মিছনে চহৰাঞ্চল ২.০ৰ সূচনা কৰিছে। এই মিছনে ‘বর্জ্যৰ পৰা সম্পদ’ আৰু সর্বাধিক সম্পদ পুনৰুদ্ধাৰত ‘বৃত্তাকাৰ অর্থনীতি’ৰ প্রধান নীতিৰ আওতাত বাস্তবায়িত হৈছে। এই দুটা বিষয়ৰ উদাহৰণ হ'ল ইন্দোৰৰ এই জৈৱ চিএনজি কেন্দ্র।

এই কেন্দ্রৰ দৈনিক ৫৫০ টন ভিজা জৈৱ বর্জ্য শোধন কৰাৰ ক্ষমতা আছে। দৈনিক প্রায় ১৭ হাজাৰ কেজি চিএনজি আৰু দৈনিক ১০০ টন জৈৱ সাৰ উৎপাদন কৰা যাব এই কেন্দ্রৰ পৰা। এই কেন্দ্রটোৱে শূন্য লেণ্ডফিল মডেলৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। গ্রীণহাউছ গেছ নির্গমন হ্রাস, জৈৱ সাৰ প্ৰস্তুত কৰাৰ দৰে একাধিক সুবিধা আছে এই কেন্দ্রত।

ইন্দোৰ ক্লিন এনার্জি প্রাইভেট লিমিটেডে এই প্রকল্প বাস্তবায়নত এখন বিশেষ উদ্দেশ্যমূলক যান সাজু কৰিছে। ইন্দোৰ পৌৰনিগম আৰু ইন্দোৰ এনভাইৰো ইন্টিগ্রেটেড ছলিউশন লিমিটেডে বেচৰকাৰী অংশীদাৰিত্বৰ আওতাত এই প্রকল্প বাস্তবায়নত দেৰশ কোটি টকা মূলধন বিনিয়োগ কৰিছে। ইন্দোৰ পৌৰনিগমে এই কেন্দ্রত উৎপাদিত ন্যূনতম ৫০ শতাংশ চিএনজি কিনি ল'ব। এই চিএনজিৰ মাধ্যমত ২৫০খন চহৰ কেন্দ্রিক বাছ চলোৱা হ'ব। বাকী পৰিমাণ চিএনজি খোলা বজাৰত বিক্রী কৰা হ'ব। এই কেন্দ্রত প্ৰস্তুত জৈৱ সাৰ কৃষি আৰু উদ্যান পালনৰ বাবে ব্যৱহৃত হ'ব।

Click here to read PM's speech

  • G.shankar Srivastav August 11, 2022

    नमस्ते
  • Jayanta Kumar Bhadra May 18, 2022

    Jay Sree Ram
  • Jayanta Kumar Bhadra May 18, 2022

    Jay Sri Ganga
  • Jayanta Kumar Bhadra May 18, 2022

    Jay Sree Ganesh
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳🌷
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳
  • G.shankar Srivastav April 09, 2022

    जय हो
  • Vivek Kumar Gupta March 27, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta March 27, 2022

    नमो नमो.
  • Vivek Kumar Gupta March 27, 2022

    जयश्रीराम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Boost for Indian Army: MoD signs ₹2,500 crore contracts for Advanced Anti-Tank Systems & military vehicles

Media Coverage

Boost for Indian Army: MoD signs ₹2,500 crore contracts for Advanced Anti-Tank Systems & military vehicles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM speaks with HM King Philippe of Belgium
March 27, 2025

The Prime Minister Shri Narendra Modi spoke with HM King Philippe of Belgium today. Shri Modi appreciated the recent Belgian Economic Mission to India led by HRH Princess Astrid. Both leaders discussed deepening the strong bilateral ties, boosting trade & investment, and advancing collaboration in innovation & sustainability.

In a post on X, he said:

“It was a pleasure to speak with HM King Philippe of Belgium. Appreciated the recent Belgian Economic Mission to India led by HRH Princess Astrid. We discussed deepening our strong bilateral ties, boosting trade & investment, and advancing collaboration in innovation & sustainability.

@MonarchieBe”