Quoteউন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে স্বাস্থ্য, ৰে’ল, পথ, তেল আৰু গেছৰ দৰে খণ্ড
Quote‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ত নতুন দৰ্শন শাৰী চৌহদ উদ্বোধন কৰে
Quoteনীলৱান্দে বান্ধৰ বাওঁ কাষৰ নলা-প্ৰণালী উৎসৰ্গা কৰে
Quote'নমো শেতকাৰী মহাসন্মান নিধি যোজনা'ৰ শুভাৰম্ভ কৰে
Quoteহিতাধিকাৰীসকলক ‘আয়ুষ্মান কাৰ্ড’ আৰু ‘স্বামিত্ব পত্ৰ’ বিতৰণ কৰে
Quote"সামাজিক ন্যায়ৰ প্ৰকৃত অৰ্থ হৈছে দাৰিদ্ৰৰ পৰা ৰাষ্ট্ৰৰ মুক্তি আৰু দৰিদ্ৰসকলৰ বাবে পৰ্যাপ্ত সুযোগৰ নিশ্চয়তা"
Quoteশ্ৰী মোদীয়ে হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড আৰু স্বামিত্ব কাৰ্ডো বিতৰণ কৰে।
Quoteদিনটোৰ আৰম্ভণিতে শ্ৰী মোদীয়ে শিৰডীৰ ‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ত পূজা আৰু দৰ্শন কৰে আৰু ‘নীলৱান্দে বান্ধ’ৰ ‘জল পুজন’ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে।
Quote‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ৰ ‘দৰ্শন শাৰী চৌহদ’ৰ বিষয়ে ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে ২০১৮ চনৰ অক্টোবৰ মাহত ইয়াৰ আধাৰশিলা স্থাপনৰ কৰাৰ বিষয়ে অৱগত কৰে আৰু কয় যে এই পদক্ষেপে ভাৰত আৰু বিদেশৰ তীৰ্থযাত্ৰীসকলৰ সুবিধা আৰু বৃদ্ধি কৰিব।
Quoteপ্ৰধানমন্ত্ৰীয়ে আজি পুৱা ‘ৱাৰকাৰী সম্প্ৰদায়’ৰ বাবা মহাৰাজ সাতাৰকাৰৰ দুখজনক মৃত্যুৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে বাবা মহাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কীৰ্তন আৰু প্ৰবচনৰ দ্বাৰা তেওঁ অব্যাহত ৰখা সামাজিক সজাগতামূলক কৰ্মৰাজীৰ কথা স্মৰণ কৰে, যিয়ে অনাগত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই থাকিব।
Quoteশ্ৰী মোদীয়ে নতুনকৈ আৰম্ভ কৰা ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি’ৰ কথাও উল্লেখ কৰে যিয়ে ১৩,০০০ কোটি টকাৰো অধিক চৰকাৰী পুঁজিৰে লাখ লাখ কাঠমিস্ত্ৰী, সোণোৱাল, কুমাৰ আৰু ভাস্কৰ্যশিল্পীৰ পৰিয়ালক সহায় কৰিবলৈ আৰম্ভ কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ শিৰডীত স্বাস্থ্য, ৰে'ল, পথ, তেল আৰু গেছৰ দৰে খণ্ডত প্ৰায় ৭৫০০ কোটি টকা ব্যয় সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই লানি উন্নয়ন মূলক প্ৰকল্পৰ ভিতৰত আছে আহমেদনগৰ অসামৰিক চিকিৎসালয়ত স্থাপন কৰা আয়ুষ চিকিৎসালয়; কুৰ্দুৱাড়ী-লাতুৰ ৰোড ৰে’ল শাখাৰ বৈদ্যুতিকীকৰণ (১৮৬ কিলোমিটাৰ); জলগাঁৱক ভুচাৱলৰ সৈতে সংযোগ কৰা তৃতীয় আৰু চতুৰ্থটো ৰে’লপথ (২৪.৪৬কিলোমিটাৰ); ৰাষ্ট্ৰীয় ঘাইপথ-১৬৬ (পেকেজ-১)ৰ চাংলিৰ পৰা বৰগাঁও শাখালৈ চাৰি লেন; আৰু ‘ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড’ৰ ‘মনমাদ টাৰ্মিনেল’ত অতিৰিক্ত সা-সুবিধাৰ সংযোজন। তেওঁ ‘আহমেদনগৰ অসামৰিক চিকিৎসালয়ত মাতৃ আৰু শিশু স্বাস্থ্য শাখা’ৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰী মোদীয়ে হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড আৰু স্বামিত্ব কাৰ্ডো বিতৰণ কৰে।

 

|

অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত শ্ৰী মোদীয়ে ‘নীলৱান্দে বান্ধ’ৰ বাঁও পাৰ (৮৫ কিলোমিটাৰ) নলা-প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গিতৰ্গা কৰাৰ উপৰি শিৰডীত নতুন দৰ্শনাৰ্থীৰ বাবে নিৰ্মাণ কৰা চৌহদ উদ্বোধন কৰে আৰু ৮৬ লাখতকৈয়ো অধিক কৃষক-হিতাধিকাৰীক লাভান্বিত কৰি 'নমো শেতকাৰী মহাসন্মান নিধি যোজনা' মুকলি কৰে।

দিনটোৰ আৰম্ভণিতে শ্ৰী মোদীয়ে শিৰডীৰ ‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ত পূজা আৰু দৰ্শন কৰে আৰু ‘নীলৱান্দে বান্ধ’ৰ ‘জল পুজন’ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে।

 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সাইবাবাৰ আশীৰ্বাদত ৭৫০০ কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। বিগত ৫ দশক ধৰি স্থগিত হৈ থকা নীলৱান্দে বান্ধৰ কামৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আজি ইয়াৰ উদ্বোধন সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ সেই স্থানত ‘জল পুজন’ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ সংশ্লিষ্ট সকলোৰে প্ৰতি কৃতজ্ঞতা জনায়। ‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ৰ ‘দৰ্শন শাৰী চৌহদ’ৰ বিষয়ে ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে ২০১৮ চনৰ অক্টোবৰ মাহত ইয়াৰ আধাৰশিলা স্থাপনৰ কৰাৰ বিষয়ে অৱগত কৰে আৰু কয় যে এই পদক্ষেপে ভাৰত আৰু বিদেশৰ তীৰ্থযাত্ৰীসকলৰ সুবিধা আৰু বৃদ্ধি কৰিব।

 

|

প্ৰধানমন্ত্ৰীয়ে আজি পুৱা ‘ৱাৰকাৰী সম্প্ৰদায়’ৰ বাবা মহাৰাজ সাতাৰকাৰৰ দুখজনক মৃত্যুৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে বাবা মহাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কীৰ্তন আৰু প্ৰবচনৰ দ্বাৰা তেওঁ অব্যাহত ৰখা সামাজিক সজাগতামূলক কৰ্মৰাজীৰ কথা স্মৰণ কৰে, যিয়ে অনাগত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই থাকিব।  

"সামাজিক ন্যায়ৰ প্ৰকৃত অৰ্থ হৈছে দৰিদ্ৰ্যৰ পৰা ৰাষ্ট্ৰৰ মুক্তি আৰু দৰিদ্ৰসকলৰ বাবে পৰ্যাপ্ত সুযোগৰ নিশ্চয়তা।" প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ 'সবকা সাথ সবকা বিকাশ'ৰ মন্ত্ৰষাৰো দোহাৰে।  তেওঁ উল্লেখ কৰে যে দৰিদ্ৰ লোকসকলৰ কল্যাণ হৈছে দ্বৈত ইঞ্জিন চৰকাৰৰ সৰ্বোচ্চ প্ৰাথমিকতা আৰু দেশৰ অৰ্থনীতি সম্প্ৰসাৰিত হোৱাৰ দৰেই ইয়াৰ বাবেও পুঁজি বৃদ্ধি কৰা হৈছে বুলি তেওঁ তথ্য দাঙি ধৰে। তেওঁ মহাৰাষ্ট্ৰৰ হিতাধিকাৰীসকলৰ মাজত ১ কোটি ১০ লাখ আয়ুষ্মান কাৰ্ড বিতৰণ কৰাৰ কথা উল্লেখ কৰে, যিয়ে ৫ লাখ টকালৈকে স্বাস্থ্য বীমা লাভৰ সুযোগ প্ৰদান কৰিব, য'ত চৰকাৰে ৭০,০০০ কোটি টকা ব্যয় কৰিছে। তেওঁ দৰিদ্ৰ লোকসকলক বিনামূলীয়া ৰেচন প্ৰদান আৰু তেওঁলোকৰ বাবে পকী ঘৰ নিৰ্মাণৰ বাবে ৪ লাখ কোটি টকাৰ চৰকাৰী ব্যয়ৰ বিষয়েও তথ্য অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে উক্ত ব্যয় ২০১৪ চনৰ আগৰ দশকতকৈ ছগুণে বেছি। দৰিদ্ৰ লোকসকলৰ ঘৰলৈ টেপ সংযুক্ত নলীৰে পানী যোগান ধৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। দৰিদ্ৰ লোকসকলৰ ঘৰলৈ টেপ সংযুক্ত নলীৰে পানী যোগান ধৰাৰ বাবে চৰকাৰে ২ লাখ কোটি টকাতকৈয়ো অধিক টকা ব্যয় কৰিছে বুলি তথ্য দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী জানিবলৈ দিয়ে যে ‘স্বনিধি আঁচনি’ৰ অধীনত পথৰ দাঁতিত বেহা কৰা বেপাৰীসকলে হাজাৰ হাজাৰ টকালৈকে সাহায্য লাভ কৰিছে। শ্ৰী মোদীয়ে নতুনকৈ আৰম্ভ কৰা ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি’ৰ কথাও উল্লেখ কৰে যিয়ে ১৩,০০০ কোটি টকাৰো অধিক চৰকাৰী পুঁজিৰে লাখ লাখ কাঠমিস্ত্ৰী, সোণোৱাল, কুমাৰ আৰু ভাস্কৰ্যশিল্পীৰ পৰিয়ালক সহায় কৰিবলৈ আৰম্ভ কৰিছে।

 

|

ক্ষুদ্ৰ কৃষকসকলৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ কথা উল্লেখ কৰে যাৰ অধীনত ক্ষুদ্ৰ কৃষকসকলে, মহাৰাষ্ট্ৰৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে নিৰ্দ্ধাৰিত ২৬ হাজাৰ কোটি টকাসহ মুঠ ২ লাখ ৬০ হাজাৰ কোটি টকা লাভ কৰে। তেওঁ আনন্দ প্ৰকাশ কৰে যে মহাৰাষ্ট্ৰ চৰকাৰে 'নমো শেতকাৰী মহাসন্মান নিধি যোজনা' আৰম্ভ কৰিছে যাৰ অধীনত মহাৰাষ্ট্ৰৰ শেতকাৰী পৰিয়ালসমূহে অতিৰিক্ত ভাবে ৬০০০ টকাকৈ লাভ কৰিব, অৰ্থাৎ স্থানীয় ক্ষুদ্ৰ কৃষকসকলে সন্মান নিধিৰ পৰা ১২,০০০ টকাকৈ লাভ কৰিব, তেওঁ কয়।

 

১৯৭০ চনত অনুমোদিত আৰু ৫ দশক ধৰি অমীমাংসিত হৈ থকা ‘নীলৱান্দে প্ৰকল্প’ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰ শাসনলৈ অহাৰ পিছতহে এই প্ৰকল্প সম্পূৰ্ণ হৈছে। "কৃষকৰ নামত ভোটৰ ৰাজনীতি কৰা সকলে আপোনালোকক প্ৰতিটো টোপাল পানীৰ বাবেই হতাশত ভোগাইছিল," তেওঁ মাজতে কয়, "আজি ইয়াত ‘জল পুজন’ সম্পন্ন কৰা হ’ল।" তেওঁ উল্লেখ কৰে যে বিন্ধৰ সোঁ কাষৰ নলাসমূহ সোনকালেই কাৰ্যক্ষম হৈ উঠিব। তেওঁ বালিৰাজা জল সঞ্জীৱনী যোজনাৰ কথাও উল্লেখ কৰে, যিখন যোজনা ৰাজ্যখনৰ খৰাং পীড়িত অঞ্চলসমূহৰ বাবে এক আশীৰ্বাদ হিচাপে চিহ্নিত হৈছে। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰত আৰু ২৬টা জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণ কৰাৰ দিশত কাম কৰি আছে, যিবোৰ কেবা দশক ধৰি স্থগিত হৈ আছিল, যিকেইটা প্ৰকল্পই অঞ্চলটোৰ কৃষকসকলক যথেষ্ট ভাবে লাভান্বিত কৰি তুলিব।

 

|

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে কয় যে কৃষকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। যোৱা ৭টা বছৰত ‘এমএছপি’ৰ অধীনত ১৩.৫ লাখ কোটি টকাৰ খাদ্যশস্য ক্ৰয় কৰা হৈছে, আনহাতে পূৰ্বৰ চৰকাৰৰ এজন জ্যেষ্ঠ নেতাৰ কাৰ্যকালত এই পৰিমাণ আছিল মাত্ৰ ৩.৫ লাখ কোটি টকা। ২০১৪ চনৰ পিছত ১ লাখ ১৫ হাজাৰ কোটি টকাৰ তৈলবীজ আৰু মাহজাতীয় শস্য ক্ৰয় কৰা হৈছে, যাৰ বিপৰীতে আগতে ৫০০-৬০০ কোটি টকা পৰিমাণৰ ‘এমএছপি’ৰেহে ক্ৰয় কৰা হৈছিল। প্ৰত্যক্ষ লাভ হস্তান্তৰে দুৰ্নীতি আৰু দুৰ্নীতিৰ সুৰুঙা নোহোৱা কৰিছে, তেওঁ কয়।

 

|

ৰবি শস্যৰ বাবে ‘এমএছপি’ বৃদ্ধিৰ শেহতীয়া কেবিনেট সিদ্ধান্তটোৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে বুটৰ ‘এমএছপি’ ১০৫ টকা আৰু ঘেঁহু আৰু ‘চেফ্লাৱাৰ’ৰ ‘এমএছপি’ ১৫০ টকা পৰিমাণে বৃদ্ধি কৰা হৈছে। কুঁহিয়াৰৰ এমএছপি প্ৰতি কুইন্টালত ৩১৫ টকালৈ বৃদ্ধি কৰা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে বিগত ৯টা বছৰত প্ৰায় ৭০,০০০ কোটি টকাৰ ইথানল ক্ৰয় কৰা হৈছে আৰু কুঁহিয়াৰ খেতিয়কসকলৰ হাতলৈ ধন   আহিছে। "কুঁহিয়াৰ খেতিয়কসকলক সময় মতে পৰিশোধ নিশ্চিত কৰাৰ বাবে চেনীকল আৰু সমবায় সমিতিসমূহক হাজাৰ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে" বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰে সমবায় আন্দোলন শক্তিশালী কৰাৰ বাবে কাম কৰি আছে। সমগ্ৰ দেশতে ২ লাখতকৈয়ো অধিক সমবায় সমিতি গঠন কৰা হৈছে।" উন্নত সঞ্চয় আৰু পুৰণি সংৰক্ষণ সুবিধা নিশ্চিত কৰিবলৈ ‘পিএচি’ আৰু সমবায়সমূহক সুবিধা প্ৰদান কৰা হৈছে। ক্ষুদ্ৰ কৃষকসকলক ‘এফপিঅ'ৰ জৰিয়তে সংগঠিত কৰা হৈছে কিয়নো ৭৫০০ তকৈয়ো অধিক ‘এফপিঅ' ইতিমধ্যে কাৰ্যক্ষম হৈ আছে।

 

|

ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয়, "মহাৰাষ্ট্ৰ হৈছে অপৰিসীম সামৰ্থ্য আৰু সম্ভাৱনাৰ কেন্দ্ৰ। মহাৰাষ্ট্ৰ যিমানেই দ্ৰুতগতিত বিকশিত হ'ব, ভাৰতো সিমানেই দ্ৰুতগতিৰো বিকশিত হ'ব।" প্ৰধানমন্ত্ৰী মোদীয়ে মুম্বাই আৰু শিৰডীক সংযোগ কৰা ‘বন্দে ভাৰত ৰে'ল’ৰ ‘ফ্লেগ অফ’ কৰাৰ কথাও স্মৰণ কৰে আৰু মহাৰাষ্ট্ৰত ৰে'লৰ নেটৱৰ্ক নিৰন্তৰ ভাৱে সম্প্ৰসাৰিত হৈ থকাৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে জলগাঁও আৰু ভুচাৱলৰ মাজত তৃতীয় আৰু চতুৰ্থটো ৰে'লপথ মুকলি হোৱাৰ লগে লগে ‘মুম্বাই-হাওৰা ৰে'লপথ’ৰে চলাচল সহজ হৈ উঠিব। একেদৰে, চোলাপুৰৰ পৰা বৰগাঁৱলৈ চাৰি লেনযুক্ত পথ নিৰ্মাণৰ ফলত সমগ্ৰ কোঙ্কণ অঞ্চলৰ সংযোগ উন্নত হ'ব, যাৰ ফলত উদ্যোগসমূহৰ লগতে কুঁহিয়াৰ, আঙুৰ আৰু হালধিৰ খেতিয়কসকল উপকৃত হ'ব। "এই সংযোগে কেৱল পৰিবহণৰ বাবেই নহয়, প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবেও এক নতুন পথ সৃষ্টি কৰিব", তেওঁ অভিমত ব্যক্ত কৰে।

 

|

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ চিন্দে আৰু ৰজ্যখনৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ আৰু শ্ৰী অজিত পৱাৰ এই অনুষ্ঠানত উপস্থিত আছিল।

পৃভূমি

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা শিৰডীত নতুন ‘দৰ্শনাৰ্থীৰ শাৰী চৌহদ’ হৈছে ভক্তসকলৰ বাবে আৰামদায়ক অপেক্ষাক্ষেত্ৰ প্ৰদান কৰাৰ বাবে পৰিকল্পনা কৰা এক অত্যাধুনিক বৃহৎ ভৱন। ইয়াত দহ হাজাৰতকৈয়ো অধিক ভক্তৰ বাবে একত্ৰিত আসনৰ সামৰ্থ্য থকা কেবাটাও প্ৰতীক্ষাগৃহ আছে। ইয়াত শীতাতপ নিয়ন্ত্ৰিত ৰাজহুৱা সুবিধা যেনে ‘ক্ল'কৰুম’, শৌচালয়, ‘বুকিং কাউণ্টাৰ’, ‘প্ৰসাদ কাউণ্টাৰ’, তথ্যকেন্দ্ৰ আদিৰ সুবিধা সম্বলিত কৰা হৈছে। ২০১৮ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰীয়ে এই নতুন ‘দৰ্শন শাৰী চৌহদ’ৰ আধাৰশিলা স্থাপন কৰিছিল।

 

|

প্ৰধানমন্ত্ৰীয়ে ‘নীলৱান্দে বান্ধ’ৰ বাওঁ পাৰ(৮৫ কিলোমিটাৰ)ৰ নলাসমূহৰ প্ৰণালী ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। নলীৰ এক বৃহত্ প্ৰণালীৰে বিতৰণ কৰা ইয়াৰ পানীয়ে ৭ খন তহচিল (আহমেদনগৰ জিলাৰ ৬ খন আৰু নাছিক জিলাৰ ১ খন)ৰ ১৮২ খন গাঁও উপকৃত কৰিব।  ‘নীলৱান্দে বান্ধ’ৰ পৰিকল্পনা প্ৰথমবাৰৰ বাবে ১৯৭০ চনত কৰা হৈছিল। ইয়াক প্ৰায় ৫১৭৭ কোটি টকা ব্যয়েৰে বিকশিত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে 'নমো শেতকাৰী মহাসন্মেন নিধি যোজনা'ৰ শুভাৰম্ভ কৰে। এই যোজনাই মহাৰাষ্ট্ৰৰ ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা’ৰ ৮৬ লাখতকৈয়ো অধিক হিতাধিকাৰীক প্ৰতি বছৰে অতিৰিক্ত ভাবে ৬০০০ টকাকৈ প্ৰদান কৰি লাভান্বিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘আহমেদনগৰ অসামৰিক চিকিৎসালয়ৰ আয়ুষ চিকিৎসালয়’খনকে ধৰি একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা কৰে; কুৰ্দুৱাড়ী-লাতুৰ ৰোড ৰে’ল শাখাৰ বৈদ্যুতিকীকৰণ (১৮৬ কিলোমিটাৰ); জলগাঁৱক ভুচাৱলৰ সৈতে সংযোগ কৰা তৃতীয় আৰু চতুৰ্থটো ৰে’লপথ (২৪.৪৬কিলোমিটাৰ);  ৰাষ্ট্ৰীয় ঘাইপথ-১৬৬ (পেকেজ-১)ৰ চাংলিৰ পৰা বৰগাঁও শাখালৈ চাৰিলেন; আৰু ‘ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড’ৰ ‘মনমাদ টাৰ্মিনেল’ত অতিৰিক্ত সুবিধা। তেওঁ ‘আহমেদনগৰ অসামৰিক চিকিৎসালয়ত মাতৃ আৰু শিশু স্বাস্থ্য শাখা’ৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰী মোদীয়ে হিতাধিকাৰীসকলক ‘আয়ুষ্মান কাৰ্ড’ আৰু ‘স্বামিত্ব কাৰ্ড’ বিতৰণ কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Ram Raghuvanshi February 26, 2024

    Jay shree Ram
  • Pt Deepak Rajauriya jila updhyachchh bjp fzd December 24, 2023

    जय
  • SADHU KIRANKUMAR SRIKAKULAM DISTRICT BJP VICE PRESIDENT December 17, 2023

    jayaho Modiji 🚩🚩🚩🙏🙏 ~From~- _Sadhu kiran kumar_ SRIKAKULAM ROAD RAILWAY STASTION ROAD RAILWAY BOARD NUMBER *- బిజెపి శ్రీకాకుళం జిల్లా ఉపాధ్యక్షులు* . *- K. Y. N. Trust president*. *-ఆమదాలవలస సుగర్ ఫ్యాక్టరీ పరిరక్షణ సమితి అధ్యక్షులు*శ్రీకాకుళం జిల్లా. Ap*
  • Arun Potdar October 27, 2023

    धन्यवाद प्रधान मंत्री डॉ
  • Ram Kumar Singh October 26, 2023

    Modi hai to Mumkin hai
  • पंकज मिश्रा भोले October 26, 2023

    अति सुन्दर 🌹
  • Sanjib Neogi October 26, 2023

    Excellent initiative👏. Joy Modiji🙏.
  • ushaben pradeepbhai vadodariya October 26, 2023

    🙏🙏Jay shree ramji prabhu 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
  • Techi kurung October 26, 2023

    Jinda baad Jinda baad Narendra Modi ji Jinda baad
  • Ranjeet Kumar October 26, 2023

    Jai shree ram 🙏🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
After Operation Sindoor, a diminished terror landscape

Media Coverage

After Operation Sindoor, a diminished terror landscape
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM reviews status and progress of TB Mukt Bharat Abhiyaan
May 13, 2025
QuotePM lauds recent innovations in India’s TB Elimination Strategy which enable shorter treatment, faster diagnosis and better nutrition for TB patients
QuotePM calls for strengthening Jan Bhagidari to drive a whole-of-government and whole-of-society approach towards eliminating TB
QuotePM underscores the importance of cleanliness for TB elimination
QuotePM reviews the recently concluded 100-Day TB Mukt Bharat Abhiyaan and says that it can be accelerated and scaled across the country

Prime Minister Shri Narendra Modi chaired a high-level review meeting on the National TB Elimination Programme (NTEP) at his residence at 7, Lok Kalyan Marg, New Delhi earlier today.

Lauding the significant progress made in early detection and treatment of TB patients in 2024, Prime Minister called for scaling up successful strategies nationwide, reaffirming India’s commitment to eliminate TB from India.

Prime Minister reviewed the recently concluded 100-Day TB Mukt Bharat Abhiyaan covering high-focus districts wherein 12.97 crore vulnerable individuals were screened; 7.19 lakh TB cases detected, including 2.85 lakh asymptomatic TB cases. Over 1 lakh new Ni-kshay Mitras joined the effort during the campaign, which has been a model for Jan Bhagidari that can be accelerated and scaled across the country to drive a whole-of-government and whole-of-society approach.

Prime Minister stressed the need to analyse the trends of TB patients based on urban or rural areas and also based on their occupations. This will help identify groups that need early testing and treatment, especially workers in construction, mining, textile mills, and similar fields. As technology in healthcare improves, Nikshay Mitras (supporters of TB patients) should be encouraged to use technology to connect with TB patients. They can help patients understand the disease and its treatment using interactive and easy-to-use technology.

Prime Minister said that since TB is now curable with regular treatment, there should be less fear and more awareness among the public.

Prime Minister highlighted the importance of cleanliness through Jan Bhagidari as a key step in eliminating TB. He urged efforts to personally reach out to each patient to ensure they get proper treatment.

During the meeting, Prime Minister noted the encouraging findings of the WHO Global TB Report 2024, which affirmed an 18% reduction in TB incidence (from 237 to 195 per lakh population between 2015 and 2023), which is double the global pace; 21% decline in TB mortality (from 28 to 22 per lakh population) and 85% treatment coverage, reflecting the programme’s growing reach and effectiveness.

Prime Minister reviewed key infrastructure enhancements, including expansion of the TB diagnostic network to 8,540 NAAT (Nucleic Acid Amplification Testing) labs and 87 culture & drug susceptibility labs; over 26,700 X-ray units, including 500 AI-enabled handheld X-ray devices, with another 1,000 in the pipeline. The decentralization of all TB services including free screening, diagnosis, treatment and nutrition support at Ayushman Arogya Mandirs was also highlighted.

Prime Minister was apprised of introduction of several new initiatives such as AI driven hand-held X-rays for screening, shorter treatment regimen for drug resistant TB, newer indigenous molecular diagnostics, nutrition interventions and screening & early detection in congregate settings like mines, tea garden, construction sites, urban slums, etc. including nutrition initiatives; Ni-kshay Poshan Yojana DBT payments to 1.28 crore TB patients since 2018 and enhancement of the incentive to ₹1,000 in 2024. Under Ni-kshay Mitra Initiative, 29.4 lakh food baskets have been distributed by 2.55 lakh Ni-kshay Mitras.

The meeting was attended by Union Health Minister Shri Jagat Prakash Nadda, Principal Secretary to PM Dr. P. K. Mishra, Principal Secretary-2 to PM Shri Shaktikanta Das, Adviser to PM Shri Amit Khare, Health Secretary and other senior officials.