Quoteদুয়োজন নেতাই কেইবাটাও দ্বিপাক্ষিক বিষয়, বিশেষকৈ বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে
Quoteপ্ৰধানমন্ত্ৰীয়ে ইউনাইটেড কিংডমত ভাৰতীয় কূটনৈতিক প্ৰতিষ্ঠানৰ সুৰক্ষাৰ প্ৰসংগ উত্থাপন কৰে আৰু ভাৰত বিৰোধী শক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ আহ্বান জনায়
Quoteপ্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক অপৰাধীৰ প্ৰত্যাৱৰ্তনৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ তথ্য বিচাৰে
Quoteপ্ৰধানমন্ত্ৰী শ্ৰী ছুনাকে জি20ৰ ভাৰতৰ বৰ্তমানৰ অধ্যক্ষতাৰ বাবে ইউনাইটেড কিংডমৰ পূৰ্ণ সমৰ্থনৰ কথা দোহাৰে
Quoteপ্ৰধানমন্ত্ৰীয়ে বৈশাখীৰ পূৰ্ব সন্ধিয়া প্ৰধানমন্ত্ৰী শ্ৰী ছুনাকক শুভকামনা জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী ঋষি ছুনাকৰ সৈতে টেলিফোনত কথা পাতে।

দুয়োজন নেতাই ভাৰত-ইউকে ৰোডমেপ ২০৩০ৰ অংশ হিচাপে কেইবাটাও দ্বিপাক্ষিক বিষয়ৰ ওপৰত হোৱা অগ্ৰগতিৰ সমীক্ষা কৰে। তেওঁ শেহতীয়া উচ্চ স্তৰীয় আদান-প্ৰদান আৰু বিশেষকৈ বাণিজ্য তথা অৰ্থনৈতিক ক্ষেত্ৰত বৰ্ধিত সহযোগিতাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োজন নেতাই দুয়োখন দেশৰ মাজত পাৰস্পৰিক লাভজনক মুক্ত বাণিজ্য বুজাবুজি শীঘ্ৰে সম্পন্ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত সন্মতি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ইউনাইটেড কিংডমত ভাৰতীয় কূটনৈতিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষাৰ বিষয় উত্থাপন কৰে আৰু ইউনাইটেড কিংডম চৰকাৰৰ দ্বাৰা ভাৰত বিৰোধী শক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী ঋষি ছুনাকে অৱগত কৰে যে ইউনাইটেড কিংডমে ভাৰতীয় উচ্চায়োগৰ ওপৰত হোৱা আক্ৰমণক সম্পূৰ্ণৰূপে অস্বীকাৰ্য বুলি গণ্য কৰে। তেওঁ ভাৰতীয় মিছন আৰু তাৰ কৰ্মীসকলৰ সম্পূৰ্ণ সুৰক্ষাৰ আশ্বাস দিয়ে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ইউনাইটেড কিংডমত আশ্ৰয় লোৱা অৰ্থনৈতিক অপৰাধীৰ বিষয়ো উত্থাপন কৰে। তেওঁ এই পলাতকসকলৰ প্ৰত্যাৱৰ্তনৰ সৈতে জড়িত বিষয়ত অগ্ৰগতিৰ তথ্য বিচাৰে যাতে তেওঁলোক ভাৰতীয় ন্যায় ব্যৱস্থাৰ সন্মুখত উপস্থিত হ'ব পাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেপ্টেম্বৰ ২০২৩ত হোৱা জি20ৰ শিখৰ সন্মিলনত অন্তৰ্ভুক্ত হ'বলৈ প্ৰধানমন্ত্ৰী শ্ৰী ছুনাকক আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী শ্ৰী ছুনাকে জি20ৰ ভাৰতৰ অধ্যক্ষতাৰ সময়ত হোৱা অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু ভাৰতৰ বিভিন্ন পদক্ষেপ আৰু তাৰ সফলতাৰ বাবে ইউনাইটেড কিংডমৰ পূৰ্ণ সমৰ্থনৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে বৈশাখীৰ পূৰ্ব সন্ধিয়া প্ৰধানমন্ত্ৰী শ্ৰী ছুনাক আৰু ইউনাইটেড কিংডমত থকা ভাৰতীয় সমুদায়ৰ লোকসকলক শুভকামনা জনায়।

দুয়োজন নেতাই পৰস্পৰে পৰস্পৰৰ সৈতে সম্পৰ্ক যুক্ত হৈ থকাৰ ওপৰত সন্মত হয়।

 

  • Babla sengupta January 26, 2024

    Babla sengupta
  • Babla sengupta January 02, 2024

    Babla sengupta
  • Babla sengupta December 23, 2023

    Babla
  • Lalit Rathore November 09, 2023

    mere se bhi kar lo Baba 🙏🙏🙏
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 04, 2023

    Jay shree Ram
  • Vinay Jaiswal April 15, 2023

    जय हो नमों नमों
  • swapan ghosh April 15, 2023

    জয় শ্রী ভারত মাতার জয়
  • Sanjay Rawat April 15, 2023

    जय श्री राम। फिर एक बार मोदी सरकार।।
  • Raj kumar Das April 15, 2023

    भारत माता की जय🚩🚩
  • Patel Ghanshyam vastabhai April 14, 2023

    Aaj aap dusare kohinur se bat karte ho or aap ki or unaki bat bhi kohinur ki hi tarah chamke or pura visav rosan ho jay
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption

Media Coverage

In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 ফেব্ৰুৱাৰী 2025
February 24, 2025

6 Years of PM Kisan Empowering Annadatas for Success

Citizens Appreciate PM Modi’s Effort to Ensure Viksit Bharat Driven by Technology, Innovation and Research