প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত জৰ্জটাউনৰ ষ্টেট হাউচত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীক সাক্ষাৎ কৰে। ৰাজ্যিক সদনত উপস্থিত হোৱাৰ পিছত, তেওঁক ৰাষ্ট্ৰপতি আলীয়ে আদৰণি জনায় আৰু আনুষ্ঠানিক গাৰ্ড অফ অনাৰ প্ৰদান কৰে।

দুয়োগৰাকী নেতাৰ মাজত হোৱা বৈঠকৰ পাছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা হয়। ভাৰত আৰু গায়ানাৰ মাজত থকা ঐতিহাসিক সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত শক্তিশালী গতি প্ৰদান কৰিব। দুয়োগৰাকী নেতাই ভাৰত আৰু গায়ানাৰ মাজৰ বহুমুখী সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাপক আলোচনা কৰে, যাৰ ভিতৰত প্ৰতিৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য আৰু ফাৰ্মা, পৰম্পৰাগত ঔষধ, খাদ্য সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ক্ষমতা বিকাশ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক অন্যতম। শক্তি খণ্ডত চলি থকা সহযোগিতাৰ বুজ লৈ দুয়োগৰাকী নেতাই কয় যে হাইড্ৰ'কাৰ্বনৰ লগতে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ যথেষ্ট সম্ভাৱনা আছে। উন্নয়ন সহযোগিতা হৈছে ভাৰত-গায়ানা অংশীদাৰিত্বৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। প্ৰধানমন্ত্ৰীয়ে গায়ানাক ইয়াৰ উন্নয়নৰ আকাংক্ষা পূৰণৰ বাবে ভাৰতৰ নিৰন্তৰ সমৰ্থনৰ বিষয়ে অৱগত কৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহতো মত বিনিময় কৰে। দুয়োগৰাকী নেতাই জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে অধিক সহযোগিতাৰ প্ৰতি সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ দ্বাৰা আয়োজিত ভইচ অৱ দ্য গ্লোবেল চাউথ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি আলীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই গ্লোবেল চাউথৰ দেশসমূহৰ মাজত সংহতি শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ সহমত প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে নিয়মীয়া ব্যৱধানত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিবলৈ সন্মত হয়। এই ভ্ৰমণৰ সময়ত দহখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

 

  • கார்த்திக் January 01, 2025

    🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️ 🙏🏾Wishing All a very Happy New Year 🙏 🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
  • balakrishna ketha December 16, 2024

    jai ho
  • balakrishna ketha December 16, 2024

    jai modi
  • ram Sagar pandey December 09, 2024

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹🌹🌹🙏🙏🌹🌹जय माता दी 🚩🙏🙏जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹🌹🌹🙏🙏🌹🌹
  • Preetam Gupta Raja December 09, 2024

    जय श्री राम
  • கார்த்திக் December 08, 2024

    🌺ஜெய் ஸ்ரீ ராம்🌺जय श्री राम🌺જય શ્રી રામ🌹 🌺ಜೈ ಶ್ರೀ ರಾಮ್🌺ଜୟ ଶ୍ରୀ ରାମ🌺Jai Shri Ram 🌹🌹 🌺জয় শ্ৰী ৰাম🌺ജയ് ശ്രീറാം 🌺 జై శ్రీ రామ్ 🌹🌸
  • JYOTI KUMAR SINGH December 08, 2024

    🙏
  • parveen saini December 06, 2024

    Jai ho
  • Chandrabhushan Mishra Sonbhadra December 05, 2024

    🕉️🕉️
  • Chandrabhushan Mishra Sonbhadra December 05, 2024

    🕉️
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
For PM Modi, women’s empowerment has always been much more than a slogan

Media Coverage

For PM Modi, women’s empowerment has always been much more than a slogan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মাৰ্চ 2025
March 08, 2025

Citizens Appreciate PM Efforts to Empower Women Through Opportunities