প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অইল ইণ্ডিয়া লিমিটেডে মুক্ত একৰ অনুজ্ঞা নীতি ব্যৱস্থাৰ অধীনত ওড়িশাৰ মহানদী উপকূলীয় অৱবাহিকাত প্ৰথমটো অন্বেষণমূলক কুঁৱা পুৰী-১ আৰম্ভ কৰি শক্তি খণ্ডত ভাৰতক আত্মনিৰ্ভৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ টুইটত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"এইটো লক্ষণীয় আৰু ই শক্তি খণ্ডত আত্মনিৰ্ভৰ হোৱাৰ দিশত আমাৰ প্ৰচেষ্টাক উৎসাহিত কৰিছে।"
This is noteworthy and it invigorates our efforts towards being Aatmanirbhar in the energy sector. https://t.co/nc4uNMuDjc
— Narendra Modi (@narendramodi) February 17, 2023