প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণীপ্ৰেমীসকলক বিশেষকৈ যিসকল বাঘ সংৰক্ষণৰ প্ৰতি আগ্ৰহী তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসত শুভেচ্ছা জ্ঞাপন কৰে।
একাধিক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসত বন্যপ্ৰাণীপ্ৰেমীসকলক, বিশেষকৈ সংৰক্ষণৰ প্ৰতি আগ্ৰহী লোকসকলক শুভেচ্ছা জনাইছোঁ। বিশ্বব্যাপী যিমান বাঘ আছে তাৰ ৭০শতাংশৰো অধিকৰ বাসস্থান ভাৰত। আমি আমাৰ বাঘৰ বাবে নিৰাপদ বাসস্থান সুনিশ্চিত কৰিবলৈ আৰু বাঘ-অনুকূল পৰিৱেশ-প্ৰণালী ৰক্ষা কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ।
ভাৰতৰ ১৮ খন ৰাজ্যত ৫১ টা ব্যাঘ্ৰ সংৰক্ষিত কেন্দ্ৰ আছে। ২০১৮ চনত বাঘৰ অন্তিম গণনা হৈছিল আৰু উক্ত গণনাত বাঘৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছিল। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত ছেইণ্ট পিটাৰ্ছবাৰ্গ ঘোষণাপত্ৰৰ নিৰ্ধাৰিত সময়ৰ ৪ বছৰ পূৰ্বেই ভাৰতে বাঘৰ সংখ্যা দুগুণ কৰাৰ লক্ষ্য অৰ্জন কৰিছে।
স্থানীয় সম্প্ৰদায়ক জড়িত কৰি বাঘ সংৰক্ষণৰ কৌশলৰ ওপৰত ভাৰতে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। আমি আমাৰ শতাব্দী প্ৰাচীন ঐতিহ্যক অনুসৰণ কৰিছোঁ, যিয়ে আমাক শিকাইছে যে উদ্ভিদ আৰু প্ৰাণীকূলৰ সৈতে সামঞ্জস্য ৰাখি জীৱন যাপন কৰা উচিত, কাৰণ এই সকলোবোৰেই আমাৰ সৈতে এই পৃথিৱীত বাস কৰে।’
India’s strategy of tiger conservation attaches topmost importance to involving local communities. We are also inspired by our centuries old ethos of living in harmony with all flora and fauna with whom we share our great planet. pic.twitter.com/WSwvPprNuJ
— Narendra Modi (@narendramodi) July 29, 2021
India is home to 51 tiger reserves spread across 18 states. The last tiger census of 2018 showed a rise in the tiger population. India achieved the target of doubling of tiger population 4 years ahead of schedule of the St. Petersburg Declaration on tiger Conservation. pic.twitter.com/s8Myy0os0v
— Narendra Modi (@narendramodi) July 29, 2021
On #InternationalTigerDay, greetings to wildlife lovers, especially those who are passionate about tiger conservation. Home to over 70% of the tiger population globally, we reiterate our commitment to ensuring safe habitats for our tigers and nurturing tiger-friendly eco-systems. pic.twitter.com/Fk3YZzxn07
— Narendra Modi (@narendramodi) July 29, 2021