প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ জনসাধাৰণক ‘ৰাজ্য প্ৰতিষ্ঠা দিৱস’ৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে আশীৰ্বাদপুষ্ট ৰাজ্যখনে প্ৰগতিৰ পথত দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ কামনা কৰে।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত ঝাৰখণ্ডৰ মোৰ সকলো ভাই-ভনীলৈ বহুতো শুভেচ্ছা জনাইছোঁ। জনজাতীয় সমাজৰ সংগ্ৰাম আৰু ত্যাগৰে উৰ্বৰা এই ভূমিয়ে সদায় দেশক গৌৰৱান্বিত কৰি আহিছে। মই আশা কৰোঁ যে প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ এই ৰাজ্যখন দ্ৰুত গতিত প্ৰগতিৰ পথত আগবাঢ়ি যাওক।”
झारखंड के अपने सभी भाई-बहनों को राज्य के स्थापना दिवस पर अनेकानेक शुभकामनाएं। जनजातीय समाज के संघर्ष और बलिदान से सिंचित इस धरती ने देश को हमेशा गौरवान्वित किया है। मेरी कामना है कि प्राकृतिक संसाधनों से परिपूर्ण यह प्रदेश प्रगति के पथ पर तेज रफ्तार से आगे बढ़े।
— Narendra Modi (@narendramodi) November 15, 2024