প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে ৰেডিঅ’ৰ শ্ৰোতা আৰু শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰে।
এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
"বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে সকলো শ্ৰোতা আৰু সৃষ্টিশীল শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। ঘৰতে হওক অথবা যাত্ৰাকালতে হওক, ৰেডিঅ’ মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য হৈ থাকিব। মানুহৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত ই এক সুন্দৰ মাধ্যম।"
"মন কী বাতৰ বাবে মই বাৰম্বাৰ দেখি আহিছো কিদৰে ৰেডিঅ’ৰ মাধ্যমেৰে ইতিবাচক কথাসমূহ মানুহৰ মাজলৈ লৈ যাব পাৰি। এই অুষ্ঠানটোৰ সৈতে জড়িত লোকসকলকো মই ধন্যবাদ জনাইছো।"
World Radio Day greetings to all radio listeners and those who enrich this outstanding medium with their talent as well as creativity. Be it at home, during journeys and otherwise, the radio remains an integral part of people’s lives. It is an amazing medium to connect people.
— Narendra Modi (@narendramodi) February 13, 2022