প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী নৱবৰ্ষ উপলক্ষে সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷
সমগ্ৰ বিশ্বত যিসকলে নতুন বছৰ উদযাপন কৰিছে, তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “এই বছৰটো এটা বিশেষ বছৰ, কাৰণ আপোনালোক সকলোৱে ভোকেল ফৰ লোকেল অভিযানক অভূতপূৰ্ব ৰূপত সফল কৰি তুলিছে৷”
স্থানীয় লোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰি নতুন বছৰটো ইয়াৰ নতুন আলোকেৰে উজ্বলাই তুলিছে৷
আহক, এখন উন্নত ভাৰত গঢ় দিয়াৰ বাবে অনাগত বছৰসমূহত সমান উৎসাহেৰে স্থানীয় লোকৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ হও৷
শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ এক পোষ্টত কয়ঃ
“সমগ্ৰ বিশ্বতে নৱবৰ্ষ উদযাপন কৰা মোৰ পৰিয়ালৰ সকলো সদস্যলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছো। এই বছৰটো এটা বিশেষ বছৰত পৰিণত হৈছে কাৰণ আপোনালোক সকলোৱে ভোকেল ফৰ লোকেল অভিযানক অভূতপূৰ্ব ৰূপত সফল কৰি তুলিছে। স্থানীয় লোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰি নতুন বছৰটো ইয়াৰ নতুন আলোকেৰে উজ্বলাই তুলিছে৷ আহক, এখন উন্নত ভাৰত গঢ় দিয়াৰ বাবে অনাগত বছৰসমূহত সমান উৎসাহেৰে স্থানীয় লোকৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ হও৷”
વિશ્વભરમાં નૂતન વર્ષ પર્વ મનાવી રહેલા મારા સૌ પરિવાર જનો ને નૂતન વર્ષાભિનંદન.
— Narendra Modi (@narendramodi) November 14, 2023
આ વર્ષ એક વિશેષ વર્ષ બન્યું છે કેમકે આપ સૌ એ વોકલ ફોર લોકલ અભિયાન ને જ્વલંત સફળતા અપાવી.
સ્થાનિક પ્રોડક્ટ ની ખરીદી દ્વારા નૂતન વર્ષ નો નવતર ઉજાસ ફેલાવ્યો છે.
વિકસિત ભારત ના નિર્માણ માટે આપણે સૌ…