প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিশ্বকৰ্মা জয়ন্তী’ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ লগতে উদ্ভাৱনক নিষ্ঠা, প্ৰতিভা আৰু কঠোৰ শ্ৰমেৰে আগুৱাই নিয়া সকলো শিল্পী আৰু উদ্ভাৱকক অভিবাদন জনায়।
‘এক্স’-ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
"ভগৱান বিশ্বকৰ্মাৰ জয়ন্তীত মোৰ পৰিয়ালৰ সকলো সদস্যক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। এই উপলক্ষে মই নিষ্ঠা, প্ৰতিভা আৰু কঠোৰ শ্ৰমেৰে সমাজক পুনৰ নিৰ্মাণৰ দিশে আগুৱাই নিয়া সকলো শিল্পী আৰু উদ্ভাৱকক হৃদয়েৰে অভিবাদন জনাইছোঁ।"
भगवान विश्वकर्मा की जयंती पर अपने सभी परिवारजनों को बहुत-बहुत बधाई। इस अवसर पर अपनी लगन, प्रतिभा और परिश्रम से समाज में नवनिर्माण को आगे ले जाने वाले सभी शिल्पकारों और रचनाकारों का हृदय से वंदन करता हूं। pic.twitter.com/QoxoUN7Gug
— Narendra Modi (@narendramodi) September 17, 2023