প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিৰুৱন্তপুৰম কেন্দ্ৰীয় ষ্টেচনত তিৰুৱন্তপুৰম আৰু কাছাৰগোডৰ মাজত কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে তিৰুৱন্তপুৰম-কাছাৰগোড বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰে আৰু শিশুসকলৰ লগতে ৰে'লখনৰ কৰ্মচাৰীৰ সৈতেও বাৰ্তালাপ কৰে।
ৰে'লখনে তিৰুৱন্তপুৰম, কোল্লাম, কোট্টায়াম, এৰ্নাকুলাম, ত্ৰিশূৰ, পালাক্কাড়, পাথানামথিট্টা, মালাপ্পুৰম, কোজিকোড, কান্নুৰ আৰু কাছাৰগোড নামৰ ১১ খন জিলাক সামৰি ল'ব।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,
"কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰা হৈছে, যি তিৰুৱন্তপুৰমৰ পৰা কাছাৰগোডলৈ যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰিত কৰিব।"
Flagged off Kerala’s first Vande Bharat Express, which will enhance connectivity from Thiruvananthapuram to Kasaragod. pic.twitter.com/u1RqG5SoVU
— Narendra Modi (@narendramodi) April 25, 2023
প্ৰধানমন্ত্ৰীৰ সৈতে কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়ন আৰু কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে।