প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰৱ গণৰাজ্য ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিক উষ্ম আদৰণি জনায়।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচি ২৪-২৬ জানুৱাৰী ২০২৩ তাৰিখলৈ ভাৰত ভ্ৰমণলৈ আহিছে। ভাৰতলৈ তেওঁৰ দ্বিতীয়টো চৰকাৰী ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি চিচি ভাৰতৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হ'ব।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। আমাৰ গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে মুখ্য অতিথি হিচাপে আপোনাৰ ঐতিহাসিক ভাৰত ভ্ৰমণ সকলো ভাৰতীয়ৰ বাবে অপৰিসীম সুখৰ বিষয়। কাইলৈ আমাৰ আলোচনাৰ বাবে অপেক্ষা কৰি আছো। @AlsisiOfficial"
Warm welcome to India, President Abdel Fattah el-Sisi. Your historic visit to India as Chief Guest for our Republic Day celebrations is a matter of immense happiness for all Indians. Look forward to our discussions tomorrow. @AlsisiOfficial
— Narendra Modi (@narendramodi) January 24, 2023