প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে প্ৰাৰ্থনা জনায়। তেওঁ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ প্ৰতি কৃতজ্ঞতাও জ্ঞাপন কৰে। তেওঁ কয় যে আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জনঔষধি যোজনাই আমাৰ নাগৰিকসকলৰ বাবে গুণগত মানদণ্ড আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। তেওঁ লগতে কয় যে যোৱা ৮ বছৰত চিকিৎসা শিক্ষাখণ্ডত দ্ৰুত পৰিৱৰ্তন দেখা গৈছে। কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে। তেওঁ আৰু কয় যে ভাৰত চৰকাৰে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞান অধ্যয়ন সুচল কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে আৰু এই প্ৰচেষ্টাৰ সফলতাই অগণন যুৱক-যুৱতীৰ আশা-আকাংক্ষাক সফলকাম কৰি তুলিব।

আজি এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥

বিশ্ব স্বাস্থ্য দিৱসৰ শুভেচ্ছা। সকলোৱে সুস্বাস্থ্য আৰু সুস্থতাৰে আশীৰ্বাদপ্ৰাপ্ত হওঁক। আজিৰ দিনটো স্বাস্থ্যখণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ দিন। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেই আমাৰ বিশ্বক সুৰক্ষিত কৰি ৰাখিছে।"

"ভাৰত চৰকাৰে দেশৰ স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি আছে। দেশৰ নাগৰিকসকলৰ বাবে উন্নত মানদণ্ডৰ আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰে যে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা আঁচনি আয়ুষ্মান ভাৰত আমাৰ দেশৰ।"

"যেতিয়া মই প্ৰধানমন্ত্ৰী জনঔষধিৰ দৰে আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে কথা পাতো, তেতিয়া মই অত্যন্ত সুখী অনুভৱ কৰোঁ। সুলভ স্বাস্থ্যসেৱাৰ ওপৰত আমি প্ৰদান কৰা গুৰুত্বই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ সঞ্চয় সুনিশ্চিত কৰিছে। একে সময়তে আমি সামগ্ৰিক সুস্থতা আৰু অধিক বৃদ্ধি কৰিবলৈ আমাৰ আয়ুষ নেটৱৰ্ক শক্তিশালী কৰাৰ কামত ব্ৰতী হৈছো।"

"বিগত ৮ বছৰত চিকিৎসা শিক্ষাখণ্ডত দ্ৰুত পৰিৱৰ্তন ঘটিছে। কেবাখনো নতুন চিকিৎসা মহাবিদ্যালয় গঠন হৈছে, স্থাপন হৈছে। আমাৰ চৰকাৰে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন সুচল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই প্ৰচেষ্টাৰ সাফল্যই দেশৰ অগণন যুৱক-যুৱতীৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিব।"

 

 

 

  • G.shankar Srivastav May 29, 2022

    नमो
  • Sanjay Kumar Singh May 14, 2022

    Jai Shri Laxmi Narsimh
  • ranjeet kumar May 10, 2022

    omm
  • Vivek Kumar Gupta May 05, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta May 05, 2022

    नमो नमो.
  • Vivek Kumar Gupta May 05, 2022

    जयश्रीराम
  • Vivek Kumar Gupta May 05, 2022

    नमो नमो
  • Vivek Kumar Gupta May 05, 2022

    नमो
  • Vigneshwar reddy Challa April 27, 2022

    Desh ke gaurava hai MODI ji aap ko abhinandan khar raha hu ji
  • ranjeet kumar April 22, 2022

    nmo
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption

Media Coverage

In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 ফেব্ৰুৱাৰী 2025
February 24, 2025

6 Years of PM Kisan Empowering Annadatas for Success

Citizens Appreciate PM Modi’s Effort to Ensure Viksit Bharat Driven by Technology, Innovation and Research