প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যিক দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“গতিশীলতা আৰু দেশপ্ৰেমৰ বাবে পৰিচিত ৰাজ্য অৰুণাচল প্ৰদেশৰ জনসাধাৰণলৈ ৰাজ্যিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাজ্যখনৰ জনসাধাৰণে বহু ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিত অৰিহণা যোগাইছে। মই প্ৰাৰ্থনা কৰোঁ যে অনাগত বছৰবোৰত অৰুণাচল প্ৰদেশে প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰি যাওক।”
Statehood Day wishes to the people of Arunachal Pradesh, a state synonymous with dynamism and patriotism. The people from the state have contributed to India’s progress in many sectors. I pray that Arunachal Pradesh keeps scaling new heights of progress in the coming years.
— Narendra Modi (@narendramodi) February 20, 2023