প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ-মহেছানা (৬৪.২৭ কিলোমিটাৰ) গজ পৰিৱৰ্তন প্ৰকল্প সম্পূৰ্ণ হোৱাত আনন্দ প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে কয় যে ই বাণিজ্য আৰু সংযোগৰ বাবে উত্তম বিবেচিত হ'ব।
এই প্ৰকল্পটোৱে ৰে'লৰ কাম-কাজ সুশৃংখলিত কৰিব, আহমেদাবাদ আৰু মহেছানাৰ মাজত ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু আহমেদাবাদ-দিল্লীৰ মুখ্য পথত মাল বহন ক্ষমতা বৃদ্ধি কৰিব।
ৰে'ল মন্ত্ৰালয়ৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"বাণিজ্য আৰু সংযোগৰ বাবে মহত্ত্বপূৰ্ণ।"
Great for commerce and connectivity. https://t.co/qxV2jwKz9r
— Narendra Modi (@narendramodi) March 6, 2023