প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ হৰপ্পা নগৰৰ ভগ্নাৱশেষ থকা ধোলাভিৰাক ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কৰা ঘোষণাত আনন্দ প্ৰকাশ কৰিছে৷ ইতিহাস, সংস্কৃতি আৰু প্ৰত্নতত্ত্বৰ প্ৰতি আগ্ৰহী লোকসকলৰ বাবে এয়া এক দৰ্শনীয় স্থান৷
ইউনেস্ক’ৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে এলানি টুইটযোগে কয়”
“এই খবৰে অতিশয় আনন্দিত কৰিছে৷
ধোলাভিৰা এক গুৰুত্বপূর্ণ নগৰ কেন্দ্র আছিল, যি আমাক অতীতৰ সৈতে সংযোগ স্থাপন কৰে৷ এয়া বিশেষকৈ ইতিহাস, সংস্কৃতি আৰু প্রত্নতত্ত্বৰ প্ৰতি আগ্রহী লোকসকলৰ বাবে দৰ্শনীয় স্থান।
মই ছাত্র অৱস্থাত প্রথম ধোলাভিৰালৈ গৈছিলো আৰু সেই স্থান দেখি মই মন্ত্রমুগ্ধ হৈছিলো৷
গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ সুবাদতে ধোলাভিৰাৰ ঐতিহাসিক নিদর্শনবোৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ ইত্যাদি বিষয়ত কাম কৰাৰ সুযোগ লাভ কৰিছিলো৷ আমাৰ দলে তাত পৰিৱেশ অনুকূল আন্তঃগাঁথনি গঢ় দিয়াৰ কাম কৰিছিল।”
Absolutely delighted by this news.
— Narendra Modi (@narendramodi) July 27, 2021
Dholavira was an important urban centre and is one of our most important linkages with our past. It is a must visit, especially for those interested in history, culture and archaeology. https://t.co/XkLK6NlmXx pic.twitter.com/4Jo6a3YVro