প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গাঁওসমূহৰ ৬০% ঘৰত টেপযোগে পানী সংযোগেৰে সামৰি লোৱাক লৈ আনন্দ প্ৰকাশ কৰে কৰাৰ লগতে কয় যে এয়া এক অভূতপূৰ্ব সফলতা আৰু ইয়াৰ দ্বাৰা বহুতৰে জীৱন সবল হ’ব৷ শ্ৰী মোদীয়ে লগতে কয় যে আমি আনকি অনাগত দিনত অধিক ক্ষিপ্ৰ গতিৰে এই টেপসংযোগ প্ৰদানৰ পৰিমাণ বৃদ্ধিৰ হকে সম্ভাব্য সকলো কাম কৰি আছো৷
কে্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,
“এয়া এক অভূতপূৰ্ব সফলতা আৰু ইয়াৰ দ্বাৰা বহুতৰে জীৱন সবল হ’ব৷ আমি আনকি অনাগত দিনত অধিক ক্ষিপ্ৰ গতিৰে এই টেপসংযোগ প্ৰদানৰ পৰিমাণ বৃদ্ধিৰ হকে সম্ভাব্য সকলো কাম কৰি আছো৷”
This is an outstanding achievement and will empower several lives. We are doing everything possible to increase this coverage at an even greater pace in the times to come. https://t.co/prHjrIhz02
— Narendra Modi (@narendramodi) April 4, 2023