প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ লক্ষীচৰাইত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এটা টুইটাৰ পোষ্টত কয়;
“বিহাৰৰ লক্ষীচৰাইত সংঘটিত পথ দুৰ্ঘটনাটো অতি দুখজনক। এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱা সকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। মই লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী”
बिहार के लखीसराय में हुआ सड़क हादसा अत्यंत दुखद है। इस दुर्घटना में जिन्होंने अपनों को खोया है, उनके प्रति मेरी शोक-संवेदनाएं। इसके साथ ही मैं सभी घायलों के शीघ्र स्वस्थ होने की कामना करता हूं। राज्य सरकार की देखरेख में स्थानीय प्रशासन पीड़ितों की हरसंभव सहायता में जुटा है: PM…
— PMO India (@PMOIndia) February 21, 2024