আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক টেলিফোনিক বাৰ্তালাপত ভাৰতীয় পুৰুষ ক্ৰিকেট দলক আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিযোগিতাখনত দলৰ সদস্যসকলে প্ৰদৰ্শন কৰা অনবদ্য দক্ষতা আৰু শক্তিশালী মনোভাৱৰ শলাগ লয়।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে-
‘ভাৰতীয় ক্ৰিকেট দলৰ সৈতে কথা পাতিলোঁ আৰু টি-২০ বিশ্বকাপত অসাধাৰণ সফলতা লাভ কৰাৰ বাবে অভিনন্দন জনালোঁ। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকে অভূতপূৰ্ব দক্ষতা আৰু মনোভাৱ প্ৰদৰ্শন কৰিলে। প্ৰতিজন খেলুৱৈৰ দায়বদ্ধতা অতি প্ৰেৰণাদায়ক।”
Spoke to the Indian 🏏 team and congratulated them on their exemplary success at the T20 World Cup. They have shown excellent skill and spirit throughout the tournament. Each player’s commitment is very motivating. 🇮🇳 🏆
— Narendra Modi (@narendramodi) June 30, 2024
প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ অধিনায়ক ৰোহিত শৰ্মা, জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলী আৰু দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবেও এক্সত পৃথক পৃথককৈ পোষ্ট লিখে। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকৰ দৰ্শনীয় প্ৰদৰ্শন আৰু অটল দায়বদ্ধতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্ৰশংসা কৰে।
“প্ৰিয় @ImRo45,
আপুনি উৎকৃষ্টতাৰ প্ৰতিমূৰ্তি। আপোনাৰ আগ্ৰাসী মানসিকতা, বেটিং আৰু অধিনায়কত্বই ভাৰতীয় দলটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে। আপোনাৰ টি-২০ কেৰিয়াৰ সদায় স্মৰণীয় হৈ থাকিব। আজি পুৱা আপোনাৰ লগত কথা পাতি ভাল লাগিল।
Dear @ImRo45,
— Narendra Modi (@narendramodi) June 30, 2024
You are excellence personified. Your aggressive mindset, batting and captaincy has given a new dimension to the Indian team. Your T20 career will be remembered fondly. Delighted to have spoken to you earlier today. pic.twitter.com/D5Ue9jHaad
“প্ৰিয় @imVkohli,
আপোনাৰ লগত কথা পাতি ভাল লাগিল। ফাইনেল ইনিংছৰ দৰেই ভাৰতীয় বেটিংক আপুনি প্ৰৌজ্জ্বলতাৰে চম্ভালি ৰাখিছে। আপুনি আটাইকেইটা ফৰ্মেটতে পাৰদৰ্শিতা দেখুৱাই আহিছে। টি-২০ ক্ৰিকেটে আপোনাক মিছ কৰিব, কিন্তু মই নিশ্চিত যে আপুনি নতুন প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰি যাব।”
Dear @imVkohli,
— Narendra Modi (@narendramodi) June 30, 2024
Glad to have spoken to you. Like the innings in the Finals, you have anchored Indian batting splendidly. You’ve shone in all forms of the game. T20 Cricket will miss you but I am confident you’ll continue to motivate the new generation of players. pic.twitter.com/rw8fKvgTbA
‘ৰাহুল দ্ৰাবিড়ৰ অবিশ্বাস্য প্ৰশিক্ষণ যাত্ৰাই ভাৰতীয় ক্ৰিকেটৰ সফলতাক গঢ় দিছে।
তেওঁৰ অটল নিষ্ঠা, কৌশলগত অন্তৰ্দৃষ্টি আৰু সঠিক প্ৰতিভাৰ লালন-পালনে দলটোক ৰূপান্তৰিত কৰিছে।
তেওঁৰ অৱদান আৰু নৱ-প্ৰজন্মক প্ৰেৰণা যোগোৱাৰ বাবে ভাৰত তেওঁৰ প্ৰতি কৃতজ্ঞ। তেওঁক বিশ্বকাপ তুলি ধৰা দেখি আমি আনন্দিত হৈছো। তেওঁক অভিনন্দন জনাইছো।”
Rahul Dravid’s incredible coaching journey has shaped the success of Indian cricket.
— Narendra Modi (@narendramodi) June 30, 2024
His unwavering dedication, strategic insights and nurturing the right talent have transformed the team.
India is grateful to him for his contributions and for inspiring generations. We are… pic.twitter.com/8MKSPqztDV