প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰেষ্ঠ মূল গীত ‘নাটু নাটু’ ৰ বাবে গ’ল্ডেন গ্ল’ব বঁটা লাভ কৰা আৰআৰআৰ ৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছে।
আৰআৰআৰ মভিৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“এক অতিশয় বিশেষ সাফল্য! এম এম কীৰাবাণী, প্ৰেম ৰক্ষিথ, কালা ভৈৰৱ, চন্দ্ৰবোস, ৰাহুল ছিপলিগঞ্জলৈ অভিনন্দন। লগতে এছ এছ ৰাজামৌলী, জুনিয়ৰ এনটিআৰ, ৰাম চৰণ আৰু আৰআৰআৰ মভিৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছো। এই বিশেষ সন্মানে প্ৰতিজন ভাৰতীয়কে অতিশয় গৌৰৱান্বিত কৰিছে।“
A very special accomplishment! Compliments to @mmkeeravaani, Prem Rakshith, Kaala Bhairava, Chandrabose, @Rahulsipligunj. I also congratulate @ssrajamouli, @tarak9999, @AlwaysRamCharan and the entire team of @RRRMovie. This prestigious honour has made every Indian very proud. https://t.co/zYRLCCeGdE
— Narendra Modi (@narendramodi) January 11, 2023