প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক ২০২০ৰ বেডমিণ্টনত ব্ৰঞ্জ পদক অৰ্জনৰ বাবে পি.ভি সিন্ধুক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সিন্ধু ভাৰতৰ গৌৰৱ আৰু তেওঁ আমাৰ অন্যতম সফল অলিম্পিয়ান।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"পিভি সিন্ধুৰ চমকপ্ৰদ প্ৰদৰ্শনক লৈ আমি সকলো উল্লসিত। টকিঅ’ অলিম্পিক ২০২০ত ব্ৰঞ্জৰ পদক জয়ৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছো। তেওঁ ভাৰতৰ গৌৰৱ আৰু আমাৰ অন্যতম সফল অলিম্পিয়ান।"
প্ৰধানমন্ত্ৰীয়ে পি.ভি সিন্ধুৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টুইটত এইদৰে কোৱা হৈছেঃ
"সুন্দৰ খেলিছা পিভি সিন্ধু।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিভি সিন্ধুৰ সৈতে বাৰ্তালাপ কৰিছে আৰু তেওঁক ব্ৰঞ্জ জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।"
We are all elated by the stellar performance by @Pvsindhu1. Congratulations to her on winning the Bronze at @Tokyo2020. She is India’s pride and one of our most outstanding Olympians. #Tokyo2020 pic.twitter.com/O8Ay3JWT7q
— Narendra Modi (@narendramodi) August 1, 2021