প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ পুৰুষৰ ডাবলছ বেডমিণ্টন-এছএল৩-এছএল৪ত আজি স্বৰ্ণ পদক জয়ৰ বাবে নিতেশ কুমাৰ, তৰুণ ধিলনক অভিনন্দন জ্ঞাপন কৰিছে৷
তেওঁ লগতে তেওঁলোকৰ দলগত কামৰ প্ৰশংসা কৰি কয় যে এই প্ৰদৰ্শনে উদীয়মান খেলুৱৈসকলৰ প্ৰতি এক উজ্বল নিদৰ্শন দাঙি ধৰিলে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“বেডমিণ্টনৰ-পুৰুষৰ ডাবলছত এছএল৩-এছএল৪ত চমকপ্ৰদ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক জয়ৰ বাবে নিতেশ কুমাৰ আৰু তৰুণ ধিলনক অভিনন্দন জ্ঞাপন কৰিছো৷ তেওঁলোকৰ দলগত কাম আৰু প্ৰতিভাই উদীয়মান খেলুৱৈসকলৰ বাবে এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। ভাৰতে তেওঁলোকৰ বাবে গৌৰৱবোধ কৰিছে।”
Congratulations to @niteshnk11 and @dhillontarun191 for their magnificent Gold win in Badminton - Men's Doubles SL3-SL4. Their teamwork and talent have set a shining example for upcoming athletes. India is proud of them. pic.twitter.com/zRZeR6gMyl
— Narendra Modi (@narendramodi) October 27, 2023