প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমান চাইৰিল ৰামাফোছাক দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী বুলিও প্ৰকাশ কৰে।
শ্ৰী মোদীয়ে “এক্স”ত এটা পোষ্টত টুইট কৰিছিল;
"দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে মহামহিম @CyrilRamaphosaক উষ্ম অভিনন্দন জনাইছো। ভাৰত-দক্ষিণ আফ্ৰিকাৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আপোনাৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী।"
Warm congratulations, Excellency @CyrilRamaphosa on your re-election as the President of the Republic of South Africa. I look forward to working with you to further strengthen the India-South Africa strategic partnership.
— Narendra Modi (@narendramodi) June 17, 2024