প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জীৰ বিয়োগত ভাৰত শোকাভিভূত।তেখেতে আমাৰ ৰাষ্ট্ৰৰ বিকাশৰ পথটিত অমোচনীয় চিন ৰাখি থৈ গ’ল।এগৰাকী পণ্ডিতৰ সমান শ্ৰেষ্ঠতা, এগৰাকী উচ্চস্থানীয় ৰাষ্ট্ৰনেতা, তেওঁ সমগ্ৰ ৰাজনৈতিক পৰিমণ্ডল আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবেই শ্ৰদ্ধেয় আছিল।“

বহু দশক জুৰি তেখেতৰ ৰাজনৈতিক কেৰিয়াৰৰ সময়ছোৱাত, তেওঁ মূল অৰ্থনীতি আৰু সু-কৌশলী মন্ত্ৰণালয়সমূহলৈ দীৰ্ঘ-স্থায়ী বৰঙণি যোগাইছিল। তেখেত এগৰাকী অসামান্য সংসদ সদস্য, সদায়েই সু-প্ৰস্তুত, অতিশয় স্পষ্টবাদী একেদৰে ৰসিক ব্যক্তি আছিল।

ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে, প্ৰণৱ মুখাৰ্জীয়ে ৰাষ্ট্ৰপতি ভৱনক সাধাৰণ জনগণৰ বাবে অধিক সুগম কৰি তুলিছিল। তেখেতে ৰাষ্ট্ৰপতিৰ ভৱনটোক শিক্ষা, উদ্ভাৱন, সংস্কৃতি, বিজ্ঞান আৰু সাহিত্যৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছিল। মূল নীতিৰ প্ৰসংগত তেখেতৰ বিজ্ঞতাপূৰ্ণ পৰামৰ্শ মই কেতিয়াও পাহৰিব নোৱাৰিম।

২০১৪ ত মই দিল্লীত নতুন আছিলো।১ম দিনাৰ পৰাই, মই প্ৰণৱ মুখাৰ্জীৰ তত্বাৱধান, সহায় আৰু আশীৰ্বাদৰে ধন্য হৈছিলো।মই সদায়েই তেখেতৰ সৈতে হোৱা মত-বিনিময় মনত ৰাখি যাম।তেখেতৰ পৰিয়াল, বন্ধু-বৰ্গ, অনুগামী আৰু সমগ্ৰ ভাৰতৰ সমৰ্থকসকললৈ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।