প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিৰাপত্তা কৰ্মীয়ে প্ৰাণ হেৰুওৱা ঘটনাত শোক প্ৰকাশ কৰি ঘটনা সন্দৰ্ভত বিশদ বিৱৰণ বিচাৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে এইদৰে;
‘প্ৰধানমন্ত্ৰী@narendramodiয়ে জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত বিশদ বিৱৰণ বিচাৰিছে। তেওঁ আক্ৰমণত শ্বহীদ হোৱা নিৰাপত্তা কৰ্মীসকলৰ পৰিয়ালসমূহলৈও সমবেদনা জ্ঞাপন কৰিছে।’
PM @narendramodi has sought details on the terror attack in Jammu and Kashmir. He has also expressed condolences to the families of those security personnel who have been martyred in the attack.
— PMO India (@PMOIndia) December 13, 2021