প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট টেনিছ খেলুৱৈ শ্ৰী নৰেশ কুমাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰলৈ অগ্ৰণী অৱদান আগবঢ়োৱাৰ বাবে শ্ৰী নৰেশ কুমাৰ সদায় স্মৰণীয় হৈ ৰ’ব৷ টেনিছৰ জনপ্ৰিয়কৰণত তেওঁ এক গূৰূত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ এগৰাকী মহান খেলুৱৈ হোৱাৰ উপৰি তেওঁ এগৰাকী ব্যতিক্ৰমী পৰামৰ্শ দাতাও আছিল৷ তেওঁৰ বিয়োগত দুখ প্ৰকাশ কৰিছো৷ মই তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি৷”
Shri Naresh Kumar will be remembered for his pioneering contribution to Indian sports. He played a major role in popularising tennis. In addition to being a great player he was also an exceptional mentor. Pained by his demise. Condolences to his family and friends. Om Shanti.
— Narendra Modi (@narendramodi) September 14, 2022