প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মশ্ৰী তথা ‘সংস্কাৰ ভাৰতী’ৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক বাবা যোগেন্দ্ৰ জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মৃত্যুক ‘বিশ্বৰ কলাৰ এক অপুৰণীয় ক্ষতি’ বুলি আখ্যা দিয়ে৷
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়,
“দেশ সেৱাৰ প্ৰতি সমৰ্পিত পদ্মশ্ৰী যোগেন্দ্ৰ জীৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ তেওঁৰ মৃত্যু বিশ্বৰ কলাৰ এক অপুৰণীয় ক্ষতি৷ ভগৱানে তেওঁক নিজৰ শ্ৰীচৰণত স্থান দিয়ক৷ ঔম শান্তি!”
देश सेवा में समर्पित पद्मश्री बाबा योगेंद्र जी के देहावसान से अत्यंत दुख हुआ है। उनका जाना संपूर्ण कला जगत के लिए एक अपूरणीय क्षति है। ईश्वर उन्हें अपने श्रीचरणों में स्थान दे। ओम शांति!
— Narendra Modi (@narendramodi) June 10, 2022