প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় অৰ্থনীতিবিদ তথা প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড° বিবেক দেবৰয়ৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
“ডঃ বিবেক দেবৰয় ডাঙৰীয়া এগৰাকী পণ্ডিত আছিল। তেওঁ একেধাৰে অৰ্থনীতি, ইতিহাস, সংস্কৃতি, ৰাজনীতি, আধ্যাত্মিকতা আদি ভিন্ন ক্ষেত্ৰৰ এজন সুপৰিচিত লোক আছিল। স্বকীয় কৰ্মৰাজিৰ জৰিয়তে তেখেতে ভাৰতৰ বৌদ্ধিক বাতাবৰণত এক বিশিষ্ট পদাংক এৰি থৈ গ’ল। ৰাজহুৱা নীতিত তেওঁ বৰঙণি আগবঢ়োৱাৰ সমান্তৰালকৈ আমাৰ প্ৰাচীন গ্ৰন্থসমূহৰ সন্দৰ্ভত কাম কৰি ভাল পাইছিল, এইসমূহক যুৱক-যুৱতীসকলৰ বাবে সুলভ কৰি তুলিছিল।”
Dr. Bibek Debroy Ji was a towering scholar, well-versed in diverse domains like economics, history, culture, politics, spirituality and more. Through his works, he left an indelible mark on India’s intellectual landscape. Beyond his contributions to public policy, he enjoyed… pic.twitter.com/E3DETgajLr
— Narendra Modi (@narendramodi) November 1, 2024