তামিলনাডুৰ তিৰুপথুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি নিহতসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে Xত এইদৰে প’ষ্ট কৰে;
“তামিলনাডুৰ তিৰুপথুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। মই আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ। নিহতসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ আগবঢ়োৱা হৈছে। আহতসকলক ৫০,০০০ টকাকৈ আগবঢ়োৱা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”
Saddened by the loss of lives due to a road mishap in Tirupathur, Tamil Nadu. Condolences to the bereaved families. I pray that the injured recover soon. An ex-gratia of Rs. 2 lakh from PMNRF would be given to next of kin of each deceased. The injured would be given Rs. 50,000:…
— PMO India (@PMOIndia) September 11, 2023