প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ হাৰদাৰ ক্ৰেকাৰ কাৰখানাত সংঘটিত অঘটনত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএমএনআৰএফৰপৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
“মধ্য প্ৰদেশৰ হাৰদাৰ ক্ৰেকাৰ কাৰখানাত সংঘটিত অঘটনত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। আপোনজনক হেৰুৱাবলগীয়া হোৱা সকলোলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ। প্ৰভাৱিত সকলোকে স্থানীয় প্ৰশাসনে সহায় আগবঢ়াই আছে।
পিএমএনআৰএফৰপৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।”
Distressed by the loss of lives due to the mishap at a cracker factory in Harda, Madhya Pradesh. Condolences to all those who have lost their loved ones. May those injured recover at the earliest. The local administration is assisting all those affected.
— PMO India (@PMOIndia) February 6, 2024
Rs. 2 lakh from PMNRF…