উত্তৰ প্ৰদেশৰ কাচগঞ্জত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
"হৃদয়বিদাৰক! উত্তৰ প্ৰদেশৰ কাচগঞ্জত ট্ৰেক্টৰ ট্ৰলী পুখুৰীত পৰা দুৰ্ঘটনাটো সঁচাকৈয়ে বেদনাদায়ক। এই দুৰ্ঘটনাত প্ৰিয়জনক হেৰুৱাৱাসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছোঁ। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও মই প্ৰাৰ্থনা জনাইছোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক যথা সম্ভৱ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে নিয়োজিত হৈ আছে: প্ৰধানমন্ত্ৰী @narendramodi"
हृदयविदारक! उत्तर प्रदेश के कासगंज में ट्रैक्टर ट्रॉली के तालाब में गिरने से हुआ हादसा दुख से भर देने वाला है। इसमें जिन्होंने अपने प्रियजनों को खोया है, उनके प्रति मेरी शोक-संवेदनाएं। इसके साथ ही मैं घायलों के शीघ्र स्वस्थ होने की कामना करता हूं। राज्य सरकार की निगरानी में…
— PMO India (@PMOIndia) February 24, 2024