তেলেংগাণাৰ চেকেন্দেৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানামন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
ইফালে, ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি’(পিএমএনআৰএফ)ৰ পৰা ঘটনাটোত নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটত কোৱা হৈছে;
“তেলেংগাণাৰ চেকেন্দেৰাবাদত সংঘটিত অগ্নিকাণ্ডত বহুকেইজন লোকে প্ৰাণ হেৰুওৱা কথাই ব্যথিত কৰিছে। নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। দুৰ্ঘটনাটোত আহত হোৱা সকলৰ আশু আৰোগ্য কামনা কৰিছো। ‘পিএমএনআৰএফ’-ৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ অৰ্থ সাহায্য আগবঢ়োৱা হ’ব।: PM @narendramodi”
Saddened by the loss of lives due to a fire in Secunderabad, Telangana. Condolences to the bereaved families. May the injured recover soon. Rs. 2 lakh from PMNRF would be paid to the next of kin of each deceased. Rs. 50,000 would be paid to the injured: PM @narendramodi
— PMO India (@PMOIndia) September 13, 2022