প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডিনছৰ প্ৰধানমন্ত্ৰী ৰালফ গনছালভেছৰ ওপৰত হোৱা আক্ৰমণ তীব্ৰ গৰিহণা দিয়াৰ লগতে তেওঁৰ আশু আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰিছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডিনছৰ প্ৰধানমন্ত্ৰী ৰালফ গনছালভেছৰ ওপৰত হোৱা জঘন্য আক্ৰমণ তীব্ৰ গৰিহণা দিয়াৰ লগতে তেওঁৰ আশু আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰিছো৷ আজি সামূদ্ৰিক সুৰক্ষাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্ক কাৰ্যসূচীত আপোনাৰ অনুপস্থিতি অনুভৱ কৰিম৷@ComradeRalph”
I condemn the ghastly attack on Prime Minister Ralph Gonsalves of St. Vincent and the Grenadines. Excellency, I wish you quick recovery and good health. We will miss your presence at the UNSC Open Debate on Maritime Security today. @ComradeRalph
— Narendra Modi (@narendramodi) August 9, 2021