প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিদ্যুস্পৃষ্ট হাতীৰ জীৱন ৰক্ষা কৰাৰ বাবে বান্দীপুৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ কৰ্মচাৰীক প্ৰশংসা কৰি কয় যে আমাৰ মানুহৰ মাজত এনেধৰণৰ সহানুভূতি প্ৰশংসনীয়৷
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন; তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
“এয়া দেখি সুখী হৈছো৷
বান্দীপুৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ কৰ্মচাৰীসকলৰ শলাগ লৈছো৷ আমাৰ মানুহৰ মাজত এনেধৰণৰ সহানুভূতি প্ৰশংসনীয়৷”
Happy to see this.
— Narendra Modi (@narendramodi) February 18, 2023
Compliments to the staff at Bandipur Tiger Reserve. Such compassion among our people is commendable. https://t.co/rcQIZdETNk