প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় উদ্ভাৱনৰ ক্ষেত্ৰত আগভাগ লোৱাৰ বাবে আৰু চিকিৎসা জগতত নতুন পৰিৱৰ্তন কৰাৰ বাবে চিকিৎসকসকলক প্ৰশংসা কৰে। এইমছ ভুৱনেশ্বৰে এজন পংগু ৰোগীৰ সফল চতুৰ্গুণ জইণ্ট প্ৰতিস্থাপন অস্ত্ৰোপচাৰ কৰিছিল। এইটো ওড়িশাৰ এনে ধৰণৰ প্ৰথম, তথা বিশ্বৰ দ্বিতীয় ঘটনা হিচাপে বিবেচিত হৈছে।
এইমছ ভুৱনেশ্বৰৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"আমাৰ চিকিৎসকসকলক সদায় উদ্ভাৱনৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা আৰু চিকিৎসা জগতত নতুন পৰিৱৰ্তন গ্ৰহণ কৰাৰ বাবে তেওঁলোকক প্ৰশংসা কৰিছো। তেওঁলোকৰ নিপুণতাই আমাক গৌৰৱান্বিত কৰে!"
Compliments to our doctors for always being at the forefront of innovation and embracing new changes in the medical world. Their dexterity makes us proud! https://t.co/TsCaHhAxJP
— Narendra Modi (@narendramodi) February 13, 2023