Quoteপ্ৰধানমন্ত্ৰীয়ে ঘূৰ্ণীবতাহৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে
Quoteস্পৰ্শকাতৰ স্থানত বাস কৰা লোকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাটো সুনিশ্চিত কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰকঃ প্ৰধানমন্ত্ৰী
Quoteক্ষতিৰ ক্ষেত্ৰত সেইবোৰৰ তাৎক্ষণিক পুনৰুদ্ধাৰৰ বাবে প্ৰস্তুতিৰ সৈতে সকলো অত্যাৱশ্যকীয় সেৱাৰ তত্বাৱধান নিশ্চিত কৰকঃ প্ৰধানমন্ত্ৰী
Quoteপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আসন্ন ঘূৰ্ণীবতাহ 'বিপৰ্যয়’ৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন মন্ত্ৰালয়/গুজৰাট আৰু কেন্দ্ৰৰ সংস্থাসমূহৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আসন্ন ঘূৰ্ণীবতাহ 'বিপৰ্যয়’ৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন মন্ত্ৰালয়/গুজৰাট আৰু কেন্দ্ৰৰ সংস্থাসমূহৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে।

প্ৰধানমন্ত্ৰীয়ে অসুৰক্ষিত স্থানত বাস কৰা লোকসকলক ৰাজ্য চৰকাৰে যাতে সুৰক্ষিতভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব পাৰে আৰু শক্তি, দূৰসংযোগ, স্বাস্থ্য, খোৱা পানী আদিৰ দৰে সকলো অত্যাৱশ্যকীয় সেৱা অব্যাহত থকাটো সুনিশ্চিত কৰা আৰু ঘূৰ্ণীবতাহৰ ফলত ক্ষতি হোৱাসকলৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰীয়ে লগতে জন্তুৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে নিয়ন্ত্ৰণ কক্ষ ২৪ ঘণ্টাই খোলা ৰখাৰ বাবেও নিৰ্দেশনা দিয়ে।

বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে যে ঘূৰ্ণীবতাহ 'বিপৰ্যয়’ গুজৰাটৰ মাণ্ডৱীৰ মাজেৰে সৌৰাষ্ট্ৰ আৰু কচ্ছ আৰু গুজৰাটৰ জাখৌ বন্দৰৰ কাষেৰে পাকিস্তানৰ কৰাচী ১৫ জুনৰ দুপৰীয়াৰ ভিতৰত অতিক্ৰম কৰাৰ সম্ভাৱনা আছে আৰু প্ৰতি ঘণ্টাত সৰ্বাধিক ১২৫-১৩৫ কিলোমিটাৰ বেগত বতাহ বলিব। ইয়াৰ ফলত গুজৰাটৰ উপকূলীয় জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ভিতৰত আছে কচ্ছ, দেৱভূমি দ্বাৰকা আৰু জামনগৰত অত্যাধিক ধাৰাসাৰ বৰষুণ আৰু ১৪-১৫ জুনত গুজৰাটৰ পোৰবন্দৰ, ৰাজকোট, মৰবি আৰু জুনাগড় জিলাৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণ হব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনাইছে যে ৬ জুনত ঘূৰ্ণীবতাহ আৰম্ভ হোৱাৰ পিছৰে পৰাই নিয়মীয়া বুলেটিন জাৰী কৰি আহিছে আৰু সংশ্লিষ্ট সকলো ৰাজ্য আৰু সংস্থাক শেহতীয়া পূৰ্বানুমান জনাইছে।

বৈঠকত জনোৱা হয় যে গৃহ মন্ত্ৰালয়ে ২৪ ঘণ্টাই পৰিস্থিতি পৰ্যালোচনা কৰি আছে আৰু ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে যোগাযোগ কৰি আছে। এনডিআৰএফৰ ১২টা দলক নাও, গছ কটা সঁজুলি, টেলিকম সঁজুলি আদিৰে সজ্জিত কৰি ৰাখিছে আৰু ১৫ টা দলক জৰুৰী অৱস্থাৰ বাবে ৰাখিছে।

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নৌসেনাই সাহায্য, অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে জাহাজ আৰু হেলিকপ্টাৰ সাজু কৰি ৰাখিছে। নাও আৰু উদ্ধাৰ সঁজুলিৰ সৈতে বায়ু সেনা আৰু সেনাৰ অভিযন্তা টাস্ক ফ'ৰ্চ গোটসমূহ জৰুৰী অৱস্থাৰ সাজু হৈ আছে। নিৰীক্ষণ বিমান আৰু হেলিকপ্টাৰে উপকূলত ধাৰাবাহিক নিৰীক্ষণ চলাই আছে। সেনা, নৌ সেনা আৰু উপকূলৰক্ষী বাহিনীৰ দুৰ্যোগ সাহায্য দল (ডিআৰটি) আৰু চিকিৎসা দল (এমটি) সাজু হৈ আছে।

ঘূৰ্ণীবতাহৰ মোকাবিলা কৰিবলৈ গুজৰাট চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়। জিলা প্ৰশাসনৰ সৈতে মুখ্যমন্ত্ৰী পৰ্যায়ত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু যিকোনো আৱশ্যকীয় পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সমগ্ৰ ৰাজ্য প্ৰশাসনৰ যন্ত্ৰপাতি প্ৰস্তুত কৰা হৈছে। লগতে, কেবিনেট সচিব আৰু গৃহ সচিবে গুজৰাটৰ মুখ্য সচিব আৰু সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়/সংস্থাসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে।

বৈঠকত গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, কেবিনেট সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

 

  • naval kishor June 17, 2023

    जय भाजपा🇮🇳🚩
  • DHARAM PAL June 17, 2023

    namo namo Jai shree Ram
  • Pawan sumbria village bungal June 17, 2023

    BJP zindabad
  • jadavhetaldahyalal June 17, 2023

    *CBI चीफ लखनऊ की एक रिपोर्ट* *लड़कियां विशेष ध्यान दें। क्या आप जानते है।* *बॉडी पार्ट्स आते कहाँ से है???* आपने सुना होगा कि 40 लाख देकर किडनी बदलवा लो। वो भी 16 - 25 आयु के आसपास की मजबूत किडनी.. अब सोचो आखिर ये बॉडीपार्ट्स कहाँ से आते है...? मुर्दाघरो में पड़ी लाशो से या एक्सीडेंट में मरने वालो से...?? एक जगह और है। वो है... भारत में मिडिल क्लास फैमिली की लड़कियां...!!! ये लड़कियां सिगरेट, गुटखा या शराब नही यूज करती। इनके दाँत, हड्डी, आँते, चमडा़, दिल, लीवर, किडनी, सब सही और ट्रांसप्लांट के लिए अच्छे होते है..._ इन लडकियों को *प्यार में फसाकर* या *नौकरी का झांसा* देकर कहीं भी ले जाना आसान होता है... इसलिए सुन्दर स्मार्ट हीरोटाइप लडके इन लड़कियों को जाल में फंसाते हैं... ये लडके वास्तव में *प्रोफेशनल क्रिमिनल* होते हैं,, ये पैसे के लिए कुछ भी कर सकते है। - हर साल *फरवरी के अंत तक मिडिल क्लास फैमिली की 2 से 4 लाख लडकियां घर से गायब* हो जाती हैं... व्यौरा दिया जाता है कि... *आशिकी में घर से भाग गयी..,*ना तो कोई *केस* बनता है, ना कोई *खोजता* है... बाद में उनका कोई पता नहीं चलता ..*जरा सोचिये, *ये लडकिया कहाँ पहुँच जाती है??* अब आप अच्छी तरह समझ सकते हो..., असल में पहले तो *इन बच्चियों का भरपूर शारीरिक शोषण किया जाता है। उसके बाद इनकी हत्या कर दी जाती है और शरीर के अंग बेचकर कमाई की जाती है..* - अभी आप गूगल पर ' *Black market price of human body parts* सर्च करके अंगो के भाव देखिएगा.. फिर *Organ Transplant Rate in India* सर्च करके अंग प्रत्यारोपण का खर्च देखना... अगर एक *लडकी की बॉडी के अंगों की सही कीमत लगे, तो कम से कम 5 करोड़ आराम से* मिल जाता है,,। इसीलिए *लव और मानव तस्करी पर ना तो कभी कोई कानून बनता है, और ना ही कोई बनने देता है...।* - एक बात और **ये घटनाये ज्यादातर उन्हीं लडकिया के साथ होती हैं, जिनके परिवार कमजोर होते है या जिनके कोई राजनितिक या क़ानूनी Approach/पकड़ नही* होती...। -- 2015 में UP से *4000 लडकिया गायब* हुई थी, वही 2017 से 2018 तक 7000 लड़कियां गायब हुई थी। औऱ ये घटनायें अधिकतर लखनऊ, दिल्ली, मुम्बई जैसे बड़े सहरो में अधिक पाई गई है। - माना कि हमारी लाड़ली बहिन बेटियां *सब जानती* हैं, लेकिन *क्रिमिनल मार्केटिंग* और *अंग प्रत्यारोपण* के लिए *सही और असली अंग आते कहाँ से हैं...* ये नही जानती,,, - - अपनी बहिन बेटियों का ध्यान दें, क्योंकि, *जो बाहर हो रहा है, वो हमारे घर में कभी भी हो सकता है...!* औऱ लोगो की सही सलाह ले। किसी के झांसे में न आये। कृपया, पढ़कर अपने संपर्क में सभी को शेयर कीजिये जिससे *किसी की बहन-बेटी इस तरह के षड़यंत्र का शिकार ना हो!* यह षडयंत्र किसी भी तरह से अंजाम दिया जा सकता है वैवाहिक विज्ञापन द्वारा..विवाह प्रस्ताव द्वारा..नौकरी का झांसा देकर.. फ़ेसबुक दोस्ती द्वारा ...अत :हर प्रकार से सतर्कता आवश्यक है परिवार में, घर में, दोस्तों में, *चर्चा करने *बहिन-बेटी की अनमोल जान* बचा सकेगी आइये हम अपना नैतिक दायित्व निभाएं *क्राइम ब्रांच लखनऊ* *उत्तर प्रदेश* प्लीज इस पर गौर करें हम इधर उधर के मैसेज तो रोज ही भेजते रहते हैं यह हमारे देश की बहन बेटियां लड़कियों की इज्जत और उनकी जान का सवाल है कृपया ज्यादा से ज्यादा इस मैसेज को साझा करें धन्यवाद *CBI चीफ लखनऊ* 🤔😱😯...सादर राधे राधे 🙏
  • Vinod Chandra Tiwari June 17, 2023

    जय भारत जय उत्तराखण्ड
  • hari shankar shukla June 17, 2023

    नमो नमो
  • Pritiva Deb June 17, 2023

    Great 🙏🙏🙏
  • Dipu Tarafdar June 17, 2023

    Very good service
  • INDIAN June 17, 2023

    congratulations modiji for handling the cyclone effected areas effectively to minimize the casualties. Thanks for the central and state govt.
  • Beejal Technical June 17, 2023

    hello im from pakistan plz help me
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
1 in 3 US smartphone imports now made in India, China’s lead shrinks

Media Coverage

1 in 3 US smartphone imports now made in India, China’s lead shrinks
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 জুলাই 2025
July 26, 2025

Citizens Appreciate PM Modi’s Vision of Transforming India & Strengthening Global Ties