হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত অনুষ্ঠিত মহিলাৰ হেপ্টাথলন ৮০০ মিটাৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নন্দিনী আগাচাৰাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"মহিলাৰ হেপ্টাথলন ৮০০ মিটাৰ ইভেণ্টত নন্দিনী আগচাৰাৰ অসাধাৰণ ব্ৰঞ্জ পদক বিজয়ত ভাৰত আনন্দিত। তেওঁ এগৰাকী পূৰ্ণ চেম্পিয়ন, যিয়ে ক্ৰীড়া চেতনা আৰু উৎকৃষ্টতাক প্ৰদৰ্শন কৰে। তেওঁক অভিনন্দন জনাইছোঁ আৰু আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা যাচিছোঁ।"
India celebrates the phenomenal Bronze Medal by @AgasaraNandini in Women's Heptathlon 800m event. She is an absolute champion, personifying sporting spirit and excellence. Congrats to her and all the best for the endeavours ahead. pic.twitter.com/nMe1E5vDoO
— Narendra Modi (@narendramodi) October 1, 2023