২০২০ ৰ ১১ মাৰ্চৰপৰা পৰৱৰ্তী সময়ছোৱাত ক’ভিড-১৯ মহামাৰীৰ বাবে পিতৃ-মাতৃ উভয়কে বা আইনগত অভিভাৱক বা পালন কৰা পিতৃ-মাতৃ বা পিতৃ-মাতৃক হেৰুৱাবলগীয়া হোৱা শিশুহঁতক সহায়ৰ অৰ্থে ২০২১ ৰ ২৯ মে’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুৰ অৰ্থে পিএম কেয়াৰ্ছ আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিখনৰ উদ্দেশ্য হৈছে নিৰন্তৰভাৱে শিশুসকলৰ সৰ্বাংগীন যত্ন আৰু সুৰক্ষা নিশ্চিতকৰণ আৰু স্বাস্থ্য বীমাৰ জৰিয়তে তেওঁলোকৰ কল্যাণ সমৰ্থন, শিক্ষাৰ জৰিয়তে তেওঁলোকক সবলীকৰণ আৰু ২৩ বছৰ বয়সত ভৰি দিয়াৰ লগে-লগে আৰ্থিক সহায়তাসহ স্বয়ংসম্পূৰ্ণ জীৱনৰ অৰ্থে তেওঁলোকক সমৃদ্ধ কৰি তোলা।
কেন্দ্ৰীয় পৰ্য্যায়ত এই আঁচনিখন সম্পাদনৰ বাবে ন’ডেল মন্ত্ৰালয় হ’ব মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত কিশোৰ ন্যায় (Juvenile Justice) ব্যৱস্থা চোৱাচিতা কৰা চৰকাৰৰ সংশ্লিষ্ট বিভাগটো হ’ব ৰাজ্যিক পৰ্য্যায়ৰ ন’ডেল এজেন্সী। এই আঁচনি জিলা পৰ্য্যায়ত সম্পাদনৰ অৰ্থে জিলা দণ্ডাধীশসকল জিলা পৰ্য্যায়ৰ ন’ডেল কৰ্তৃপক্ষ হ’ব।
অনলাইন পৰ্টেল https://
১৫-০৭-২১ ত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে পৰ্টেলটো প্ৰৱৰ্তন কৰা হয় আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক যোগ্য শিশুসকলক চিনাক্তকৰণ আৰু তেওঁলোকক পৰ্টেলটোত পঞ্জীয়ন কৰাবলৈ কোৱা হৈছে। পৰ্টেলটোৰ জৰিয়তে যিকোনো নাগৰিকেই এই আঁচনিখনৰ অধীনত সহায়ৰ অৰ্থে যোগ্য শিশুসকল সন্দৰ্ভত প্ৰশাসনক অৱগত কৰিব পাৰে।