
আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থ শ্ৰীযুত জি কিষাণ ৰেড্ডীৰ বাসগৃহত আয়োজিত সংক্ৰান্তি আৰু পোংগল উদযাপনত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে সংক্ৰান্তি আৰু পোংগল অতি উলহ মালহেৰে উদযাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ই আমাৰ সংস্কৃতিৰ কৃষি পৰম্পৰাত গভীৰভাৱে শিপাই থকা কৃতজ্ঞতা, প্ৰাচুৰ্য আৰু নতুনত্বৰ উদযাপন।
প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্সত এটা পোষ্টত উল্লেখ কৰে -
"মোৰ মন্ত্ৰীসভাৰ সতীৰ্থ শ্ৰী জি কিষাণ ৰেড্ডী গাৰুৰ বাসগৃহত আয়োজিত সংক্ৰান্তি আৰু পোংগল উদযাপনত অংশ কৰো। লগতে এক উৎকৃষ্ট সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হও।"
সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে অতি উলহ-মালহেৰে সংক্ৰান্তি আৰু পোংগল উদযাপন কৰে। এয়া হৈছে আমাৰ সংস্কৃতিৰ কৃষি পৰম্পৰাত গভীৰভাৱে শিপাই থকা কৃতজ্ঞতা, প্ৰাচুৰ্যতা আৰু নতুনত্বৰ এক অনবদ্য উদযাপন।
সংক্ৰান্তি আৰু পোংগলৰ শুভেচ্ছা জনালো সদৌটিকে। সকলোৰে সুখ সমৃদ্ধি, সুস্বাস্থ্য আৰু আগন্তুক শস্য চপোৱাৰ প্ৰাচুৰ্য কামনা কৰিলোঁ।"
@kishanreddybjp
Attended Sankranti and Pongal celebrations at the residence of my ministerial colleague, Shri G. Kishan Reddy Garu. Also witnessed an excellent cultural programme.
— Narendra Modi (@narendramodi) January 13, 2025
People across India celebrate Sankranti and Pongal with great fervour. It is a celebration of gratitude, abundance… pic.twitter.com/avPKmFP1oU
"সংক্ৰান্তি অনুষ্ঠানৰ কিছু ছবি ইয়াত দিয়া হ'ল। লগতে ভোগী জুই জ্বলালো।"
Here are some more pictures from the Sankranti programme. Also lit the Bhogi fire. pic.twitter.com/lmD2m7vqE9
— Narendra Modi (@narendramodi) January 13, 2025