Quoteবিশ্বৰ দৃষ্টি আৰু প্ৰত্যাশা ভাৰতৰ ওপৰত নিবদ্ধ আছে: প্ৰধানমন্ত্ৰী
Quoteভাৰতে দুগুণ গতিৰে আগবাঢ়িছে, মাত্ৰ এটা দশকতে ইয়াৰ অৰ্থনীতিৰ আকাৰ দুগুণ কৰিছে: প্ৰধানমন্ত্ৰী
Quoteযিসকলে ভাবিছিল যে ভাৰতে ধীৰ আৰু স্থিৰভাৱে আগবাঢ়িব, তেওঁলোক এতিয়া এক দ্ৰুত আৰু নিৰ্ভীক ভাৰতৰ সাক্ষী হ'ব: প্ৰধানমন্ত্ৰী
Quoteবিলম্ব হৈছে উন্নয়নৰ শত্ৰু: প্ৰধানমন্ত্ৰী
Quoteযেতিয়া বিকাশ আকাংক্ষাৰ দ্বাৰা চালিত হয়, ই সামগ্ৰিক আৰু বহনক্ষম হৈ উঠে: প্ৰধানমন্ত্ৰী
Quote‘ৱাকফ আইন’-য়ে সকলোৰে বাবে মৰ্যাদা নিশ্চিত কৰে, বিশেষকৈ প্রান্তিক লোকসকলৰ বাবে: প্ৰধানমন্ত্ৰী
QuoteWAVES will empower Indian artists to create and take their content to the global stage: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে। সমবেত সকলক সম্বোধন কৰি তেওঁ এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু সমগ্ৰ বিশ্বৰ সন্মানীয় অতিথিসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে ‘নেটৱৰ্ক১৮’লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ভাৰতৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষাৰ প্ৰতি এই বছৰৰ সন্মিলনে গুৰুত্ব প্ৰদান কৰা কথাক প্ৰশংসা কৰে। ‘ভাৰত মণ্ডপম’ত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত 'বিকশিত ভাৰত যুৱ নেতা আলাপ'ৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি তেওঁ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যুৱসকলৰ সপোন, সংকল্প আৰু আবেগ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতৰ প্ৰগতিৰ পথ-পৰিকল্পনা যুগুতোৱাত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিটো পদক্ষেপত নিৰন্তৰ আলোচনাই মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। তেওঁ উল্লেখ কৰে যে এই অন্তৰ্দৃষ্টিয়ে ‘অমৃত কালৰ প্ৰজন্ম’ক শক্তি, নিৰ্দেশনা আৰু গতি ত্বৰান্বিত কৰিব। তেওঁ সন্মিলনৰ বাবে অভিনন্দন আৰু সফলতাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।

"বিশ্বৰ দৃষ্টি আৰু প্ৰত্যাশা ভাৰতৰ ওপৰত আছে", শ্ৰী মোদীয়ে কয় যে কেবছৰমানৰ ভিতৰতে ভাৰত একাদশ তম স্থানৰ পৰা পঞ্চম বৃহত্তম অৰ্থনীতিলৈ উন্নীত হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয়, "বহুতো গোলকীয় প্ৰত্যাহ্বান স্বত্বেও ভাৰতে দুগুণ গতিত আগবাঢ়িছে, মাত্ৰ এটা দশকৰ ভিতৰতে ইয়াৰ অৰ্থনীতিৰ আকাৰ দুগুণ কৰিছে"। তেওঁ মন্তব্য কৰি কয় যে যিসকলে এসময়ত বিশ্বাস কৰিছিল যে ভাৰত লাহে লাহে আৰু স্থিৰভাৱে আগবাঢ়িব তেওঁলোক এতিয়া 'দ্ৰুত আৰু নিৰ্ভীক ভাৰত'ৰ সাক্ষী হৈছে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে ভাৰত অচিৰেই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হ'ব। "এই অভূতপূৰ্ব বিকাশ ভাৰতৰ যুৱপ্ৰজন্মৰ উচ্চাভিলাষ আৰু আকাংক্ষাৰ দ্বাৰা পৰিচালিত হৈছে", তেওঁ কয় যে এই উচ্চাভিলাষ আৰু আকাংক্ষাসমূহ কঢ়িয়াই অনাটো হৈছে এতিয়া এক ৰাষ্ট্ৰীয় প্ৰাথমিকতা।

 

|

আজিৰ তাৰিখ, ৮ এপ্ৰিল, ২০২৫ পৰ্যন্ত, দুদিনমানৰ ভিতৰতে বছৰটোৰ প্ৰথম ১০০টা দিন  সম্পূৰ্ণ হ'বলৈ ওলাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সময়ছোৱাত লোৱা সিদ্ধান্তসমূহে ভাৰতৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষাকে প্ৰতিফলিত কৰিছে। তেওঁ ১২ লাখ টকা পৰ্যন্ত উপাৰ্জনৰ ক্ষেত্ৰত শূন্য কৰ, যুৱ পেছাদাৰী আৰু উদ্যোগীসকলক লাভান্বিত কৰাকে ধৰি গুৰুত্বপূৰ্ণ পদক্ষেপসমূহত আলোকপাত কৰে। তেওঁ চিকিৎসা পাঠ্যক্ৰমৰ ১০,০০০ নতুন আসন আৰু ‘আইআইটি’সমূহত ৬,৫০০ নতুন আসন যোগ দিয়াৰ কথা উল্লেখ কৰে, যাৰ ফলত শিক্ষাৰ সম্প্ৰসাৰণ আৰু উদ্ভাৱনত ত্বৰণ বৃদ্ধি হৈছে। শ্ৰী মোদীয়ে ৫০,০০০ নতুন অটল টিঙ্কাৰিং লেব স্থাপনৰ কথাও উল্লেখ কৰে, যাতে দেশৰ প্ৰতিটো কোণত উদ্ভাৱন নিশ্চিত কৰিব পৰা যায়। তেওঁ মন্তব্য কৰি কয় যে এই পৰীক্ষাগাৰসমূহে উদ্ভাৱনৰ শৃংখল প্ৰতিক্ৰিয়া প্ৰজ্বলিত কৰিব। ‘এআই’-ৰ বাবে উৎকৃষ্টতা কেন্দ্ৰ সৃষ্টি আৰু দক্ষতা বিকাশত আলোকপাত কৰি যুৱ প্ৰজন্মক ভৱিষ্যতৰ বাবে সাজু হোৱাৰ সুযোগ প্ৰদান কৰি শ্ৰী মোদীয়ে ধাৰণাসমূহৰ পৰা প্ৰভাৱলৈ যাত্ৰা সৰল কৰাৰ বাবে ১০,০০০ নতুন ‘প্ৰধানমন্ত্ৰী গৱেষণা ফেলোশ্বিপ’ ঘোষণা কৰে। তেওঁ মন্তব্য কৰে যে ‘মহাকাশ খণ্ড’ মুকলি কৰাৰ দৰেই এতিয়া ‘পাৰমাণৱিক শক্তি খণ্ড’ও মুকলি কৰা হ'ব, সীমা আঁতৰোৱা হ'ব আৰু উদ্ভাৱন উদগণি জনোৱা হ'ব। তেওঁ গিগ অৰ্থনীতিত নিয়োজিত যুৱসকলৰ বাবে সামাজিক সুৰক্ষা প্ৰৱৰ্তনৰ কথা উল্লেখ কৰে আৰু নিশ্চিত কৰে যে আগতে অদৃশ্য হৈ থাকিবলগীয়া হোৱা লোকসকল এতিয়া নীতিৰ কেন্দ্ৰত আছে। তেওঁ অনুসূচিত জাতি/জনজাতি আৰু মহিলা উদ্যোগীসকলৰ বাবে ২ কোটি টকালৈকে ম্যাদী ঋণৰ কথাও উল্লেখ কৰে আৰু গুৰুত্ব আৰোপ কৰে যে অন্তৰ্ভুক্তি এতিয়া কেৱল প্ৰতিশ্ৰুতিয়েই হৈ থকা নাই বৰং এক নীতি হৈ উঠিছে। এই সিদ্ধান্তসমূহে ভাৰতৰ যুৱপ্ৰজন্মক পোনপটীয়াকৈ লাভান্বিত কৰিব, কিয়নো দেশৰ প্ৰগতি ইয়াৰ যুৱপ্ৰজন্মৰ প্ৰগতিৰ সৈতে জড়িত হৈ আছে, তেওঁ কয়।

"বিগত ১০০ দিনৰ সাফল্যই প্ৰমাণ কৰে যে ভাৰত ইয়াৰ প্ৰগতি ক্ষেত্ৰত অপ্ৰতিৰোধ্য, অটল আৰু অবিচল", শ্ৰী মোদীয়ে কয় যে এই সময়ছোৱাত ভাৰত ‘ছেটেলাইট ডকিং আৰু আনডকিং’ ক্ষমতা অৰ্জন কৰা বিশ্বৰ চতুৰ্থখন দেশ হৈ উঠিছে। তেওঁ ‘ছেমি-ক্ৰায়'জেনিক ইঞ্জিন’ৰ সফল পৰীক্ষা আৰু ১০০ গিগাৱাট সৌৰ সামৰ্থ্য অতিক্ৰম কৰাৰ দৰে সাফল্য অৰ্জনৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে ১,০০০ নিযুত টনৰ অভিলেখ কয়লা উৎপাদন আৰু ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ শুভাৰম্ভত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ‘অষ্টম দৰমহা আয়োগ’ গঠনৰ সিদ্ধান্ত আৰু কৃষকসকলৰ বাবে সাৰৰ ৰাজসাহায্য বৃদ্ধিৰ কথাও উল্লেখ কৰে আৰু কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰৰ প্ৰাথমিকতাৰ কথা উল্লেখ কৰে। তেওঁ ছত্তীশগড়ৰ ৩ লাখতকৈয়ো অধিক পৰিয়ালৰ বাবে গণ গৃহনিৰ্মাণ অনুষ্ঠান আৰু স্বামিত্ব আঁচনিৰ অধীনত ৬৫ লাখতকৈয়ো অধিক সম্পত্তি পত্ৰ বিতৰণৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই ১০০ দিনত বিশ্বৰ অন্যতম উচ্চতম সুৰংগ ‘সোণামাৰ্গ সুৰংগ’ ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা হৈছে। তেওঁ ভাৰতীয় নৌসেনাৰ সামৰ্থ্যত ‘আইএনএছ চুৰাট’, ‘আইএনএছ নীলগিৰি’ আৰু ‘আইএনএছ ভাগশীৰ’ৰ সংযোজনৰ কথা উল্লেখ কৰে। তেওঁ সেনাৰ বাবে 'মে’ড ইন ইণ্ডিয়া' পাতল যুঁজাৰু হেলিকপ্টাৰ ক্ৰয়ৰ অনুমোদনৰ কথাও উল্লেখ কৰে। তেওঁ ‘ৱাকফ সংশোধনী বিধেয়ক’ গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আলোকপাত কৰে। তেওঁ লগতে কয় যে এই ১০০ দিনে কেৱল ১০০ টা সিদ্ধান্তই নহয়, ১০০ টা সংকল্প পূৰণকো প্ৰতিনিধিত্ব কৰে।

 

|

"প্ৰদৰ্শনৰ এই মন্ত্ৰ হৈছে উদীয়মান ভাৰতৰ আঁৰৰ প্ৰকৃত শক্তি", প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া ৰামেশ্বৰম ভ্ৰমণৰ কথা উল্লেখ কৰি কয়, য'ত তেওঁ ঐতিহাসিক ‘পাম্বান দলং’ উদ্বোধন কৰাৰ সুযোগ পাইছিল। তেওঁ উল্লেখ কৰে যে ১২৫ বছৰৰ আগতে ব্ৰিটিছে তাত এখন দলং নিৰ্মাণ কৰিছিল, যিয়ে ইতিহাসৰ সাক্ষী আছিল, ধুমুহা সহ্য কৰিছিল আৰু ঘূৰ্ণীবতাহৰ ফলত গুৰুত্বপূৰ্ণ ক্ষতিগ্ৰস্ত হৈছিল। বহু বছৰৰ ৰাজহুৱা দাবী স্বত্বেও পূৰ্বৰ চৰকাৰসমূহে এই কাম কৰাত ব্যৰ্থ হৈছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰৰ অধীনত নতুন পাম্বান দলঙৰ কাম আৰম্ভ হৈছে আৰু দেশত এতিয়া প্ৰথম ‘ভাৰ্টিকল লিফ্ট ৰে'ল-সাগৰীয় দলং’ আছে।

প্ৰকল্পসমূহ  বিলম্বিত হোৱাৰ ফলত দেশৰ প্ৰগতি বাধাগ্ৰস্ত হয় বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "বিলম্ব হৈছে উন্নয়নৰ শত্ৰু আৰু আমাৰ চৰকাৰ এই শত্ৰুক পৰাস্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ"। প্ৰকল্পসমূহ বিলম্বিত হোৱাৰ ফলত দেশৰ প্ৰগতি বাধাগ্ৰস্ত হয় বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "বিলম্ব হৈছে উন্নয়নৰ শত্ৰু আৰু আমাৰ চৰকাৰ এই শত্ৰুক পৰাস্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ"। তেওঁ অসমৰ ‘বগীবিল দলঙ’ৰ উদাহৰণ দাঙি ধৰে, যাৰ আধাৰশিলা ১৯৯৭ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী দেৱগৌড়াই স্থাপন কৰিছিল আৰু প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীয়ে ইয়াৰ নিৰ্মাণ আৰম্ভ কৰিছিল। অৱশ্যে, পৰৱৰ্তী চৰকাৰৰ অধীনত প্ৰকল্পটো স্থবিৰ হৈ পৰে, যাৰ ফলত অৰুণাচল প্ৰদেশ আৰু অসমত লাখ লাখ লোকৰ বাবে অসুবিধাৰ সৃষ্টি হয়, তেওঁ লগতে কয়। তেওঁ উল্লেখ কৰে যে তেওঁৰ চৰকাৰে ২০১৪ চনত প্ৰকল্পটো পুনৰ আৰম্ভ কৰিছিল আৰু ২০১৮ চনত চাৰি বছৰৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰিছিল। তেওঁ কেৰালাৰ ‘কোল্লাম বাইপাছ ৰোড প্ৰকল্প’ৰ কথাও উল্লেখ কৰে, যিটো ১৯৭২ চনৰ পৰা স্থগিত হৈ আছে। তেওঁ উল্লেখ কৰে যে পূৰ্বৰ চৰকাৰসমূহে ৫০ বছৰ ধৰি ইয়াক লৈ কাম কৰিছিল, যদিও প্ৰকল্পটো তেওঁৰ চৰকাৰৰ অধীনত পাঁচ বছৰৰ ভিতৰত সম্পূৰ্ণ হৈছিল। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ১৯৯৭ চনত নৱী মুম্বাই বিমানবন্দৰৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছিল আৰু ই ২০০৭ চনত অনুমোদন লাভ কৰিছিল। অৱশ্যে, তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ চৰকাৰে প্ৰকল্পটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাছিল। তেওঁ জোৰ দি কয় যে তেওঁৰ চৰকাৰে প্ৰকল্পটোৰ কাম-কাজৰ গতি ত্বৰান্বিত কৰিছে আৰু নৱী মুম্বাই বিমানবন্দৰৰ পৰা বাণিজ্যিক বিমানৰ চলাচল আৰম্ভ হোৱালৈ আৰু বেছিদন নাই।

 

|

‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ৰ ‘দশম বাৰ্ষিকী’ উপলক্ষে ৮ এপ্ৰিলৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ইয়াৰ পূৰ্বে গেৰাণ্টী অবিহনে বেংক একাউণ্ট খোলাটোৱেই এক প্ৰত্যাহ্বান আছিল আৰু সাধাৰণ পৰিয়ালসমূহৰ বাবেতো বেংক ঋণ এক দূৰৈৰ সপোনেই আছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে মুদ্ৰা যোজনাত অনুসূচিত জাতি/জনজাতি, অ'বিচি, ভূমিহীন শ্ৰমিক আৰু মহিলাকে ধৰি প্রান্তিক গোটসমূহৰ আশা-আকাংক্ষাক সম্বোধন কৰা হৈছে, কঠোৰ পৰিশ্ৰমৰ বাহিৰে তেওঁলোকৰ আন বিকল্পই নাছিল।

তেওঁলোকৰ সপোন, আকাংক্ষা আৰু প্ৰচেষ্টাসমূহ কম মূল্যৱান নেকি বুলি প্ৰশ্ন কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিগত এটা দশকত মুদ্ৰা যোজনাৰ অধীনত কোনো জামানত নোহোৱাকৈয়ে ৫২ কোটি ঋণ বিতৰণ কৰা হৈছে। তেওঁ আঁচনিখনৰ উল্লেখনীয় পৰিমাপ আৰু গতিৰ কথা উল্লেখ কৰি কয় যে ট্ৰেফিক লাইট সেউজীয়া হ'বলৈ লগা সময়কণতে ১০০ টা মুদ্ৰা ঋণ মোকলাই দিয়া হয়, দাঁত ব্ৰাছ কৰোঁতে লগা সময়কণতে ২০০ টা ঋণ অনুমোদিত হয়, আৰু ৰেডিঅ'ত এটা প্ৰিয় গান শুনাৰ সময়ত ৪০০ টা ঋণ মঞ্জুৰ কৰা হয়। তেওঁ লগতে মন্তব্য কৰে যে এটা ‘অৰ্ডাৰ’ পূৰণ কৰিবলৈ তাৎক্ষণিক ‘ডেলিভাৰী এপ’-য়ে লোৱা সময়তে, ১,০০০ মুদ্ৰা ঋণ মঞ্জুৰ কৰা হৈছে। একেদৰে, ‘অ'টিটি প্লেটফৰ্ম’ত এটা খণ্ড সমাপ্ত কৰাৰ সময়তে ৫,০০০ মুদ্ৰা ব্যৱসায় প্ৰতিষ্ঠা হৈছে।

 

|

"মুদ্ৰা যোজনাই গেৰাণ্টী দাবী কৰা নাছিল, বৰঞ্চ জনসাধাৰণৰ ওপৰত বিশ্বাসহে ৰাখিছিল", শ্ৰী মোদীয়ে কয় যে এই আঁচনিয়ে ১১ কোটি ব্যক্তিক প্ৰথমবাৰৰ বাবে স্ব-নিয়োজনৰ বাবে ঋণ লাভ কৰিবলৈ সক্ষম কৰিছে, যাৰ ফলত তেওঁলোক প্ৰথমবাৰৰ বাবে উদ্যোগীলৈ ৰূপান্তৰিত হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে বিগত এটা দশকত মুদ্ৰা যোজনাৰ জৰিয়তে ১১ কোটি সপোনক ডেউকা প্ৰদান কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এই আঁচনিৰ অধীনত প্ৰায় ৩৩ লাখ কোটি টকা বিতৰণ কৰা হৈছে, যি গাঁও আৰু সৰু চহৰসমূহত উপনীত হৈছেগৈ– যিয়ে বহুতো দেশৰ ‘জিডিপি’কো অতিক্ৰম কৰিছে। "এয়া কেৱল ক্ষুদ্ৰ বিত্তায়ণেই নহয়, তৃণমূল পৰ্যায়ত এক বৃহৎ পৰিৱৰ্তনো", তেওঁ জোৰ দি কয়।

‘উচ্চাকাংক্ষী জিলা আৰু খণ্ড’সমূহৰ ৰূপান্তৰণশীলতাৰ নিদৰ্শন দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে পূৰ্বৰ চৰকাৰসমূহে ১০০ খনতকৈয়ো অধিক জিলাক, ইয়াৰ বহুখিনিয়েই উত্তৰ-পূব আৰু জনজাতীয় অঞ্চলত আছিল, পিছপৰা বুলি ঘোষণা কৰিছিল আৰু সেইসমূহ জিলাক অৱহেলিত কৰি ৰাখিছিল। এই জিলাসমূহত সৰ্বশ্ৰেষ্ঠ প্ৰতিভাধৰসকলক নিয়োজিত কৰাৰ পৰিৱৰ্তে, বিষয়াসকলক শাস্তিমূলক নিযুক্তি হিচাপেহে তেনেবোৰ জিলালৈ প্ৰেৰণ কৰা হৈছিল, যিয়ে "পিছপৰা" অঞ্চলবোৰ স্থবিৰ কৰি ৰখাৰ পুৰণি মানসিকতাক প্ৰতিফলিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁলোকৰ চৰকাৰে এই ক্ষেত্ৰসমূহক উচ্চাকাংক্ষী জিলা হিচাপে মনোনীত কৰি এই পদ্ধতি সলনি কৰিছে। তেওঁ কয় যে এই জিলাসমূহৰ প্ৰশাসনক প্ৰাথমিকতা দিয়া হৈছে, ধ্বজাবাহী আঁচনিসমূহ অভিযানৰ ৰূপত ৰূপায়ণ কৰা হৈছে আৰু বিভিন্ন মাপকাঠিত বিকাশৰ ধাৰ নিৰীক্ষণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এই উচ্চাকাংক্ষী জিলাসমূহে এতিয়া কেবাখনো ৰাজ্য আৰু প্ৰদৰ্শনৰ ৰাষ্ট্ৰীয় গড় অতিক্ৰম কৰিছে, যাৰ ফলত স্থানীয় যুৱক-যুৱতীসকল আটাইতকৈ বেছি লাভান্বিত হৈছে। তেওঁ উল্লেখ কৰে যে এই জিলাসমূহৰ যুৱপ্ৰজন্মই এতিয়া আত্মবিশ্বাসেৰে কয়, "আমিও সম্ভৱ কৰিব পাৰোঁ, আমিও উন্নতি কৰিব পাৰোঁ।" প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে উচ্চাকাংক্ষী জিলা কাৰ্যসূচীয়ে প্ৰতিষ্ঠিত প্ৰতিষ্ঠান আৰু আলোচনীসমূহৰ পৰা গোলকীয় স্বীকৃতিও লাভ কৰিছে। ইয়াৰ সফলতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ চৰকাৰে এতিয়া ৫০০ ‘উচ্চাকাংক্ষী খণ্ড’ত কাম কৰি আছে। "আকাংক্ষাৰ দ্বাৰা চালিত বিকাশ সামগ্ৰিক আৰু বহনক্ষম দুয়োধৰণৰ", তেওঁ গুৰুত্ব আৰোপ কৰে।

এখন ৰাষ্ট্ৰৰ দ্ৰুত বিকাশৰ বাবে শান্তি, স্থিৰতা আৰু নিৰাপত্তাৰ অনুভূতি অপৰিহাৰ্য বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ নিৰ্ভীক আৰু আত্মবিশ্বাসী মনৰ দৃষ্টিভংগীৰ উদ্ধৃতি দি কয়, "য'ত মন ভয়মুক্ত হয় আৰু উন্নত হয় শিৰ।" তেওঁ কয় যে কেবা দশক ধৰি ভাৰতে ভয়, সন্ত্ৰাস আৰু হিংসাত্মক পৰিৱেশৰ সন্মুখীন হৈছিল, যাৰ ফলত যুৱপ্ৰজন্মৰ আটাইতকৈ বেছি ক্ষতি হৈছিল। তেওঁ উল্লেখ কৰে যে জম্মু-কাশ্মীৰত প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি যুৱক-যুৱতীসকল বোমা বিস্ফোৰণ, গুলীবৰ্ষণ আৰু শিলগুটি নিক্ষেপৰ সন্মুখীন হবলগীয়া হৈছিল যদিও পূৰ্বৰ চৰকাৰসমূহৰ এই জুই নিৰ্বাপিত কৰাৰ বাবে সাহসৰ অভাৱ আছিল। তেওঁ জোৰ দি কয় যে তেওঁলোকৰ চৰকাৰৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা আৰু সংবেদনশীলতাই জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতি সলনি কৰিছে। তেওঁ উল্লেখ কৰে যে আজি জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকল সক্ৰিয়ভাৱে উন্নয়নত নিয়োজিত হৈ আছে।

নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু উত্তৰ-পূৰ্বাঞ্চলত শান্তি স্থাপনৰ ক্ষেত্ৰত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এসময়ত ১২৫ খনতকৈয়ো অধিক জিলা হিংসাই আৱৰি আছিল, য'ত নক্সালবাদ আৰম্ভ হৈছিল তাত চৰকাৰী সীমা কাৰ্যকৰীভাৱে সমাপ্ত হৈছিল। তেওঁ উল্লেখ কৰে যে বহু সংখ্যক যুৱক নক্সালবাদৰ ভুক্তভোগী হৈছিল। তেওঁ এই যুৱকসকলক মূলসুঁতিলৈ অনাৰ বাবে তেওঁৰ চৰকাৰৰ প্ৰচেষ্টা প্ৰসংগ উল্লেখ কৰে। বিগত এটা দশকত ৮,০০০ তকৈয়ো অধিক নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে আৰু হিংসাৰ পথ ত্যাগ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা এতিয়া ২০ খনতকৈয়ো কম হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে উত্তৰ-পূৰ্বাঞ্চলেও কেবা দশক ধৰি বিচ্ছিন্নতাবাদ আৰু হিংসা সহ্য কৰি আহিছে। যোৱা ১০ বছৰত তেওঁৰ চৰকাৰে ১০ খন শান্তি চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ ফলত ১০,০০০ ৰো অধিক যুৱক-যুৱতীয়ে অস্ত্ৰ-শস্ত্ৰ সমৰ্পণ কৰিছে আৰু উন্নয়নৰ পথত যোগদান কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই সফলতা কেৱল হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰাতেই নহয়, তেওঁলোকৰ বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষিত কৰাতো নিহিত আছে।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে কেবা দশক ধৰি ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ নিষ্পতি কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক দলিচাৰ তলত ঢাকি ৰখা হৈছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ সময় আহি পৰিছে আৰু বিংশ শতিকাৰ ৰাজনৈতিক ভুলবোৰ একবিংশ শতিকাৰ প্ৰজন্মৰ বোজা নকৰে। তেওঁ উল্লেখ কৰে যে তোষণৰ ৰাজনীতি হৈছে ভাৰতৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। ৱাকফ সম্পৰ্কীয় আইনসমূহৰ শেহতীয়া সংশোধনী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৱাকফক লৈ হোৱা বিতৰ্ক উদ্ভৱ হৈছে তোষণৰ ৰাজনীতিৰ পৰা, যিটো কোনো নতুন পৰিঘটনা নহয়। "ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়তে তোষণৰ বীজ ৰোপণ কৰা হৈছিল", তেওঁ লগতে কয়। তেওঁ প্ৰশ্ন কৰে যে স্বাধীনতা লাভ কৰা আন ৰাষ্ট্ৰসমূহৰ বিপৰীতে ভাৰতে কিয় স্বাধীনতাৰ চৰ্ত হিচাপে বিভাজনৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁ ইয়াক সেই সময়ত ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ ক্ষমতাক দিয়া প্ৰাথমিকতাক দায়ী কৰে। তেওঁ কয় যে এখন পৃথক ৰাষ্ট্ৰৰ ধাৰণা সাধাৰণ মুছলমান পৰিয়ালৰ আশা-আকাংক্ষাত নিহিত নহয়, বৰঞ্চ কেইজনমান উগ্ৰপন্থীৰ দ্বাৰা প্ৰচাৰিত হৈছিল, কিছুমান কংগ্ৰেছ নেতাই একমাত্ৰ ক্ষমতাৰ দাবী সুৰক্ষিত কৰিবলৈকে সমৰ্থন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে তোষণৰ ৰাজনীতিয়ে কংগ্ৰেছক ক্ষমতা আৰু কিছুমান উগ্ৰপন্থী নেতাক শক্তি আৰু সম্পদ প্ৰদান কৰিছে। অৱশ্যে, তেওঁ প্ৰশ্ন কৰে যে সাধাৰণ মুছলমানসকলে ইয়াৰ বিনিময়ত কি লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে দৰিদ্ৰ আৰু প্রান্তিক মুছলমানসকলক অৱহেলা, নিৰক্ষৰতা আৰু নিবনুৱায়োগহীনতাৰ সৈতে জীয়াতু ভূগিবলৈ এৰি দিয়া হৈছে। তেওঁ শ্বাহ বানো গোচৰৰ উদ্ধৃতি দি কয় যে মুছলমান মহিলাসকলে অন্যায়ৰ সন্মুখীন হৈছিল য'ত তোষণৰ বাবেই তেওঁলোকৰ সাংবিধানিক অধিকাৰক  ত্যাগ কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে মহিলাসকলক নীৰৱ কৰি ৰখা হৈছিল আৰু প্ৰশ্ন নকৰিবলৈ হেঁচা দিয়া হৈছিল, আনহাতে তেওঁলোকৰ অধিকাৰ দমিত কৰিবলৈ উগ্ৰপন্থীক মুক্ত বিচৰণৰ সুবিধা দিয়া হৈছিল।

 

|

"তোষণৰ ৰাজনীতি বুনিয়াদীভাৱে ভাৰতত সামাজিক ন্যায়ৰ মূল ধাৰণাটোৰ পৰিপন্থী", শ্ৰী মোদীয়ে ভোট বেংকৰ ৰাজনীতিক এক সঁজুলি হিচাপে ব্যৱহাৰ কৰাৰ বাবে কিছুমান দলক সমালোচনা কৰে। তেওঁ আলোকপাত কৰি কয় যে ‘ৱাকফ আইন’ৰ ২০১৩ চনৰ সংশোধনী উগ্ৰপন্থী উপাদান আৰু ভূ-মাফিয়াক সন্তুষ্ট কৰাৰ এটা প্ৰয়াস আছিল। তেওঁ কেৰালাৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ ভূমিত ৱাকফৰ দাবী, হাৰিয়ানাৰ গুৰুদ্বাৰাৰ ভূমিক লৈ হোৱা বিবাদ আৰু কৰ্ণাটকৰ কৃষকৰ ভূমিৰ ওপৰত দাবীৰ দৰে উদাহৰণ দাঙি ধৰে। তেওঁ আঙুলিয়াই দি কয় যে সমগ্ৰ গাঁও আৰু ৰাজ্যসমূহৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি এতিয়া এনঅচি আৰু আইনী জটিলতাত আৱদ্ধ হৈ আছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মন্দিৰ, গীৰ্জা, গুৰুদ্বাৰা, খেতিপথাৰ বা চৰকাৰী ভূমিয়েই হওঁক, মানুহে তেওঁলোকৰ সম্পত্তিৰ মালিকীস্বত্ব বৰ্তাই ৰাখিব পাৰিবনে নাই সেই লৈ সন্দিহান হৈ পৰিছে। একোখন জাননীৰ দ্বাৰাই নিজৰ ঘৰ আৰু খেতি-পথাৰৰৰ মালিকীস্বত্ব প্ৰমাণ কৰিবলৈ নথিপত্ৰৰ বাবে মানুহে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছে। তেওঁ এনে আইনৰ প্ৰকৃতিক লৈ প্ৰশ্ন উত্থাপন কৰে, যি আইনে ন্যায় প্ৰদান কৰিব লাগিছিল, সেই আইনেই ভয়ৰ উৎস হৈ পৰিছিল।

মুছলমান সম্প্ৰদায়কে ধৰি সকলো সম্প্ৰদায়ৰ স্বাৰ্থ পূৰণ কৰা এক উল্লেখযোগ্য আইন প্ৰণয়ন কৰাৰ বাবে সংসদক অভিনন্দন জনাই শ্ৰী মোদীয়ে মন্তব্য কৰে যে ৱাকফৰ পৱিত্ৰতা এতিয়া সংৰক্ষণ কৰা হ'ব আৰু প্রান্তিক মুছলমান, মহিলা আৰু শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰা হ'ব। তেওঁ উল্লেখ কৰে যে ৱাকফ বিধেয়ক সন্দৰ্ভত হোৱা বিতৰ্ক ভাৰতৰ সংসদীয় ইতিহাসৰ দ্বিতীয় দীৰ্ঘতম বিতৰ্ক, দুয়োখন সদনতে ১৬ ঘণ্টা আলোচনা কৰা হৈছে। তেওঁ উল্লেখ কৰে যে যুটীয়া সংসদীয় সমিতিয়ে ৩৮ খন বৈঠক অনুষ্ঠিত কৰিছিল আৰু ১২৮ ঘণ্টাৰ আলোচনাত লিপ্ত হৈছিল। ইয়াৰ উপৰিও, সমগ্ৰ দেশৰ প্ৰায় এক কোটি অনলাইন পৰামৰ্শ লাভ কৰা হৈছিল। "ই প্ৰমাণ কৰে যে ভাৰতত গণতন্ত্ৰ এতিয়া কেৱল সংসদতে সীমাবদ্ধ নহয় বৰঞ্চ জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে শক্তিশালীও কৰা হৈছে", তেওঁ লগতে কয়।

কলা, সংগীত, সংস্কৃতি আৰু সৃজনশীলতাত গুৰুত্ব আৰোপ কৰি মানুহক যন্ত্ৰৰ পৰা পৃথক কৰা উপাদানসমূহ- যিহেতু বিশ্বই প্ৰযুক্তি আৰু এআই-ৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে, শ্ৰী মোদীয়ে উল্লেখ কৰে যে মনোৰঞ্জন হৈছে বিশ্বৰ অন্যতম বৃহৎ উদ্যোগ আৰু অধিক সম্প্ৰসাৰিত হ'বলৈ সাজু হৈছে। তেওঁ কলা আৰু সংস্কৃতিক উৎসাহিত আৰু উদযাপন কৰাৰ বাবে এক গোলকীয় মঞ্চ ‘ৱেভছ’ (ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট) সৃষ্টিৰ কথা ঘোষণা কৰে। তেওঁ সহভাগ কৰি কয় যে ২০২৫ চনৰ মে মাহত মুম্বাইত ৱেভছৰ বাবে এক বৃহত্ অনুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ চলচ্চিত্ৰ, পডকাষ্ট, গেমিং, সংগীত, এআৰ আৰু ভিআৰ-কে ধৰি ভাৰতৰ জীৱন্ত আৰু সৃজনশীল উদ্যোগসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ এই উদ্যোগসমূহক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ লক্ষ্যৰে "ভাৰতত সৃষ্টি কৰক" শীৰ্ষক প্ৰচেষ্টাত আলোকপাত কৰে। ৱেভছ-য়ে ভাৰতীয় শিল্পীসকলক সমল সৃষ্টি কৰিবলৈ আৰু ইয়াক বিশ্বব্যাপক কৰি তুলিবলৈ উৎসাহিত কৰিব, লগতে সমগ্ৰ বিশ্বৰ শিল্পীসকলক ভাৰতত সহযোগিতা কৰিবলৈ আমন্ত্ৰণ জনাব বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে নেটৱৰ্ক১৮ক ৱেভছ মঞ্চক জনপ্ৰিয় কৰিবলৈ আহ্বান জনায় আৰু সৃষ্টিশীল ক্ষেত্ৰৰ যুৱ পেছাদাৰীসকলক এই আন্দোলনত যোগদান কৰিবলৈ উৎসাহিত কৰে। "ৱেভছ প্ৰতিটো ঘৰ আৰু প্ৰতিখন হৃদয়তে উপনীত হোৱা উচিত", তেওঁ গুৰুত্ব আৰোপ কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনৰ জৰিয়তে দেশৰ যুৱপ্ৰজন্মৰ সৃষ্টিশীলতা, অৱধাৰণা আৰু সংকল্পসমূহ প্ৰদৰ্শন কৰাৰ বাবে নেটৱৰ্ক১৮ৰ প্ৰশংসা কৰে। যুৱ মনক জড়িত কৰা, তেওঁলোকক ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ বিষয়ে চিন্তা কৰিবলৈ, পৰামৰ্শ প্ৰদান কৰিবলৈ আৰু সমাধান বিচাৰি উদগনি দিয়াৰ বাবে তেওঁ মঞ্চখনৰ প্ৰশংসা কৰে। তেওঁ আলোকপাত কৰি কয় যে সন্মিলনখনে যুৱ প্ৰজন্মক কেৱল একোগৰাকী শ্ৰোতা হৈ থকাৰ পৰা সক্ৰিয় অংশগ্ৰহণকাৰীলৈ ৰূপান্তৰিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক এই সন্মিলনক আগুৱাই নিয়াৰ বাবে আহ্বান জনায়। তেওঁ সন্মিলনখন কেৱল এটা অনুষ্ঠানৰ পৰিৱৰ্তে স্থায়ী প্ৰভাৱ পেলোৱাটো নিশ্চিত কৰিবলৈ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত অন্তৰ্দৃষ্টি আৰু পৰামৰ্শসমূহ নথিভুক্ত কৰা, অধ্যয়ন আৰু প্ৰেৰিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ মন্তব্য কৰে যে যুৱক-যুৱতীসকলৰ উৎসাহ, অৱধাৰণা আৰু অংশগ্ৰহণ হৈছে ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্পৰ আঁৰৰ চালিকা শক্তি। তেওঁ সন্মিলনখনৰ সৈতে জড়িত সকলোকে, বিশেষকৈ যুৱ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ সামৰণি মাৰে।

প্ৰধানমন্ত্ৰীয়ে বায়ু প্ৰদূষণ, আৱৰ্জনা ব্যৱস্থাপনা, নদী পৰিষ্কাৰ, সকলোৰে বাবে শিক্ষা আৰু ভাৰতৰ ৰাজপথৰ ভিৰ হ্ৰাস কৰাৰ দৰে প্ৰত্যাহ্বান প্ৰসংগত সমগ্ৰ ভাৰতৰ নিৰ্বাচিত যুৱক-যুৱতী আৰু মহাবিদ্যালয়সমূহে বিকশিত কৰা সমাধান আৰু অৱধাৰণাসমূহৰ এক সংকলন 'সমাধান' দস্তাবেজো উন্মোচন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Virudthan July 08, 2025

    🔴🌺🔴🌺#BRICS is not a bloc built on opposition (anti-western), but designed & built for an alternative vision. BRICS collectively represents > 50% of global population & 40% of global GDP—making this an essential crossroads for shaping a fairer, more balanced world order. #BRICS2025
  • Komal Bhatia Shrivastav July 07, 2025

    jai shree ram
  • Adarsh Kumar Agarwal July 03, 2025

    प्रधानमंत्री जी आपके द्वारा WAVES के बारे में जानकार बहुत अच्छा लगा मै इसके बारे में और ज्यादा जानकारी लेकर देखूंगा कि मैंकयाबकर सकता हूं इस क्षेत्र में
  • Anup Dutta July 02, 2025

    joy Shree Ram
  • ram Sagar pandey May 31, 2025

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹जय माँ विन्ध्यवासिनी👏🌹💐ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹
  • Gaurav munday May 24, 2025

    👮🌝💖
  • Jitendra Kumar May 17, 2025

    🙏🙏🙏
  • khaniya lal sharma May 16, 2025

    🙏🚩🚩🚩🙏🚩🚩🚩🙏
  • Dalbir Chopra EX Jila Vistark BJP May 13, 2025

    औऐ
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha May 11, 2025

    Jay shree Ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
What Happened After A Project Delayed By 53 Years Came Up For Review Before PM Modi? Exclusive

Media Coverage

What Happened After A Project Delayed By 53 Years Came Up For Review Before PM Modi? Exclusive
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Shri Fauja Singh
July 15, 2025

Prime Minister Shri Narendra Modi today condoled the passing of Shri Fauja Singh, whose extraordinary persona and unwavering spirit made him a source of inspiration across generations. PM hailed him as an exceptional athlete with incredible determination.

In a post on X, he said:

“Fauja Singh Ji was extraordinary because of his unique persona and the manner in which he inspired the youth of India on a very important topic of fitness. He was an exceptional athlete with incredible determination. Pained by his passing away. My thoughts are with his family and countless admirers around the world.”