Quoteপিএম-কিষাণৰ২০,০০০ কোটি টকাৰো অধিক পৰিমাণৰ ১৭-সংখ্যক কিস্তি মুকলি
Quoteআত্ম-সহায়ক গোটসমূহৰ ৩০,০০০ ৰো অধিক মহিলাক কৃষি সখী হিচাপে প্ৰমাণ-পত্ৰ প্ৰদান
Quote“কাশীবাসীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিতকৰণেৰে মোক আশীৰ্বাদ দিছে”
Quote“বিশ্বৰ গণতান্ত্ৰিক দেশসমূহত একেৰাহে তৃতীয় কাৰ্য্যকালৰ বাবে নিৰ্বাচিত চৰকাৰ খুব কমেইহে দেখা যায়”
Quote“২১ শতিকাত ভাৰতক বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সমগ্ৰ কৃষি ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে”
Quote“পিএম কিষাণ সন্মান নিধিয়েবিশ্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি হিচাপে আত্মপ্ৰকাশ কৰিছে”
Quote“এতিয়া আনকি মা গংগায়ো মোক তুলি লোৱা যেন লাগে আৰু মই কাশীৰ হৈ পৰিছোঁ”, কৃতজ্ঞতা প্ৰকাশেৰে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়।
Quote“বাৰাণসীৰ জনসাধাৰণে কেৱল এগৰাকী সাংসদকে নহয়, বৰঞ্চ প্ৰধানমন্ত্ৰীকো নিৰ্বাচিত কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি এইদৰে কয়।
Quoteপ্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গৃহস্থী বা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কিস্তি সন্দৰ্ভত এই সিদ্ধান্তৰাজিয়েকোটি-কোটি লোকক সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
Quoteতেখেতে আৰু কয় যে সুগমতা বৃদ্ধিৰ বাবে নিয়ম-নীতিসমূহ সৰল কৰা হৈছে। “উদ্দেশ্য আৰু বিশ্বাস সঠিক হ’লেকৃষকৰ কল্যাণৰেসম্পৰ্কীয় কামসমূহক্ষীপ্ৰ হৈ পৰে”, শ্ৰী মোদীয়ে লগতে কয়।
Quoteতেখেতে লগতে কয় যে কিষাণ সমৃদ্ধি কেন্দ্ৰসমূহৰ জৰিয়তে বাজৰা, বনৌষধি সামগ্ৰী আৰু প্ৰাকৃতিক কৃষি-কাৰ্য্যত সহায়ৰ বাবে এক বিশাল নেটৱৰ্ক গঢ়ি তোলা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলনৰ কাৰ্য্যসূচী সম্বোধনেৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)ৰ ১৭-সংখ্যক কিস্তি হিচাপে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে প্ৰায় ৯.২৬ কোটি হিতাধিকাৰী কৃষকলৈ ২০,০০০ কোটিৰো অধিক টকা মুকলি কৰে। এই কাৰ্য্যসূচীতে তেখেতে আত্ম-সহায়ক গোটসমূহৰ (SHG) ৩০,০০০ ৰো অধিক মহিলাক কৃষি-সখী হিচাপে প্ৰমাণ-পত্ৰও প্ৰদান কৰে। এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে প্ৰযুক্তিৰ মাধ্যমেৰেঅংশগ্ৰহণ কৰে।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰপৰা সংসদীয় নিৰ্বাচনত জয়লাভৰ পিছত আজি ইয়ালৈ প্ৰথম ভ্ৰমণ উপলক্ষে কাশীবাসীক সম্ভাষণ জনায়। একেৰাহে তৃতীয়বাৰৰ বাবে তেখেতক নিৰ্বাচিত কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনায়। “এতিয়া আনকি মা গংগায়ো মোক তুলি লোৱা যেন লাগে আৰু মই কাশীৰ হৈ পৰিছোঁ”, কৃতজ্ঞতা প্ৰকাশেৰে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়।

 

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সদ্য-সমাপ্ত ১৮ সংখ্যক লোকসভা নিৰ্বাচন ভাৰতৰ গণতন্ত্ৰৰ বিশালতা, সামৰ্থ্য, ব্যাপকতা আৰু বদ্ধমূল পৰম্পৰাৰ প্ৰতীক আৰু এয়া সমগ্ৰ বিশ্বইপ্ৰত্যক্ষ কৰিছে। এই নিৰ্বাচনত ৬৪ কোটিৰো অধিক ভোটাৰে ভোটদান কৰা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে বিশাল পৰিসৰৰ নিৰ্বাচন আন ক’তো অনুষ্ঠিত হোৱা নাই য’ত নেকিগৰিষ্ঠ সংখ্যক নাগৰিকে অংশগ্ৰহণ কৰিছে। শেহতীয়াকৈ ইটালীত অনুষ্ঠিত জি-৭ সন্মিলনত ভাগ ল’বলৈ দেশখন ভ্ৰমণৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতত ভোটাৰৰ সংখ্যা জি-৭ৰ সকলো দেশৰ ভোটাৰৰ পৰিসংখ্যাৰ তুলনাত ডেৰগুণ বেছি।একদৰে,ইউৰোপিয়ানইউনিয়নৰ সকলো সদস্য দেশৰ ভোটাৰৰ সংখ্যাতকৈডেৰ-দুগুণৰো অধিক। গত সাধাৰণ নিৰ্বাচনত ৩১ কোটিৰো অধিক মহিলা ভোটাৰৰ ব্যাপক অংশগ্ৰহণৰ ওপৰত আলোকপাতেৰেপ্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কোনো এখনৰাষ্ট্ৰৰ ক্ষেত্ৰত এই পৰিসংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক। তেখেতে লগতে কয় যে এয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ ওচৰা-ওচৰি। “ভাৰতৰ গণতন্ত্ৰৰ শক্তি আৰু সৌন্দৰ্য্যই সমগ্ৰ বিশ্বকে আকৰ্ষিত কৰাই নহয়, বৰঞ্চ প্ৰভাৱিতও কৰে”, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সুযোগতে বাৰাণসীবাসীক হৈ যোৱা গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণেৰে ইয়াক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। “বাৰাণসীৰ জনসাধাৰণে কেৱল এগৰাকী সাংসদকে নহয়, বৰঞ্চ প্ৰধানমন্ত্ৰীকো নিৰ্বাচিত কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি এইদৰে কয়।

একেৰাহে তৃতীয়বাৰলৈ চৰকাৰ এখনক নিৰ্বাচিতকৰণৰজনাদেশক ‘অভূতপূৰ্ব’ বুলি অভিহিতকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহৰ মাজত এয়া এক বিৰল কৃতিত্ব। “৬০ বছৰৰো অধিক পূৰ্বে ভাৰতত এনে ধৰণৰ হেট্ৰিক হৈছিল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আৰু কয়, “ভাৰতৰ দৰে দেশ এখনত যুৱক-যুৱতীসকলৰ আকাংক্ষা ইমানেই বেছি যে ১০ বছৰৰ শাসনৰ অন্তত চৰকাৰ এখন পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱা কাৰ্য্য এক বৃহৎ জয় আৰু এয়া বিপুল আস্থাৰ ভোটৰ প্ৰতিফলন। আৰু, আপোনাসৱৰ এই আস্থাই হৈছে মোৰ পৰম মূলধন আৰু এই মূলধনে দেশখনক নতুন শিখৰত উপনীত কৰাবলৈ মোক শক্তিশালী কৰি ৰাখিছে।”

 

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে এখনি উন্নত ভাৰতৰ স্তম্ভ হিচাপে কৃষক, নাৰীশক্তি, যুৱক-যুৱতী আৰু দৰিদ্ৰ জনতাক গুৰুত্ব প্ৰদানৰ কথা পুনৰবাৰ উল্লেখেৰে চৰকাৰ গঠনৰ পিছত প্ৰথমটো সিদ্ধান্ত কৃষক আৰু দৰিদ্ৰ পৰিয়ালসমূহক কেন্দ্ৰ কৰিগ্ৰহণ কৰাৰ কথাটো উল্লেখ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গৃহস্থী বা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কিস্তি সন্দৰ্ভত এই সিদ্ধান্তৰাজিয়েকোটি-কোটি লোকক সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সভাস্থলীত উপস্থিত কৃষকসকলকে প্ৰমুখ্য কৰি প্ৰযুক্তিৰ জৰিয়তে অনুষ্ঠানটোৰ সৈতে সংযোগ স্থাপন কৰা কৃষকসকলকো সম্ভাষণ জনায়। তেখেতে উল্লেখ কৰে যে আজি ২০,০০০ কোটি টকা কৃষকৰাইজৰ একাউন্টত জমা হৈছে। তেখেতে ৩ কোটি ‘লাখপতি বাইদেউ’ গঢ়ি তোলাৰ দিশত এক শক্তিশালী পদক্ষেপ হিচাপে কৃষি সখী পদক্ষেপৰ কথাও কয়। এই পদক্ষেপে হিতাধিকাৰী মহিলাসকলৰ মৰ্য্যাদা আৰু আয়ৰ উৎসৰ নিশ্চয়তা সুনিশ্চিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

“পিএম কিষাণ সন্মান নিধিয়ে বিশ্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে এতিয়ালৈকে কোটি-কোটি কৃষকৰ বেংক একাউন্টলৈ ৩.২৫ লাখ কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে।ইয়াৰেকেৱল বাৰাণসীৰ পৰিয়ালসমূহলৈ৭০০ কোটি টকা হস্তান্তৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগ্য হিতাধিকাৰীসকলে সুবিধাসমূহ লাভ কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰক প্ৰশংসাৰ লগতে বিকশিত ভাৰত সংকল্প যাত্ৰাকো কৃতিত্ব প্ৰদান কৰে, যি অভিযানৰ জৰিয়তে ১ কোটিৰো অধিক কৃষকে পিএম-কিষাণ আঁচনিৰ অধীনত পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছিল। তেখেতে আৰু কয় যে সুগমতা বৃদ্ধিৰ বাবে নিয়ম-নীতিসমূহ সৰল কৰা হৈছে। “উদ্দেশ্য আৰু বিশ্বাস সঠিক হ’লেকৃষকৰ কল্যাণৰেসম্পৰ্কীয় কামসমূহক্ষীপ্ৰ হৈ পৰে”, শ্ৰী মোদীয়ে লগতে কয়।

২১ শতিকাত ভাৰতক বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কৃষি খণ্ডৰ ভূমিকাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰী মোদীয়ে বৈশ্বিক দৃষ্টিভংগী তথা দাইল আৰু তৈলবীজৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতেএক প্ৰধান কৃষি ৰপ্তানিকাৰী হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেখেতে উল্লেখ কৰে যে অঞ্চলটোৰ স্থানীয় সামগ্ৰীয়ে বিশ্ব বজাৰ পাইছে আৰু প্ৰতিখন জিলাতে “এক জিলা এক সামগ্ৰী” আঁচনি তথা ৰপ্তানি কেন্দ্ৰৰ জৰিয়তে ৰপ্তানিয়ে উদ্দীপনা লাভ কৰিছে। “বিশ্বৰ প্ৰতিখন ডাইনিং টেবুলতে ভাৰতৰ খাদ্য শস্য বা খাদ্য সামগ্ৰী থকাটো মোৰ সপোন” বুলি উল্লেখেৰে তেখেতেকৃষিক্ষেত্ৰতো জিৰ’ ডিফেক্ট-জিৰ’ ইফেক্ট মন্ত্ৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে লগতে কয় যে কিষাণ সমৃদ্ধি কেন্দ্ৰসমূহৰ জৰিয়তে বাজৰা, বনৌষধি সামগ্ৰী আৰু প্ৰাকৃতিক কৃষি-কাৰ্য্যত সহায়ৰ বাবে এক বিশাল নেটৱৰ্ক গঢ়ি তোলা হৈছে।

 

|

আজিৰ কাৰ্য্যসূচীত বিশাল সংখ্যক মহিলাৰ উপস্থিতিৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষিক্ষেত্ৰত তেওঁলোকৰ গুৰুত্ব আৰু সমৰ্থনত আলোকপাতেৰে তেওঁলোকৰ এনে বৰঙণি বৃদ্ধিৰ বাবে কৃষিৰ পৰিসৰ বৃদ্ধিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে কৃষি সখী কাৰ্য্যসূচী হৈছে ড্ৰোন দিদি কাৰ্য্যসূচীৰ দৰেই এই দিশত এক পদক্ষেপ। আশাকৰ্মী আৰু বেংক সখী হিচাপে মহিলাসকলৰ অৱদান সম্পৰ্কে আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কৃষি সখী হিচাপে তেওঁলোকৰ সামৰ্থ্যক এতিয়া ৰাষ্ট্ৰখনে প্ৰত্যক্ষ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে আত্ম-সহায়ক গোটসমূহক কৃষি সখী হিচাপে ৩০,০০০ ৰো অধিক প্ৰমাণ-পত্ৰ প্ৰদানৰ কথা উল্লেখেৰে কয় যে বৰ্তমান ১১খন ৰাজ্যত ৰূপায়ণহোৱা এই আঁচনিখনে দেশৰ ভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ আত্ম-সহায়ক গোটক সংযোগ কৰিব আৰু লগতে ৩ কোটি লাখপতি দিদি গঢ়ি তোলাৰ ক্ষেত্ৰতো এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশী আৰু পূৰ্বাঞ্চলৰ কৃষকসকলৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নিষ্ঠাৰ ওপৰত আলোকপাতেৰে বানাছ ডেইৰী সংকুল, পেৰিছেবল কাৰ্গ’ চেন্টাৰ আৰু সংহত পেকেজিং হাউছৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “বানাছডেইৰীয়ে বাৰাণসী আৰু ইয়াৰ আশে-পাশে থকা কৃষক আৰু গো-পালকসকলৰ ভাগ্য সলনি কৰিছে। আজি এই দুগ্ধ প্ৰতিষ্ঠানটোৱে প্ৰতিদিনে প্ৰায় ৩ লাখ লিটাৰ গাখীৰ সংগ্ৰহ কৰে। কেৱল বাৰাণসীৰে ১৪ হাজাৰৰো অধিক গো-পালক পৰিয়াল ইয়াৰ পঞ্জীয়নভুক্ত। এতিয়া বানাছ ডেইৰীয়ে আগন্তুক ডেৰ বছৰত কাশীৰ আৰু ১৬ হাজাৰ গো-পালকক সংযুক্ত কৰিবলৈ আগবাঢ়িছে। বানাছ ডেইৰী প্ৰতিষ্ঠাৰ পাছত বাৰাণসীৰএকাধিকদুগ্ধ উৎপাদকৰ আয় ৫ লাখ টকা পৰ্য্যন্ত বৃদ্ধি পাইছে।”

মীনপালকসকলৰ আয় বৃদ্ধিৰ অৰ্থে চৰকাৰে কৰা কাম সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা আৰু কিষাণ ক্ৰেডিট কাৰ্ডৰ উপকাৰিতাৰ কথা উল্লেখ কৰে। বাৰাণসীত মৎস্য পালনৰ লগত জড়িতসকলক সহায়ৰ বাবে প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে চণ্ডাউলীত এখন আধুনিক মীন বজাৰ স্থাপনৰ বিষয়েও অৱগত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ মুফ্ট বিজুলী যোজনা সফল হোৱাত সন্তোষ প্ৰকাশ কৰে। ইয়াৰ প্ৰায় ৪০ হাজাৰ স্থানীয় লোকে আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু ইতিমধ্যে ২,৫০০ ঘৰত সৌৰ পেনেল সংস্থাপন কৰা হৈছে আৰু ৩,০০০ ঘৰত ইয়াৰ কাম অব্যাহত আছে বুলি তেখেতে জনায়। ইয়াৰ জৰিয়তে হিতাধিকাৰী পৰিয়ালসমূহৰ বিদ্যুতৰ বিল শূন্য হৈছে আৰু অতিৰিক্ত আয় সৃষ্টি হৈছে।

বাৰাণসী আৰু ওচৰৰ গাঁৱসমূহৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ বাবে যোৱা ১০ বছৰত কৰা কামৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত দেশৰ প্ৰথমটো চিটি ৰ’পৱে প্ৰকল্প চূড়ান্ত পৰ্য্যায়ত উপনীত হোৱাৰ কথা উল্লেখ কৰে।তেখেতে গাজীপুৰ, আজমগড় আৰু জৌনপুৰ চহৰক সংযোগ কৰা ৰিং ৰোড, ফুলৱাৰিয়া আৰু চৌকাঘাটত উৰণ সেতু, কাশী, বাৰাণসী আৰু কেন্ট ৰেলৱে ষ্টেচনৰ নতুন ৰূপ, বাবাটপুৰ বিমানবন্দৰে বিমান পৰিবহণ আৰু ব্যৱসায়ক সহজ কৰি তোলা, গংগা ঘাটৰ উন্নয়ন, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নতুন সুবিধা, চহৰৰ সংস্কাৰ-সাধিত কুণ্ডআৰু বাৰাণসীৰ ভিন্ন ঠাইতবিকশিত কৰা নতুন ব্যৱস্থাৰাজিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে কাশীৰ ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়ন আৰু নতুন ষ্টেডিয়ামে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।

 

|

প্ৰজ্ঞাৰ ৰাজধানী হিচাপে কাশীৰ গৰিমাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাচীন চহৰখনক প্ৰশংসা কৰে আৰু কয় যে সমগ্ৰ বিশ্বক কাশীয়ে এই ঐতিহ্যমণ্ডিত চহৰখনেও নগৰ উন্নয়নৰ এক নতুন অধ্যায় লিখিব পাৰে বুলি দেখুৱাইছে। “ঐতিহ্যৰ লগতেউন্নয়নৰ মন্ত্ৰ কাশীৰ সকলোতে বিদ্যমান। আৰু এই উন্নয়নে কেৱল কাশীকেই লাভান্বিত কৰা নাই, বৰঞ্চ সমগ্ৰ পূৰ্বাঞ্চলৰ যিসমূহ পৰিয়াল নিজৰ কাম আৰু প্ৰয়োজনৰ বাবে কাশীলৈ আহিছে, তেওঁলোককো লাভান্বিত কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। “বাবা বিশ্বনাথৰ আশীৰ্বাদত কাশীৰ বিকাশৰ এই নতুন কাহিনী নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকিব” বুলি উল্লেখেৰেশ্ৰী মোদীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভগীৰথ চৌধাৰী, উত্তৰ প্ৰদেশৰউপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰী কেশৱ প্ৰসাদ মৌৰ্য্য আৰু শ্ৰী ব্ৰজেশ পাঠক তথা উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকলকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

৩য় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কৃষক কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ১৭ সংখ্যক কিস্তি মুকলিত অনুমোদন জনোৱা ফাইলত প্ৰথমটো স্বাক্ষৰ কৰিছিল। সেই অনুসৰি, আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)ৰ অধীনত প্ৰায় ৯.২৬ কোটি হিতাধিকাৰী কৃষকলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে ২০,০০০ কোটি টকাৰো অধিক ধনৰ ১৭-সংখ্যক কিস্তি মুকলি কৰে। এই পৰ্য্যন্ত ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে পিএম-কিষাণৰ অধীনত ৩.০৪ লাখ কোটিৰো অধিক টকাৰ আৰ্থিক সুবিধা লাভ কৰিছে।

 

|

লগতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্ম-সহায়ক গোটসমূহৰ ৩০,০০০ ৰো অধিক মহিলাক কৃষি সখী হিচাপে প্ৰমাণ-পত্ৰ প্ৰদান কৰে। কৃষি সখী অভিসৰণ কাৰ্য্যসূচী (KSCP)ৰ লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ মহিলাসকলক কৃষি সখী হিচাপে সবলীকৰণৰ জৰিয়তে, তেওঁলোকক পেৰা-এক্সটেনচন কৰ্মী হিচাপে প্ৰশিক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদান কৰি ভাৰতৰ গ্ৰামাঞ্চলৰ ৰূপান্তৰ সাধন কৰা। এই চাৰ্টিফিকেট পাঠ্যক্ৰম ‘লাখপতি দিদি’ কাৰ্য্যক্ৰমৰ উদ্দেশ্যৰাজিৰেওসংগতিপূৰ্ণ।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Harish Bedi January 22, 2025

    My Prime Minister My Pride ✌🏻✌🏻👏🏻👏🏻🪷🪷👌🏻👌🏻
  • Jitender Kumar BJP Haryana State President November 22, 2024

    Village Musepur
  • Rohit Pradhan October 31, 2024

    my prime minister my Pride
  • Vivek Kumar Gupta September 01, 2024

    नमो ...🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta September 01, 2024

    नमो ..................🙏🙏🙏🙏🙏
  • Aseem Goel August 26, 2024

    🙏🙏🙏
  • Sandeep Pathak August 22, 2024

    jai shree Ram
  • ओम प्रकाश सैनी August 19, 2024

    ram ji
  • ओम प्रकाश सैनी August 19, 2024

    ram
  • ओम प्रकाश सैनी August 19, 2024

    Jai shree ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Laying the digital path to a developed India

Media Coverage

Laying the digital path to a developed India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This decade is becoming the decade of Uttarakhand: PM Modi at Harsil
March 06, 2025
QuoteBlessed to be in Devbhoomi Uttarakhand once again: PM
QuoteThis decade is becoming the decade of Uttarakhand: PM
QuoteDiversifying our tourism sector, making it perennial, is very important for Uttarakhand: PM
QuoteThere should not be any off season, tourism should be on in every season in Uttarakhand: PM
QuoteOur governments at Center and state are working together to make Uttarakhand a developed state: PM

गंगा मैया की जय।

गंगा मैया की जय।

गंगा मैया की जय।

भारत माता की जय।

भारत माता की जय।

भारत माता की जय!

उत्तराखंड का म्यारा प्यारा भै-वैण्यों, आप सबी तैं मेरी सेवा-सौंली, नमस्कार!

यहां के ऊर्जावान मुख्यमंत्री, मेरे छोटे भाई पुष्कर सिंह धामी जी, केंद्रीय मंत्री श्री अजय टम्टा जी, राज्य के मंत्री सतपाल महाराज जी, संसद में मेरे साथी और भारतीय जनता पार्टी के प्रदेश अध्यक्ष महेंद्र भट्ट जी, संसद में मेरे साथी माला राज्य लक्ष्मी जी, विधायक सुरेश चौहान जी, सभी गणमान्य लोग, भाइयों और बहनों।

सबसे पहले मैं माणा गांव में कुछ दिन पहले जो हादसा हुआ है, उस पर अपना दु:ख व्यक्त करता हूं। मैं हादसे में जान गंवाने वाले साथियों के परिवारों के प्रति अपनी संवेदना प्रकट करता हूं। संकट की घड़ी में देश के लोगों ने जो एकजुटता दिखाई है, उससे पीड़ित परिवारों को बहुत हौसला मिला है।

|

साथियों,

उत्तराखंड की ये भूमि, हमारी ये देवभूमि, आध्यात्मिक ऊर्जा से ओतप्रोत है। चार धाम और अनंत तीर्थों का आशीर्वाद, जीवनदायिनी मां गंगा का ये शीतकालीन गद्दी स्थल, आज एक बार फिर यहाँ आकर, आप सब अपने परिवारजनों से मिलकर, मैं धन्य हो गया हूं। माँ गंगा की कृपा से ही मुझे दशकों तक उत्तराखंड की सेवा का सौभाग्य मिला है। मैं मानता हूँ, उन्हीं के आशीर्वाद से मैं काशी तक पहुंचा, और अब सांसद के रूप में काशी की सेवा कर रहा हूँ। और इसलिए, मैंने काशी में कहा भी था- मुझे माँ गंगा ने बुलाया है। और कुछ महीने पहले मुझे ये भी अनुभूति हुई कि जैसे मां गंगा ने मुझे अब गोद ले लिया है। ये माँ गंगा की ही दुलार है। अपने इस बच्चे के प्रति उनका स्नेह है कि आज मैं उनके मायके मुखवा गांव आया हूँ। यहाँ मुझे मुखीमठ-मुखवा में दर्शन पूजन का भी सौभाग्य प्राप्त हुआ है।

साथियों,

आज हर्षिल की इस धरती पर आया हूं तो मैं अपनी दीदी-भुलियों के स्नेह को भी याद कर रहा हूं। वो मुझे हर्षिल का राजमा और दूसरे लोकल प्रोडक्ट्स भेजती रहती हैं। आपके इस लगाव और उपहार के लिए मैं आपका आभारी हूं।

साथियों,

कुछ साल पहले जब मैं बाबा केदारनाथ के दर्शन के लिए, बाबा के चरणों में गया था, तो बाबा के दर्शन-अर्चन के बाद मेरे मुंह से अचानक कुछ भाव प्रकट हुए थे, और मैं बोल पड़ा था- ये दशक उत्तराखंड का दशक होगा। वो शब्द मेरे थे, भाव मेरे थे, लेकिन उनके पीछे सामर्थ्य देने की शक्ति स्वयं बाबा केदारनाथ ने दी थी। मैं देख रहा हूँ, बाबा केदार के आशीर्वाद से धीरे-धीरे वो शब्द, वो भाव सच्चाई में, हकीकत में बदल रहे हैं। ये दशक उत्तराखंड का बन रहा है। यहां उत्तराखंड की प्रगति के लिए नए-नए रास्ते खुल रहे हैं। जिन आकांक्षाओं को लेकर उत्तराखंड का जन्म हुआ था, उत्तराखंड के विकास के लिए जो संकल्प हमने लिए थे, नित नई सफलताओं और नए लक्ष्यों की ओर बढ़ते हुए वो संकल्प आज पूरे हो रहे हैं। इसी दिशा में, शीतकालीन पर्यटन एक और बड़ा महत्वपूर्ण कदम है। इसके माध्यम से उत्तराखंड के आर्थिक सामर्थ्य को साकार करने में बहुत बड़ी मदद मिलेगी। मैं इस अभिनव प्रयास के लिए धामी जी को, उत्तराखंड सरकार को बहुत-बहुत बधाई देता हूँ, और उत्तराखंड की प्रगति के लिए कामना करता हूँ।

|

साथियों,

अपने टूरिज्म सेक्टर को diversify करना, बारहमासी बनाना, 365 दिन, ये उत्तराखंड के लिए बहुत जरूरी है। मैं चाहता हूं कि उत्तराखंड में कोई भी सीजन हो, कोई भी सीजन ऑफ सीजन ना हो, हर सीजन में टूरिज्म ऑन रहे। अब ऑफ नहीं ऑन का जमाना। अभी पहाड़ों पर पर्यटन सीजन के हिसाब से चलता है। आप सब जानते हैं, मार्च, अप्रैल, मई, जून के महीने में बड़ी संख्या में पर्यटक आते हैं, लेकिन इसके बाद उनकी गिनती बहुत कम हो जाती है। सर्दियों में अधिकतर होटल्स, resorts और होमस्टे खाली पड़े रहते हैं। ये असंतुलन उत्तराखंड में, साल के एक बड़े हिस्से में आर्थिक सुस्ती ला देता है, इससे पर्यावरण के लिए भी चुनौती पैदा होती है।

साथियों,

सच्चाई ये है कि अगर देश-विदेश के लोग सर्दियों के मौसम में यहाँ आएं, तो उन्हें सच्चे अर्थ में देवभूमि की आभा का वास्तविक परिचय मिलेगा। विंटर टूरिज्म में यहां लोगों को ट्रैकिंग, स्कीइंग जैसी Activities का रोमांच, सचमुच में रोमांचित कर देगा। धार्मिक यात्रा के लिए भी उत्तराखंड में सर्दियों का समय बेहद खास होता है। कई तीर्थ स्थलों पर इसी समय विशेष अनुष्ठान भी होते हैं। यहां मुखवा गांव में ही देखिए, यहाँ जो धार्मिक अनुष्ठान किया जाता है, वो हमारी प्राचीन और अद्भुत परंपरा का हिस्सा है। इसलिए, उत्तराखंड सरकार का बारहमासी पर्यटन का विजन, 365 दिन के पर्यटन का विजन लोगों को दिव्य अनुभूतियों से जुड़ने का अवसर देगा। इससे यहां साल भर उपलब्ध रहने वाले रोजगार के अवसर विकसित होंगे, इसका बड़ा फायदा उत्तराखंड के स्थानीय लोगों को होगा, यहां के युवाओं को होगा।

साथियों,

उत्तराखंड को विकसित राज्य बनाने के लिए हमारी डबल इंजन सरकार मिलकर काम कर रही हैं। चारधाम-ऑल वेदर रोड, आधुनिक एक्सप्रेस-वे, राज्य में रेलवे, विमान औऱ हेलीकॉप्टर सेवाओं का विस्तार, 10 वर्षों में उत्तराखंड में तेजी से विकास हुआ है। अभी कल ही उत्तराखंड के लिए केंद्र सरकार ने बहुत बड़े निर्णय लिए हैं। कल केंद्रीय कैबिनेट ने केदारनाथ रोपवे प्रोजेक्ट और हेमकुंड रोपवे प्रोजेक्ट को मंजूरी दे दी है। केदारनाथ रोपवे बनने के बाद जो यात्रा 8 से 9 घंटे में पूरी होती है, अब उसे लगभग 30 मिनट में पूरा किया जाएगा। इससे बुजुर्गों, बच्चों, महिलाओं के लिए केदारनाथ यात्रा और सुगम हो जाएगी। इन रोप-वे प्रोजेक्ट्स पर हजारों करोड़ रुपए खर्च किए जाएंगे। मैं उत्तराखंड समेत पूरे देश को इन प्रोजेक्ट्स की बधाई देता हूं।

|

साथियों,

आज पहाड़ों पर इको लॉग हट्स, कन्वेंशन सेंटर, हेलीपैड इंफ्रास्ट्रक्चर पर फोकस भी किया जा रहा है। उत्तराखंड के टिम्मर-सैण महादेव, माणा गांव, जादुंग गांव में टूरिज्म इंफ्रास्ट्रक्चर नए सिरे से विकसित हो रहा है, और देशवासियों को पता होगा, शायद नहीं होगा, 1962 में जब चीन ने भारत पर आक्रमण किया, तब ये हमारा जादुंग गांव को खाली करवा दिया गया था, ये हमारे दो गांव खाली कर दिए गए थे। 60-70 साल हो गए, लोग भूल गए, हम नहीं भूल सकते, हमने उन दो गांवों को फिर से बसाने का अभियान चलाया है, और बहुत बड़ा टूरिस्ट डेस्टिनेशन बनाने की दिशा में हम आगे बढ़ रहे हैं। और इसी का परिणाम है कि उत्तराखंड में पर्यटकों की संख्या इस एक दशक में तेजी से बढ़ी है। 2014 से पहले चारधाम यात्रा पर हर साल औसतन 18 लाख यात्री आते थे। अब हर साल लगभग 50 लाख तीर्थयात्री आने लगे हैं। इस साल के बजट में 50 Tourist destinations को विकसित करने का प्रावधान किया गया है। इन destinations पर होटलों को इंफ्रास्ट्रक्चर का दर्जा दिया जाएगा। इससे पर्यटकों के लिए सुविधाएं बढ़ेंगी और स्थानीय रोजगार को भी बढ़ावा मिलेगा।

साथियों,

हमारा प्रयास है, उत्तराखंड के बॉर्डर वाले इलाकों को भी पर्यटन का विशेष लाभ मिले। पहले सीमावर्ती गांवों को आखिरी गाँव कहा जाता था। हमने ये सोच बदल दी, हमने कहा ये आखिरी गांव नहीं है, ये हमारे प्रथम गाँव कहा। उनके विकास के लिए वाइब्रेंट विलेज प्रोग्राम शुरू किया। इस क्षेत्र के भी 10 गांव इस योजना में शमिल किए गए हैं, और मुझे बताया गया, उस गांव से भी कुछ बंधु आज यहां हमारे सामने मौजूद हैं। नेलांग और जादुंग गांव, जिसका मैंने वर्णन किया, 1962 में क्या हुआ था, फिर से बसाने का काम शुरू किया गया है। आज यहां से जादुंग के लिए मैंने अभी-अभी बाइक रैली को रवाना किया। हमने होमस्टे बनाने वालों को मुद्रा योजना का लाभ देने का ऐलान किया है। उत्तराखंड सरकार भी राज्य में होमस्टे को बढ़ावा देने में जुटी है। जो गांव इतने दशकों तक इंफ्रास्ट्रक्चर से वंचित रहें, वहाँ नए होमस्टे खुलने से पर्यटन बढ़ रहा है, लोगों की आय बढ़ रही है।

साथियों,

आज मैं देवभूमि से, देश के पूरब-पश्चिम-उत्तर-दक्षिण, और मध्य भी, हर कोने के लोगों से, खासकर युवा पीढ़ी से, और मां गंगा के मायके से, इस पवित्र भूमि से, देश की नौज़वान पीढ़ी को विशेष रूप से आह्वान कर रहा हूं, आग्रह कर रहा हूं।

|

साथियों,

सर्दियों में देश के बड़े हिस्से में जब कोहरा होता है, सूर्यदेव के दर्शन नहीं होते, तब पहाड़ों पर धूप का आनंद मिल रहा होता है। ये एक स्पेशल इवेंट बन सकता है। और गढ़वाली में इसे क्या कहेंगे? 'घाम तापो पर्यटन', सही है ना? 'घाम तापो पर्यटन'। इसके लिए देश के कोने-कोने से लोग उत्तराखंड जरूर आयें। खासकर, हमारे कॉरपोरेट वर्ल्ड के साथी, वे विंटर टूरिज्म का हिस्सा बनें। Meetings करनी हों, conferences करनी हों, exhibitions करने हों, तो विंटर का समय और देवभूमि, इससे होनहार कोई जगह नहीं हो सकती है। मैं कॉरपोरेट वर्ल्ड के बड़े महानुभावों से भी आग्रह करूंगा, वो अपने बड़े-बड़े सेमिनार्स के लिए उत्तराखंड आएं, माइस सेक्टर को explore करें। यहाँ आकर लोग योग और आयुर्वेद के जरिए recharge और re-energise भी हो सकते हैं। देश की यूनिवर्सिटीज, प्राइवेट स्कूल्स और कॉलेज में, मैं उन सब नौज़वान साथियों से भी कहूंगा कि students के विंटर ट्रिप्स के लिए आप उत्तराखंड को पसंद कीजिए।

साथियों,

हमारे यहाँ हजारों करोड़ की इकोनॉमी, वेडिंग इकोनॉमी है, शादियों में हजारों करोड़ रूपये का खर्च होता है, बहुत बड़ी इकोनॉमी है। आपको याद होगा, मैंने देश के लोगों से आग्रह किया था- Wed in India, हिन्दुस्तान में शादी करों, आजकल लोग दुनिया के देशों में चले जाते हैं, यहां क्या कमी है भई? पैसे यहां खर्च करो ना, और उत्तराखंड से बढ़िया क्या हो सकता है। मैं चाहूँगा कि सर्दियों में destination वेडिंग के लिए भी उत्तराखंड को देशवासी प्राथमिकता दें। इसी तरह भारत की फिल्म इंडस्ट्री से भी मेरी अपेक्षाएं हैं। उत्तराखंड को मोस्ट फिल्म फ्रेंडली स्टेट का पुरस्कार मिला हुआ है। यहां तेजी के साथ आधुनिक सुविधाएं डेवलप हो रही हैं। इसलिए सर्दियों के दिनों में फिल्म की शूटिंग्स के लिए भी उत्तराखंड, पूरे भारत का फेवरेट डेस्टिनेशन बन सकता है।

साथियों,

दुनिया के कई देशों में विंटर टूरिज़्म काफी पॉपुलर है। उत्तराखंड में विंटर टूरिज़्म को बढ़ावा देने के, और इसके लिए हम ऐसे देशों से बहुत कुछ सीख सकते हैं। मैं चाहूँगा, उत्तराखंड के टूरिज़्म सेक्टर से जुड़े सभी स्टेकहोल्डर्स, होटल और resorts उन देशों की जरूर स्टडी करें। अभी मैं यहां, एक छोटी सी प्रदर्शनी लगी है, उसको मैंने देखा, बहुत प्रभावित करने वाला मुझे लगा, जो कल्पना की गई है, जो लोकेशंस तय किए गए हैं, जो आधुनिक रचनाएं खड़ी की जा रही हैं, एक-एक लोकेशन का, एक-एक चित्र इतना प्रभावित करने वाला था, जैसे मन कर रहा था, मेरे 50 साल पुरानी वो जिंदगी के दिन, मैं फिर एक बार यहां आपके बीच आकर के बिताऊ, और हर डेस्टिनेशन पर कभी जाने का मौका तलाशू, इतने बढ़िया बना रहे हैं। मैं उत्तराखंड सरकार से कहूंगा कि जो विदशों से स्टडी हो, और स्टडी से निकले एक्शनेबल प्वाइंट्स पर सक्रिय रूप से काम करे। हमें स्थानीय परंपराओं, म्यूजिक, डांस और कुजीन को बढ़ावा देना होगा। यहां कई हॉट स्प्रिंग्स हैं, सिर्फ बद्रीनाथ जी में ही है, ऐसा नहीं है, और भी है, उन क्षेत्रों को वेलनेस स्पा के रूप में भी विकसित किया जा सकता है। शांत और बर्फीले क्षेत्रों में विंटर योगा रिट्रीट का आयोजन किया जा सकता है। मैं सभी बड़े-बड़े साधु-महात्माओं को, मठ-मंदिर के मठाधिपतियों को, सभी योगाचार्यों को, उनसे भी आग्रह करूंगा कि वे साल में एक योगा कैंप अपने शिष्यों का, विंटर में उत्तराखंड में लगाए। विंटर सीजन के लिए स्पेशल वाइल्ड लाइफ सफारी का आकर्षण उत्तराखंड की विशेष पहचान बन सकता है। यानि हमें 360 डिग्री अप्रोच के साथ आगे बढ़ना होगा, हर स्तर पर काम करना होगा।

|

साथियों,

सुविधाओं के विकास के अलावा, लोगों तक जानकारी पहुंचाना भी उतना ही अहम होता है। इसके लिए मैं देश के युवा content creators, आजकल सोशल मीडिया में, बहुत बड़ी संख्या में influencers हैं, content creators हैं, वे अपने यहाँ बैठे-बैठे भी मेरे उत्तराखंड की, मेरी देवभूमि की सेवा कर सकते हैं, वे भी पुण्य कमा सकते हैं। आप देश के पर्यटन सेक्टर को गति देने में, लोगों तक जानकारी पहुंचाने में बहुत बड़ी भूमिका निभा सकते हैं, जो भूमिका निभाई है, उसका और विस्तार करने की जरूरत है। आप उत्तराखंड की विंटर टूरिज़्म की इस मुहिम का भी हिस्सा बनिए, और मैं तो चाहूंगा कि उत्तराखंड सरकार एक बड़ा कंपटीशन आयोजित करें, ये जो content creators हैं, influencers हैं, वे 5 मिनट की, विंटर टूरिज्म की प्रमोशन की फिल्म बनाएं, उनकी कंपटीशन हो और जो अच्छी से अच्छी बनाएं, उसको बढ़िया से बढ़िया इनाम दिया जाए, देशभर के लोगों को कहा जाए, आइए मैदान में, बहुत बड़ा प्रचार-प्रसार होना शुरू हो जाएगा। और मुझे विश्वास है जब ऐसे कंपटीशन करेंगे, तो नई-नई जगहों को एक्सप्लोर करके, नई-नई फिल्में बनाएंगे, लोगों को बताएंगे।

साथियों,

मुझे विश्वास है, आने वाले वर्षों में हम इस सेक्टर में तेज गति से विकास के साक्षी बनेंगे। एक बार फिर 365 दिन का, बारहमासी टूरिज्म अभियान, इसके लिए मैं उत्तराखंड के सभी भाई-बहनों को शुभकामनाएं देता हूं, बधाई देता हूं और राज्य सरकार का अभिनदंन करता हूं। आप सब मेरे साथ बोलिए-

गंगा मैया की जय।

गंगा मैया की जय।

गंगा मैया की जय।

बहुत-बहुत धन्यवाद।