QuotePM Modi appreciates the positive change in the police attitude towards the general public, particularly post-Covid
QuotePM Modi suggests the positive use of drone technology for the benefit of the people
QuotePM Modi suggests the development of inter-operable technologies which would benefit police forces across the country

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে লক্ষ্ণৌত ২০-২১ নৱেম্বৰত পুলিচৰ মহানির্দেশক/ইন্সপেক্টৰ জেনেৰেলসকলৰ ৫৬তম সন্মিলনত যোগ দিয়ে। সন্মিলনত বিভিন্ন ৰাজ্য/কেন্দ্রশাসিত অঞ্চলৰ ৬২জন পুলিচ মহানির্দেশক/ইন্সপেক্টৰ জেনেৰেলৰ উপৰিও কেন্দ্রীয় সশস্ত্র পুলিচ বাহিনীসমূহৰ মহানির্দেশকসকল উপস্থিত আছিল। দেশৰ বিভিন্ন প্রান্তৰ পৰা চোৰাংচোৱা সংস্থা ইন্টেলিজেন্স ব্যুৰ’ৰ ৪০০জনৰো অধিক বিষয়াই ভার্চ্যুৱেল পদ্ধতিত সন্মিলনত অংশ গ্ৰহণ কৰে।

আলোচনাসভাত যোগ দি প্রধানমন্ত্রীয়ে বিভিন্ন বিষয়ত গুৰুত্বপূর্ণ প্রস্তাব দিয়ে। সন্মিলন আৰম্ভ হোৱাৰ পূর্বে পুলিচৰ মহানির্দেশকসকলক লৈ একাধিক ক'ৰ গ্রুপ গঠন কৰা হয়। গ্রুপৰ সদস্যসকলে কঠিন সংস্কাৰ, সন্ত্রাসবাদ, চৰম উগ্রপন্থা, চাইবাৰ অপৰাধ, মাদক চোৰাং ব্যৱসায়, স্বেচ্ছাসেৱী সংগঠনসমূহৰ বাবে বিদেশী তহবিল, দ্রোণ ব্যৱহাৰ, সীমান্তৱৰ্তী গাঁওবিলাকৰ মানোন্নয়নৰ দৰে একাধিক গুৰুত্বপূর্ণ জাতীয় নিৰাপত্তাৰ বিষয় সন্দৰ্ভত আলোচনা কৰে।

|

আজি সন্মিলনৰ সমাপ্তি অধিবেশনত ভাষণ দি প্রধানমন্ত্রীয়ে পুলিচ সম্পর্কিত যাৱতীয় ঘটনাৰ বিশ্লেষণ আৰু কেছ ষ্টাডি বা ঘটনাৰ তদন্ত সম্পর্কিত বিভিন্ন দিশ পুঙ্খানুপুঙ্খভাৱে পর্যালোচনাৰ পৰামর্শ দিয়ে। এইবাৰৰ সন্মিলন হাইব্রিড পদ্ধতিত আয়োজনৰ প্রশংসা কৰি প্রধানমন্ত্রীয়ে কয় যে ইয়াৰ ফলত পুলিচৰ বিভিন্ন পদাধিকাৰীসকলৰ মাজত তথ্যৰ আদান-প্রাদন অধিক সহজ হয়। তেওঁ পুলিচৰ অভ্যন্তৰীণ কামকাজ সম্পাদনত প্রযুক্তি উদ্ভাবনৰ প্রস্তাব দি কয় যে ইয়াৰ ফলত সমগ্ৰ দেশত পুলিচ বাহিনী লাভবান হ'ব। একেবাৰে তৃণমূল স্তৰত পুলিচ বাহিনীৰ চাহিদা পূৰাবৰ বাবে ভৱিষ্যৎ প্রযুক্তি গ্রহণত কেন্দ্রীয় গৃহ মন্ত্রীৰ নেতৃত্বত উচ্চস্তৰীয় পুলিচ প্রযুক্তি মিছন আৰম্ভ কৰাৰ প্রস্তাব দিয়ে প্রধানমন্ত্রীয়ে। সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত প্রযুক্তিৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কোউইন, জেম আৰু ইউপিআইৰ উদাহৰণ দিয়ে। সাধাৰণ মানুহৰ প্রতি পুলিচৰ দৃষ্টিভঙ্গীত ইতিবাচক পৰিবর্তন অহাত তেওঁ প্রশংসা কৰে। ২০১৪’ত স্মার্ট পুলিচি কনচেপ্ট কার্যকৰী কৰিবলৈ যি উদ্যোগ গ্ৰহণ কৰা হৈছিল, তাৰ ওপৰত গুৰুত্ব দি শ্রী মোদীয়ে পুলিচ বাহিনীত নিৰন্তৰ পৰিবর্তন আৰু বাহিনীৰ প্রাতিষ্ঠানিকীকৰণৰ বাবে ভৱিষ্যৎ ৰূপৰেখা প্রণয়নৰ আহ্বান জনায়। পুলিচ বাহিনীক দৈনন্দিন কামাকাজ পৰিচালনাত যিবোৰ অভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হয়, তাৰ মোকাবিলাত প্রধানমন্ত্রীয়ে হেকাথনৰ মাধ্যমত কাৰিকৰী সমাধানসূত্র বিচাৰি উলিওৱাৰ বাবে উচ্চ শিক্ষিত যুৱক-যুৱতীসকলক কামত লগোৱাৰ পৰামর্শ দিয়ে।

|

এই উপলক্ষে প্রধানমন্ত্রীয়ে চোৰাংচোৱা সংস্থা ইন্টেলিজেন্স ব্যুৰ’ৰ কেইবাজনো কর্মীক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ পুলিচ পদক দি সন্মানিত কৰে। এই প্রথম প্রধানমন্ত্রীৰ নির্দেশানুযায়ী বিভিন্ন ৰাজ্যৰ আইপিএছ বিষয়াসকলে সমসাময়িক নিৰাপত্তা সংক্রান্তীয় বিষয়ত নিজৰ ৰচিত নিবন্ধ জমা কৰে।

|

ইয়াৰ আগতে কেন্দ্রীয় গৃহ মন্ত্রীয়ে যোৱা ১৯ নৱেম্বৰত সন্মিলনৰ উদ্বোধন কৰি দেশৰ শ্ৰেষ্ঠ তিনিখন পুলিচ থানাক ট্রফি দি সন্মানিত কৰে। সন্মিলনৰ সকলো আলোচনাসভাত যোগ দি গৃহ মন্ত্রীয়ে গুৰুত্বপূর্ণ প্রস্তাৱ আৰু অভিমত দাখিল কৰে।

  • G.shankar Srivastav January 03, 2022

    जय हो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Over 28 lakh companies registered in India: Govt data

Media Coverage

Over 28 lakh companies registered in India: Govt data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond