Quoteযেতিয়াই মই মৰিচাছলৈ আহোঁ, তেতিয়াই এনে লাগে যেন মই মোৰ নিজৰ মাজত আছোঃ প্ৰধানমন্ত্ৰী
Quoteমৰিচাছৰ জনসাধাৰণ আৰু চৰকাৰে মোক তেওঁলোকৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে আৰু মই এই সিদ্ধান্তক বিনম্ৰভাৱে অতি শ্ৰদ্ধাৰে গ্ৰহণ কৰিছোঃ প্ৰধানমন্ত্ৰী
Quoteএয়া কেৱল মোৰ বাবে সন্মান নহয়, ভাৰত আৰু মৰিচাছৰ মাজত থকা ঐতিহাসিক বন্ধনৰ বাবেও ই এক সন্মানঃ প্ৰধানমন্ত্ৰী
Quoteমৰিচাছ ‘মিনি ইণ্ডিয়া’ৰ দৰেঃ প্ৰধানমন্ত্ৰী
Quoteআমাৰ চৰকাৰে নালন্দা বিশ্ববিদ্যালয় আৰু ইয়াৰ আত্মাক পুনৰুজ্জীৱিত কৰিছেঃ প্ৰধানমন্ত্ৰী
Quoteপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।
Quoteমৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ উমৈহতীয়া ঐতিহাসিক যাত্ৰাক স্মৰণ কৰে।
Quoteঅনুষ্ঠানত এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়, য’ত ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ ইণ্ডিয়ান কালচাৰ (আইজিচিআইচি), মহাত্মা গান্ধী ইনষ্টিটিউট (এমজিআই) আৰু আন্না মেডিকেল কলেজৰ শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰে
Quoteপ্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে গিৰমিটীয়া উত্তৰাধিকাৰক লালন-পালন কৰাৰ বাবে কেইবাটাও পদক্ষেপক সমৰ্থন কৰিব
Quoteতেওঁ আৰু বিশদভাৱে কয় যে ভাৰত-মৰিচাছৰ বিশেষ সম্পৰ্কই ভাৰতৰ SAGAR Vision আৰু গ্ল’বেল ছাউথৰ সৈতে ইয়াৰ সংযোগত মূল ভূমিকা পালন কৰিছিল

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

 

|

এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, পেছাদাৰী, সামাজিক-সাংস্কৃতিক সংগঠন, ব্যৱসায়িক নেতাকে ধৰি প্ৰৱাসী ভাৰতীয়সকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও অনুষ্ঠানটোত উপস্থিত থাকে মৰিচাছৰ কেইবাজনো মন্ত্ৰী, সাংসদ, আৰু অন্যান্য বিশিষ্ট ব্যক্তি। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই প্ৰধানমন্ত্ৰী ৰামগুলমে ঘোষণা কৰে যে ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত মৰিচাছে ভাৰতৰ প্ৰধানমন্ত্ৰীক সৰ্বোচ্চ অসামৰিক বঁটা ‘গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ এণ্ড কী অৱ দ্য ইণ্ডিয়ান অ’চেন [G.C.S.K]’ প্ৰদান কৰিব। এই ব্যতিক্ৰমী সন্মানৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ আদৰ-সম্ভাষণ আৰু বন্ধুত্বৰ বাবে তথা দুয়োখন দেশৰ মাজত সজীৱ আৰু বিশেষ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ প্ৰধানমন্ত্ৰী ৰামগুলাম আৰু তেওঁৰ পত্নী শ্ৰীমতী বীনা ৰামগুলামক অ’চিআই কাৰ্ডো প্ৰদান কৰে। মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ উমৈহতীয়া ঐতিহাসিক যাত্ৰাক স্মৰণ কৰে।

 

|

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মৰিচাছৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া ছাৰ ছিউছাগুৰ ৰামগুলাম, ছাৰ অনিৰুদ জুগনাউথ, মনিলাল ডাক্তৰ আদিক শ্ৰদ্ধাঞ্জলি জনায় আৰু মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাটো তেওঁৰ বাবে এক সন্মানৰ কথা বুলি উল্লেখ কৰে। দুয়োখন দেশৰ জনসাধাৰণৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ ভেটি গঠন কৰা উমৈহতীয়া ঐতিহ্য আৰু সাদৃশ্য থকা সংযোগৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ ভাৰতীয় মূলৰ সমূদায়ে কেনেকৈ নিজৰ সাংস্কৃতিক শিপা সংৰক্ষণ আৰু লালন-পালন কৰিছে তাৰ শলাগ লয়। এই বন্ধনসমূহ আৰু অধিক শক্তিশালী কৰিবলৈ মৰিচাছৰ ভাৰতীয় মূলৰ সপ্তম প্ৰজন্মৰ লোকসকলৰ বাবে অ’চিআই কাৰ্ড উপলব্ধ কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে গিৰমিটীয়া উত্তৰাধিকাৰক লালন-পালন কৰাৰ বাবে কেইবাটাও পদক্ষেপক সমৰ্থন কৰিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে মৰিচাছৰ ঘনিষ্ঠ উন্নয়ন অংশীদাৰ হোৱাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ আৰু বিশদভাৱে কয় যে ভাৰত-মৰিচাছৰ বিশেষ সম্পৰ্কই ভাৰতৰ SAGAR Vision আৰু গ্ল’বেল ছাউথৰ সৈতে ইয়াৰ সংযোগত মূল ভূমিকা পালন কৰিছিল। জলবায়ু পৰিৱৰ্তনৰ উমৈহতীয়া প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বিষয়ে কৈ প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু গ্ল’বেল বায়’ফুৱেলছ এলায়েন্সৰ পদক্ষেপত মৰিচাছৰ অংশীদাৰিত্বৰ শলাগ লয়। এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে এক পেড় মা কে নাম ( Plant4Mother) পদক্ষেপৰ ওপৰতো আলোকপাত কৰে যাৰ অধীনত তেওঁ দিনটোৰ আৰম্ভণিতে ঐতিহাসিক ছাৰ ছিউছাগুৰ ৰামগুলাম উদ্ভিদ উদ্যানত এটা গছপুলি ৰোপণ কৰে। অনুষ্ঠানত এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়, য’ত ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ ইণ্ডিয়ান কালচাৰ (আইজিচিআইচি), মহাত্মা গান্ধী ইনষ্টিটিউট (এমজিআই) আৰু আন্না মেডিকেল কলেজৰ শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰে।

 

|

Prime Minister noted that India was privileged to be a close development partner of Mauritius. He further elaborated that India-Mauritius special ties played a key role in India’s SAGAR Vision and its engagement with the Global South. Speaking about tackling the shared challenge of climate change, he appreciated Mauritius’s partnership in the International Solar Alliance and the Global Biofuels Alliance initiatives. In this context, PM also highlighted the Ek Pedh Maa Ke Naam ( Plant4Mother) initiative under which he planted a sapling at the historic Sir Seewoosagur Ramgoolam Botanic Garden earlier in the day. Full address of Prime Minister may be seen here.

 

|

The event featured a captivating cultural programme, with performances by artistes from Indira Gandhi Centre for Indian Culture (IGCIC), Mahatma Gandhi Institute (MGI) and Anna Medical College.

 

  • Pratap Gora May 17, 2025

    Jai ho
  • Jitendra Kumar May 07, 2025

    🇮🇳🇮🇳🙏
  • Chetan kumar April 28, 2025

    जय श्री राम
  • Anjni Nishad April 23, 2025

    जय हो 🙏🏻🙏🏻
  • Bhupat Jariya April 17, 2025

    Jay shree ram
  • Kukho10 April 15, 2025

    PM Modi is the greatest leader in Indian history!
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha April 14, 2025

    bjp
  • jitendra singh yadav April 12, 2025

    जय श्री राम
  • Soni tiwari April 11, 2025

    Jai shree ram
  • Soni tiwari April 11, 2025

    Jai ho
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s development story and the PM’s contribution

Media Coverage

India’s development story and the PM’s contribution
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM congratulates the Indian contingent for their performance at 2025 Asian Athletics Championships
June 02, 2025

Prime Minister, Shri Narendra Modi, has praised the Indian contingent for their stupendous performance at the recently held 2025 Asian Athletics Championships in South Korea."The hard work and determination of every athlete were clearly visible throughout the tournament", Shri Modi stated.

The Prime Minister posted on X :

"India is proud of our contingent for their stupendous performance at the recently held 2025 Asian Athletics Championships in South Korea. The hardwork and determination of every athlete were clearly visible throughout the tournament. Best wishes to the athletes for their future endeavours."