Quoteবিষ্ণু মহাযজ্ঞত মন্দিৰ দৰ্শন, পৰিক্ৰমা আৰু পূৰ্ণহুতি কৰে
Quoteদেশৰ নিৰন্তৰ উন্নয়ন আৰু দুখীয়াৰ কল্যাণৰ বাবে ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ পৰা আশীৰ্বাদ বিচাৰে
Quote“ভৌগোলিক, সাংস্কৃতিক, সামাজিক আৰু মতাদৰ্শগতভাৱে ভাৰতক বিভাজিত কৰিবলৈ বহু প্ৰচেষ্টা চলোৱাৰ পিছতো কোনো শক্তিয়ে ভাৰতক শেষ কৰিব নোৱাৰিলে”
Quote“ভাৰতীয় সমাজৰ শক্তি আৰু প্ৰেৰণাই জাতিটোৰ অমৰত্ব ৰক্ষা কৰে”
Quote“ভগৱান দেৱনাৰায়ণে দেখুওৱা পথটো ‘সবকা সাথ’ৰ মাজেৰে ‘সবকা বিকাশ’ৰ আৰু দেশখনেও আজি একে পথেই অনুসৰণ কৰিছে”
Quote“দেশে বঞ্চিত আৰু অৱহেলিত হৈ থকা প্ৰতিটো দিশক শক্তিশালী কৰাৰ চেষ্টা কৰিছে”
Quoteজাতীয় প্ৰতিৰক্ষাই হওক বা সংস্কৃতিৰ সংৰক্ষণে হওক, প্ৰতিটো সময়তে গুৰজাৰ সম্প্ৰদায়ে ৰক্ষকৰ ভূমিকা পালন কৰি আহিছে”
Quote“নিউ ইণ্ডিয়াই বিগত দশকবোৰৰ ভুলবোৰ শুধৰণি কৰি দেশৰ অখ্যাত বীৰসকলক সন্মান জনাইছে”

আজি ৰাজস্থানৰ ভিলৱাৰাত ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক ‘অৱতৰণ মহোৎসৱ’ৰ স্মৃতিচাৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্দিৰ দৰ্শন আৰু পৰিক্ৰমা কৰাৰ লগতে নিম পুলিও ৰোপণ কৰে। যজ্ঞশালাত চলি থকা বিষ্ণু মহাযজ্ঞতো তেওঁ পূৰ্ণাহুতি পালন কৰে। ভগৱান শ্ৰী দেৱনাৰায়ণ জীক ৰাজস্থানৰ জনসাধাৰণে পূজা-অৰ্চনা কৰে, আৰু তেওঁৰ অনুগামীসকল দেশৰ চৌদিশে বিয়পি আছে। বিশেষকৈ জনসেৱাৰ দিশত কৰা কামৰ বাবে তেওঁক শ্ৰদ্ধা কৰা হয়।

|

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই শুভ অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পাই সুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে তেওঁ ইয়ালৈ প্ৰধানমন্ত্ৰী হিচাপে নহয় বৰঞ্চ ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ আশীৰ্বাদ বিচাৰি তীৰ্থযাত্ৰী হিচাপে আহিছে। যজ্ঞশালাত চলি থকা বিষ্ণু মহাযজ্ঞত ‘পূৰ্ণাহুতি’ সম্পাদন কৰিবলৈ সক্ষম হোৱাৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। “দেৱনাৰায়ণ জী আৰু ‘জনতা জনাৰ্দন’ দুয়োৰে ‘দৰ্শন’ লাভ কৰি মই নিজকে ধন্য অনুভৱ কৰিছো”, প্ৰধানমন্ত্ৰীয়ে কয়। “ইয়াত থকা আন প্ৰতিজন তীৰ্থযাত্ৰীৰ দৰে মইও দেশৰ অহৰহ উন্নয়ন আৰু দুখীয়াৰ কল্যাণৰ বাবে ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ পৰা আশীৰ্বাদ বিচাৰো”, প্ৰধানমন্ত্ৰীয়ে আৰু মন্তব্য কৰে।

ভগৱান শ্ৰী দেৱনাৰায়ণৰ ১১১১ সংখ্যক অৱতৰণ দিৱসৰ ভৱিষ্যৎ উপলক্ষে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বিগত এসপ্তাহ ধৰি ইয়াত চলি থকা সাংস্কৃতিক কাৰ্যসূচী আৰু গুৰাজাৰ সম্প্ৰদায়ৰ সক্ৰিয় অংশগ্ৰহণৰ বিষয়ে উল্লেখ কৰে। তেওঁ সমাজৰ প্ৰতিজন ব্যক্তিৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু এই উপলক্ষে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে।

|

ভাৰতীয় চেতনাৰ অবিৰত প্ৰাচীন প্ৰবাহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত কেৱল ভূগৰ্ভ নহয়, বৰঞ্চ ই আমাৰ সভ্যতা, সংস্কৃতি, সম্প্ৰীতি আৰু সম্ভাৱনাৰ প্ৰকাশ। তেওঁ ভাৰতীয় সভ্যতাৰ স্থিতিস্থাপকতাৰ কথা কয়, যিহেতু আন বহু সভ্যতাই পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাব নোৱাৰি বিনষ্ট হৈছিল। ভৌগোলিক, সাংস্কৃতিক, সামাজিক আৰু মতাদৰ্শগতভাৱে ভাৰতক বিভাজিত কৰিবলৈ বহু প্ৰচেষ্টা চলোৱাৰ পিছতো কোনো শক্তিয়ে ভাৰতক শেষ কৰিব নোৱাৰিলে বুলি শ্ৰী মোদীয়ে কয়।

"আজিৰ ভাৰতে এক বিশাল ভৱিষ্যতৰ ভেটি স্থাপন কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰতীয় সমাজৰ শক্তি আৰু অনুপ্ৰেৰণাক কৃতিত্ব দিয়ে যিয়ে ৰাষ্ট্ৰৰ অমৰত্ব ৰক্ষা কৰে। ভাৰতৰ হাজাৰ বছৰ পুৰণি যাত্ৰাত সমাজৰ শক্তিৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ইতিহাসৰ প্ৰতিটো সময়ত সমাজৰ ভিতৰৰ পৰা উদ্ভৱ হোৱা শক্তিআৰু সকলোৰে বাবে পথপ্ৰদৰ্শক হিচাপে কাম কৰা শক্তিৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান শ্ৰী দেৱনাৰায়ণে সদায় সেৱা আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিছিল। প্ৰধানমন্ত্ৰীয়ে শ্ৰী দেৱনাৰায়ণৰ জনকল্যাণৰ প্ৰতি থকা নিষ্ঠা আৰু মানৱতাৰ সেৱাৰ বাছনিৰ কথা উল্লেখ কৰে। “ভগৱান দেৱনাৰায়ণে দেখুওৱা পথটো ‘সবকা সাথ’ৰ মাজেৰে ‘সবকা বিকাশ’; আমাৰ দেশখনেও আজি একে পথেই অনুসৰণ কৰিছে”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। যোৱা ৮-৯ বছৰ ধৰি দেশে বঞ্চিত আৰু অৱহেলিত হৈ থকা প্ৰতিটো শ্ৰেণীক সবলীকৰণৰ চেষ্টা চলাইছে। ‘বঞ্চিতসকলৰ অগ্ৰাধিকাৰ’ৰ মন্ত্ৰ লৈ আমি আগবাঢ়িছো বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।

|

প্ৰধানমন্ত্ৰীয়ে সেই সময়ৰ কথা স্মৰণ কৰে যেতিয়া দৰিদ্ৰ লোকৰ বাবে ৰেচনৰ উপলব্ধতা আৰু গুণগত মানক লৈ চৰম অনিশ্চয়তা আছিল। আজি তেওঁ কয় যে প্ৰতিজন হিতাধিকাৰীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ ৰেচন লাভ কৰিছে। আয়ুষ্মান ভাৰত আঁচনিখনে চিকিৎসাৰ চিন্তাৰ দূৰ কৰিছে। তেওঁ কয়, “আমি দৰিদ্ৰ শ্ৰেণীৰ গৃহ নিৰ্মাণ, শৌচাগাৰ, গেছ সংযোগ আৰু বিদ্যুতৰ বিষয়ে চিন্তা প্ৰকাশ কৰিছো”, তেওঁ কয়। শেহতীয়া বছৰবোৰত যি আৰ্থিক অন্তৰ্ভুক্তি হৈছে, তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বেংকৰ দুৱাৰ এতিয়া সকলোৰে বাবে মুকলি হৈছে।

প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে যে ৰাজস্থানৰ দৰে পানীৰ মূল্য আন কোনেও নাজানে। তেওঁ দুখ প্ৰকাশ কৰি কয় যে স্বাধীনতাৰ বহু দশকৰ পাছতো মাত্ৰ ৩ কোটি পৰিয়ালে তেওঁলোকৰ ঘৰত টেপৰ পানীৰ সংযোগ লাভ কৰিছে আৰু ১৬ কোটিতকৈও অধিক পৰিয়ালে দৈনিক পানীৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, যোৱা চাৰে তিনি বছৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ বাবে এতিয়ালৈকে এঘাৰ কোটিৰো অধিক পৰিয়ালে টেপৰ পানীৰ সংযোগ লাভ কৰিছে।

|

প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান শ্ৰী দেৱনাৰায়ণে সদায় সেৱা আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিছিল। প্ৰধানমন্ত্ৰীয়ে শ্ৰী দেৱনাৰায়ণৰ জনকল্যাণৰ প্ৰতি থকা নিষ্ঠা আৰু মানৱতাৰ সেৱাৰ বাছনিৰ কথা উল্লেখ কৰে। “ভগৱান দেৱনাৰায়ণে দেখুওৱা পথটো ‘সবকা সাথ’ৰ মাজেৰে ‘সবকা বিকাশ’; আমাৰ দেশখনেও আজি একে পথেই অনুসৰণ কৰিছে”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। যোৱা ৮-৯ বছৰ ধৰি দেশে বঞ্চিত আৰু অৱহেলিত হৈ থকা প্ৰতিটো শ্ৰেণীক সবলীকৰণৰ চেষ্টা চলাইছে। ‘বঞ্চিতসকলৰ অগ্ৰাধিকাৰ’ৰ মন্ত্ৰ লৈ আমি আগবাঢ়িছো বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।

|

‘গো সেৱা’ক সমাজসেৱা আৰু সমাজ সৱলীকৰণৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ বাবে ভগৱান দেৱনাৰায়ণৰ অভিযানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশত গো সেৱাৰ ক্ৰমবৰ্ধমান মনোভাৱৰ কথা আঙুলিয়াই দিয়ে। পশু ধনৰ ভৰি আৰু মুখৰ ৰোগৰ প্ৰতিষেধক অভিযান, ৰাষ্ট্ৰীয় কামধেনু আয়োগ আৰু ৰাষ্ট্ৰীয় গোকুল মিছন স্থাপনৰ কথাও তেওঁ উল্লেখ কৰে। “‘পশু ধন’ (গৰু) আমাৰ বিশ্বাস আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হোৱাৰ উপৰিও আমাৰ গ্ৰাম্য অৰ্থনীতিৰ মূল অংশ, সেইবাবেই প্ৰথমবাৰৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড পশুপালন খণ্ড আৰু পশুপালকসকললৈ সম্প্ৰসাৰিত কৰা হৈছে'', প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। একেদৰে গোবৰ্ধন আঁচনিখনেও আৱৰ্জনাক ধনলৈ ৰূপান্তৰিত কৰিছে।

সামৰণিত প্ৰধানমন্ত্ৰীয়ে এই কাকতলীয়া কথা লক্ষ্য কৰে যে পদুমত আবিৰ্ভাৱ হোৱা ভগৱান দেৱনাৰায়ণজীৰ ১১১১সংখ্যক বৰ্ষপূৰ্তিত ভাৰতে জি-২০ৰ সভাপতিত্ব গ্ৰহণ কৰিছে আৰু ইয়াৰ ল’গ’ত এটা পদুম ফুলে পৃথিৱীখনক কঢ়িয়াই নিয়া দেখা গৈছে। এই উপলক্ষে ভক্তিৰ সামাজিক শক্তি আৰু পৰিৱেশৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ ভাষণৰ সামৰণি মাৰে।

|

এই উপলক্ষে কেন্দ্ৰীয় সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল, মালাছেৰী ডুগ্ৰীৰ প্ৰধান পুৰোহিত শ্ৰীযুত হেমৰাজ জী গুৰজাৰ আৰু সংসদ সদস্য শ্ৰীযুত সুভাষ চন্দ্ৰ বাহেৰিয়াকে ধৰি অন্যান্যসকল উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Reena chaurasia August 27, 2024

    bjp
  • Lalit February 02, 2023

    Namo Namo ji 🙏
  • NIVISH chaudhary January 30, 2023

    जय हो
  • Abhishek Singh January 30, 2023

    जय भगवान श्री देवनारायण जी की।
  • Narayan Singh Chandana January 30, 2023

    राजस्थान की पावन धरा पर भगवान श्री विष्णु अवतार देवनारायण जी के एक्सो 1111 जन्मोत्सव पर राजस्थान वासियों को आपका मार्गदर्शन मिला ऐतिहासिक पल में आमजन ने आपके उद्बोधन का लाभ लिया आने वाले समय में राजस्थान में जिस तरह से केंद्र सरकार की योजनाओं का लाभ मिल रहा है आने वाले चुनाव में भाजपा की सरकार बने यही आशा एवं विश्वास के साथ आपका आभार व्यक्त करता हूं धन्यवाद
  • Babaji Namdeo Palve January 30, 2023

    राष्ट्रपिता म हात्मा गांधीजी कि पुण्यतिथी पर शत शत नमन
  • Binod Mittal January 30, 2023

    Jai SriKrihna ❤💃💃❤
  • Arti D Patel January 30, 2023

    सत्य और अहिंसा के पुजारी राष्ट्रपिता महात्मा गांधी जी की पुण्यतिथि पर उन्हें मेरा शत-शत नमन। आरती डी पटेल .. (पुर्व प्रमुख नगरपालिका बोरसद,गुजरात)
  • ADARSH PANDEY January 30, 2023

    proud dad always
  • Sandeep Jain January 30, 2023

    मोदी जी आपने हमारे परिवार के साथ अच्छा मजाक किया है हम आपसे पाँच साल से एक हत्या के हजार फीसदी झूठे मुकदमे पर न्याय माँग रहे हैं। उपरोक्त मामले में अब तक एक लाख से ज्यादा पत्र मेल ट्वीट फ़ेसबुक इंस्टाग्राम और न जाने कितने प्रकार से आपके समक्ष गुहार लगा चुका हूँ लेकिन मुझे लगता है आपकी और आपकी सरकार की नजर में आम आदमी की अहमियत सिर्फ और सिर्फ कीड़े मकोड़े के समान है आपकी ऐश मौज में कोई कमी नहीँ आनी चाहिए आपको जनता की परेशानियों से नहीँ उनके वोटों से प्यार है। हमने सपनों में भी नहीं सोचा था कि यह वही भारतीय जनता पार्टी है जिसके पीछे हम कुत्तों की तरह भागते थे लोगों की गालियां खाते थे उसके लिए अपना सबकुछ न्योछावर करने को तैयार रहते थे  और हारने पर बेज्जती का कड़वा घूँट पीते थे और फूट फूट कर रोया करते थे। आज हम अपने आप को ठगा सा महसूस कर रहे हैं। हमने सपनों में भी नहीं सोचा था की इस पार्टी की कमान एक दिन ऐसे तानाशाह के हाथों आएगी जो कुछ चुनिंदा दोस्तों की खातिर एक सौ तीस करोड़ लोगों की जिंदगी का जुलूस निकाल देगा। बटाला पंजाब पुलिस के Ssp श्री सत्येन्द्र सिंह से लाख गुहार लगाने के बाद भी उन्होंने हमारे पूरे परिवार और रिश्तेदारों सहित पाँच सदस्यों पर धारा 302 के मुकदमे का चालान कोर्ट में पेश कर दिया उनसे लाख मिन्नतें की कि जब मुकदमा झूठा है तो फिर हत्या का चालान क्यों पेश किया जा रहा है तो उनका जबाब था की ऐसे मामलों का यही बेहतर विकल्प होता है मैंने उनको बोला कि इस केस में हम बर्बाद हो चुके हैं पुलिस ने वकीलों ने पाँच साल तक हमको नोंच नोंच कर खाया है और अब पाँच लोगों की जमानत के लिए कम से कम पाँच लाख रुपये की जरूरत होगी वह कहाँ से आयेंगे यदि जमानत नहीँ करायी तो हम पांचो को जेल में जाना होगा। इतना घोर अन्याय देवी देवताओं की धरती भारत मैं हो रहा है उनकी आत्मा कितना मिलाप करती होंगी की उनकी विरासत पर आज भूत जिन्द चील कौवो का वर्चस्व कायम हो गया है। मुझे बार बार अपने शरीर के ऊपर पेट्रोल छिड़ककर आग लगाकर भस्म हो जाने की इच्छा होती है लेकिन बच्चों और अस्सी वर्षीय बूढ़ी मां जो इस हत्या के मुकदमे में मुख्य आरोपी है को देखकर हिम्मत जबाब दे जाती है। मोदी जी आप न्याय नहीं दिला सकते हो तो कम से कम मौत तो दे ही सकते हो तो किस बात की देरी कर रहे हो हमें सरेआम कुत्तों की मौत देने का आदेश तुरन्त जारी करें। इस समय पत्र लिखते समय मेरी आत्मा फूट फूट कर रो रही हैं भगवान के घर देर है अंधेर नहीँ जुल्म करने वालों का सत्यानाश निश्चय है।  🙏🙏🙏 Fir no. 177   06/09/2017 सिविल लाइंस बटाला पंजाब From Sandeep Jain Delhi 110032 9350602531
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'New India's Aspirations': PM Modi Shares Heartwarming Story Of Bihar Villager's International Airport Plea

Media Coverage

'New India's Aspirations': PM Modi Shares Heartwarming Story Of Bihar Villager's International Airport Plea
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 মাৰ্চ 2025
March 07, 2025

Appreciation for PM Modi’s Effort to Ensure Ek Bharat Shreshtha Bharat