Quoteআকৌ এবাৰ দেৱভূমি উত্তৰাখণ্ডলৈ আহিবলৈ পাই ধন্য মানিছোঃ প্ৰধানমন্ত্ৰী
Quoteএই দশকটো উত্তৰাখণ্ডৰ দশক হৈ পৰিবঃ প্ৰধানমন্ত্ৰী
Quoteউত্তৰাখণ্ডৰ বাবে পৰ্যটন খণ্ডক বৈচিত্ৰ্যময় কৰি বাৰমাহেই ব্যৱহাৰৰ উপযোগী কৰি তোলাটো অতি গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
Quoteকোনো ঋতুত বন্ধ হ’ব নালাগে, প্ৰতিটো ঋতুতে উত্তৰাখণ্ডৰ পৰ্যটন খোলা থাকিব লাগেঃ প্ৰধানমন্ত্ৰী
Quoteকেন্দ্ৰ আৰু ৰাজ্যৰ আমাৰ চৰকাৰসমূহে উত্তৰাখণ্ডক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ একেলগে কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী

উত্তৰাখণ্ডৰ হৰচিলত শীতকালীন পৰ্যটন কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰেক আৰু বাইক ৰেলীৰ ফ্লেগ অফ কৰে। লগতে মুখোৱা মা গংগাৰ শীতকালীন প্ৰবাসস্থলত পূজা অৰ্চনা কৰাৰ লগতে দৰ্শন কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ মানা গাঁৱৰ এই শোকাৱহ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে এই সংকটৰ সময়ত দেশৰ জনসাধাৰণে সংহতিৰে থিয় দিছে, যিয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অপৰিসীম শক্তি প্ৰদান কৰিছে।

“দেৱভূমি নামেৰে পৰিচিত উত্তৰাখণ্ডৰ ভূমি আধ্যাত্মিক শক্তিৰে ৰঞ্জিত আৰু চাৰ ধাম আৰু আন অগণন পবিত্ৰ স্থানেৰে আশীষপুষ্ট”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই অঞ্চলে জীৱনদায়িনী মা গংগাৰ শীতকালীন প্ৰবাসস্থল হিচাপে কাম কৰা বুলি আলোকপাত কৰে। তেওঁ পুনৰ ভ্ৰমণৰ সুযোগ পোৱাৰ বাবে আৰু ৰাইজ আৰু তেওঁলোকৰ পৰিয়ালক লগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি ইয়াক আশীৰ্বাদ বুলি আখ্যা দিয়ে। তেওঁ দৃঢ়তাৰে কয় যে মা গংগাৰ কৃপাতেই তেওঁ দশক দশক ধৰি উত্তৰাখণ্ডৰ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছিল। “মা গংগাৰ আশীৰ্বাদে মোক কাশীলৈ পৰিচালিত কৰিলে, য’ত মই এতিয়া সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো”, মা গংগাই তেওঁক মতা কৰা বুলি কাশীত দিয়া বক্তব্যৰ কথা দোঁহাৰে। শ্ৰী মোদীয়ে শেহতীয়াকৈ মা গংগাই তেওঁক নিজৰ বুলি আকোৱালি লৈছে বুলি তেওঁৰ শেহতীয়া উপলব্ধি শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াক মা গংগাৰ সন্তানৰ প্ৰতি থকা মৰম আৰু আদদৰ বুলি অভিহিত কৰে, যিয়ে তেওঁক মুখোৱা গাঁৱৰ মাতৃগৃহলৈ লৈ আহি মুখীমঠ-মুখোৱাত দৰ্শন আৰু পূজা কৰাৰ গৌৰৱ লাভ কৰে। "দিদী-ভুলীয়া" হিচাপে অভিহিত কৰা স্থানীয় মহিলাসকলে দেখুওৱা মৰমৰ স্মৃতিত হৰচিলৰ ভূমি ভ্ৰমণৰ সন্দৰ্ভত মন্তব্য কৰি শ্ৰী মোদীয়ে তেওঁলোকৰ হৰচিলৰ ৰাজমা আৰু অন্যান্য স্থানীয় সামগ্ৰী প্ৰেৰণ কৰাৰ চিন্তাশীল ইংগিতৰ ওপৰত আলোকপাত কৰে। তেওঁলোকৰ উষ্ম আদৰণি আৰু উপহাৰৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে বাবা কেদাৰনাথ ভ্ৰমণৰ কথা স্মৰণ কৰে, য’ত তেওঁ ঘোষণা কৰিছিল, “এই দশকটো হ’ব উত্তৰাখণ্ডৰ দশক”। সেই কথাৰ আঁৰৰ শক্তি বাবা কেদাৰনাথৰ পৰাই আহিছিল বুলি তেওঁ মন্তব্য কৰি বাবা কেদাৰনাথৰ আশীৰ্বাদত এই দৃষ্টিভংগী ক্ৰমান্বয়ে বাস্তৱত পৰিণত হৈছে বুলি আলোকপাত কৰে। উত্তৰাখণ্ডৰ প্ৰগতিৰ নতুন বাট মুকলি হৈছে, ৰাজ্য গঠনৰ দিশত যি আকাংক্ষা পূৰণ কৰা হৈছে, সেই কথাত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ উন্নয়নৰ বাবে দিয়া প্ৰতিশ্ৰুতিসমূহ নিৰন্তৰ কৃতিত্ব আৰু নতুন মাইলৰ খুঁটিৰ জৰিয়তে বাস্তৱায়িত হৈছে। তেওঁ লগতে কয়, “শীতকালীন পৰ্যটন এই দিশত এক উল্লেখযোগ্য পদক্ষেপ, উত্তৰাখণ্ডৰ অৰ্থনৈতিক সম্ভাৱনাক ব্যৱহাৰ কৰাত সহায়ক” আৰু এই উদ্ভাৱনী প্ৰচেষ্টাৰ বাবে উত্তৰাখণ্ড চৰকাৰক অভিনন্দন জনোৱাৰ লগতে ৰাজ্যখনৰ অগ্ৰগতিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

উত্তৰাখণ্ড কোনো "ঋতুতে বন্ধ" থাকিব নালাগে আৰু প্ৰতিটো ঋতুতে পৰ্যটন লাভৱান হ'ব লাগে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “পৰ্যটন খণ্ডক বৈচিত্ৰ্যময় কৰি বছৰজোৰা এক কাৰ্যকলাপ হিচাপে গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয়।” তেওঁ উল্লেখ কৰে যে বৰ্তমান পাহাৰৰ পৰ্যটন ঋতুভিত্তিক, মাৰ্চ, এপ্ৰিল, মে’, জুন মাহত পৰ্যটকৰ যথেষ্ট আগমন ঘটে। কিন্তু তেওঁ লগতে কয় যে ইয়াৰ পিছত পৰ্যটকৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পায়, যাৰ ফলত শীতকালত বেছিভাগ হোটেল, ৰিজ’ৰ্ট আৰু হোমষ্টে খালী হৈ পৰে। তেওঁ আঙুলিয়াই দিয়ে যে এই ভাৰসাম্যহীনতাই উত্তৰাখণ্ডত বছৰৰ এটা বৃহৎ অংশৰ বাবে অৰ্থনৈতিক স্থবিৰতাৰ সৃষ্টি কৰে আৰু পৰিৱেশৰ প্ৰতিও প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।

“শীতকালত উত্তৰাখণ্ড ভ্ৰমণ কৰিলে দেৱভূমিৰ ঐশ্বৰিক আভাৰ প্ৰকৃত আভাস পোৱা যায়”, এই অঞ্চলৰ শীতকালীন পৰ্যটনে ট্ৰেকিং আৰু স্কাইঙৰ দৰে কাৰ্য্যকলাপৰ ৰোমাঞ্চৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয়। তেওঁ দৃঢ়তাৰে কয় যে উত্তৰাখণ্ডৰ ধৰ্মীয় যাত্ৰাৰ বাবে শীতকালৰ বিশেষ তাৎপৰ্য আছে, এই সময়ছোৱাত বহু পবিত্ৰ স্থানত অনন্য অনুষ্ঠানৰ আয়োজন কৰা হয়। তেওঁ মুখোৱা গাঁৱৰ ধৰ্মীয় অনুষ্ঠানক অঞ্চলটোৰ প্ৰাচীন আৰু উল্লেখযোগ্য পৰম্পৰাৰ অবিচ্ছেদ্য অংগ হিচাপে আঙুলিয়াই দিয়ে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উত্তৰাখণ্ড চৰকাৰৰ বছৰজুৰি পৰ্যটনৰ দৃষ্টিভংগীয়ে মানুহক ঐশ্বৰিক অভিজ্ঞতাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰিব। তেওঁ আলোকপাত কৰে যে এই পদক্ষেপে বছৰজুৰি কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব, যাৰ ফলত স্থানীয় জনসাধাৰণ আৰু উত্তৰাখণ্ডৰ যুৱক-যুৱতীসকল যথেষ্ট উপকৃত হ’ব।

 

|

প্ৰধানমন্ত্ৰীয়ে বিগত দশকত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত মন্তব্য কৰি “কেন্দ্ৰ আৰু ৰাজ্যৰ আমাৰ চৰকাৰে উত্তৰাখণ্ডক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ একেলগে কাম কৰি আছে” বুলি উল্লেখ কৰে, য’ত চাৰ ধাম সকলো বতৰৰ উপযোগী পথ, আধুনিক এক্সপ্ৰেছৱে আৰু ৰাজ্যখনত ৰে’লৱে, বিমান আৰু হেলিকপ্টাৰ সেৱাৰ সম্প্ৰসাৰণ আদিও অন্তৰ্ভুক্ত। তেওঁ লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ কেদাৰনাথ ৰ’পৱে প্ৰকল্প আৰু হেমকুণ্ড ৰ’পৱে প্ৰকল্পত অনুমোদন জনাইছে। তেওঁ উল্লেখ কৰে যে কেদাৰনাথ ৰ’পৱেই যাত্ৰাৰ সময় ৮-৯ ঘণ্টাৰ পৰা প্ৰায় ৩০ মিনিটলৈ হ্ৰাস কৰিব, যাৰ ফলত বিশেষকৈ বৃদ্ধ আৰু শিশুৰ বাবে যাত্ৰা অধিক সুলভ হ’ব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই ৰ’পৱে প্ৰকল্পসমূহত হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব। এই পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ বাবে তেওঁ উত্তৰাখণ্ড আৰু সমগ্ৰ দেশবাসীক অভিনন্দন জ্ঞাপন কৰে।

পাহাৰত ইক’-লগ জুপুৰি, কনভেনচন চেণ্টাৰ আৰু হেলিপেড আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয়, “টিমাৰ-ছাইন মহাদেৱ, মানা গাঁও আৰু জাডুং গাঁৱৰ দৰে স্থানত পৰ্যটনৰ আন্তঃগাঁথনি নতুনকৈ গঢ়ি তোলা হৈছে”। তেওঁ লগতে কয় যে চৰকাৰে ১৯৬২ চনত পূৰ্বতে খালী হৈ থকা মানা আৰু জাডুং গাঁওসমূহ পুনৰুদ্ধাৰ কৰাটো নিশ্চিত কৰাৰ বাবে কাম কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়াৰ ফলস্বৰূপে বিগত দশকত উত্তৰাখণ্ড ভ্ৰমণলৈ অহা পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। তেওঁ শ্বেয়াৰ কৰে যে ২০১৪ চনৰ পূৰ্বে বছৰি গড়ে ১৮ লাখ তীৰ্থযাত্ৰী চাৰ ধাম যাত্ৰা ভ্ৰমণ কৰিছিল, যিটো এতিয়া প্ৰতি বছৰে প্ৰায় ৫০ লাখ তীৰ্থযাত্ৰীলৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে এইবাৰৰ বাজেটত এই স্থানসমূহৰ হোটেলসমূহক আন্তঃগাঁথনিৰ মৰ্যাদা প্ৰদান কৰি ৫০খন পৰ্যটনস্থলীৰ উন্নয়নৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ এই পদক্ষেপে পৰ্যটকৰ সুবিধা বৃদ্ধি কৰাৰ লগতে স্থানীয় কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব বুলি দৃঢ়তাৰে কয়।

 

|

উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী অঞ্চলসমূহো পৰ্যটনৰ দ্বাৰা উপকৃত হোৱাটো নিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “এসময়ত “শেষ গাঁও” বুলি উল্লেখ কৰা গাঁওসমূহক এতিয়া দেশৰ “প্ৰথম গাঁও” বুলি অভিহিত কৰা হৈছে”। তেওঁ তেওঁলোকৰ উন্নয়নৰ বাবে প্ৰাণৱন্ত গাঁও কাৰ্যসূচী আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে, যাৰ অধীনত এই অঞ্চলৰ ১০খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ উল্লেখ কৰে যে নেলং আৰু জাডুং গাঁওসমূহ পুনৰ সংস্থাপনৰ প্ৰচেষ্টা আৰম্ভ হৈছে আৰু ইয়াৰ পূৰ্বে অনুষ্ঠানৰ পৰা জাডুঙলৈ বাইক ৰেলীৰ ফ্লেগ অফ কৰাৰ কথা উল্লেখ কৰে। লগতে ঘোষণা কৰে যে হোমষ্টে নিৰ্মাণ কৰাসকলক মুদ্ৰা যোজনাৰ অধীনত সুবিধা প্ৰদান কৰা হ’ব। শ্ৰী মোদীয়ে উত্তৰাখণ্ড চৰকাৰে ৰাজ্যখনত হোমষ্টেৰ প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ শলাগ লয়। তেওঁ আলোকপাত কৰে যে দশক দশক ধৰি আন্তঃগাঁথনিৰ পৰা বঞ্চিত গাঁওসমূহে এতিয়া নতুন হোমষ্টে মুকলি হোৱাৰ সাক্ষী হৈ পৰিছে, যিয়ে পৰ্যটনক বৃদ্ধি কৰিছে আৰু স্থানীয় বাসিন্দাসকলৰ আয় বৃদ্ধি কৰিছে।

দেশৰ সকলো চুকে-কোণে, বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে বিশেষ আহ্বান জনাই শ্ৰী মোদীয়ে আলোকপাত কৰে যে দেশৰ বহু অংশই শীতকালত কুঁৱলীৰ সন্মুখীন হ’লেও পাহাৰবোৰে সূৰ্য্যৰ পোহৰত উজ্বলি থকাৰ আনন্দ প্ৰদান কৰে, যিটোক এক অনন্য শোভালৈ ৰূপান্তৰিত কৰে। তেওঁ গড়ৱালীত "ঘাম টাপো পৰ্যটন"ৰ ধাৰণাটো আগবঢ়াইছিল, শীতকালত দেশৰ বিভিন্ন প্ৰান্তৰ লোকক উত্তৰাখণ্ড ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ বিশেষভাৱে কৰ্পৰেট জগতখনক অঞ্চলটোত সভা, সন্মিলন আৰু প্ৰদৰ্শনীৰ আয়োজন কৰি শীতকালীন পৰ্যটনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়, দেৱভূমি উত্তৰাখণ্ডৰ এমআইচিই খণ্ডৰ বিশাল সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে উত্তৰাখণ্ডে দৰ্শনাৰ্থীসকলক যোগ আৰু আয়ুৰ্বেদৰ জৰিয়তে ৰিচাৰ্জ আৰু পুনৰ শক্তি লাভৰ সুযোগ প্ৰদান কৰে। তেওঁ বিশ্ববিদ্যালয়, ব্যক্তিগত বিদ্যালয়, মহাবিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ শীতকালীন ভ্ৰমণৰ বাবে উত্তৰাখণ্ডৰ কথা বিবেচনা কৰিবলৈ আহ্বান জনায়।

হাজাৰ হাজাৰ কোটি মূল্যৰ বিবাহ অৰ্থনীতিৰ উল্লেখযোগ্য অৱদানৰ কথা আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ "ভাৰতত বিয়া"ৰ আহ্বান পুনৰবাৰ উল্লেখ কৰে। তেওঁ উত্তৰাখণ্ডক শীতকালীন বিবাহৰ গন্তব্যস্থান হিচাপে অগ্ৰাধিকাৰ দিবলৈ উৎসাহিত কৰে। উত্তৰাখণ্ডক "সৰ্বাধিক চলচ্চিত্ৰ-অনুকূল ৰাজ্য"ৰ খিতাপ লাভ কৰা বুলি উল্লেখ কৰি তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ পৰাও আৰু অধিক আশা প্ৰকাশ কৰে। তেওঁ অঞ্চলটোৰ আধুনিক সা-সুবিধাসমূহৰ দ্ৰুত বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত উত্তৰাখণ্ডক শীতকালত চলচ্চিত্ৰৰ শ্বুটিঙৰ বাবে আদৰ্শ গন্তব্যস্থান হিচাপে গঢ়ি তোলা হৈছে।

 

|

শ্ৰী মোদীয়ে কেইবাখনো দেশৰ শীতকালীন পৰ্যটনৰ জনপ্ৰিয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উত্তৰাখণ্ডে তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকি নিজৰ শীতকালীন পৰ্যটনক প্ৰচাৰ কৰিব পাৰে বুলি গুৰুত্ব আৰোপ কৰে। তেওঁ উত্তৰাখণ্ডৰ হোটেল আৰু ৰিজ’ৰ্টকে ধৰি পৰ্যটন খণ্ডৰ সকলো অংশীদাৰক এই দেশসমূহৰ আৰ্হি অধ্যয়ন কৰিবলৈ আহ্বান জনায়। তেওঁ উত্তৰাখণ্ড চৰকাৰক এনে অধ্যয়নৰ পৰা উদ্ভৱ হোৱা কাৰ্য্যকৰী দিশসমূহ সক্ৰিয়ভাৱে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। তেওঁ স্থানীয় পৰম্পৰা, সংগীত, নৃত্য, খাদ্যৰ প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ হট স্প্ৰিংসমূহক ৱেলনেছ স্পালৈ বিকশিত কৰিব পাৰি আৰু নিস্তব্ধ, বৰফেৰে আবৃত অঞ্চলত শীতকালীন যোগাসনৰ ৰিট্ৰিটৰ আয়োজন কৰিব পাৰি বুলি মন্তব্য কৰি যোগ গুৰুসকলক বছৰি উত্তৰাখণ্ডত যোগ শিবিৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। উত্তৰাখণ্ডৰ বাবে এক অনন্য পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ শীতকালত বিশেষ বন্যপ্ৰাণী ছাফাৰীৰ আয়োজনৰো পৰামৰ্শ আগবঢ়ায়। তেওঁ ৩৬০ ডিগ্ৰীৰ পদ্ধতি গ্ৰহণ আৰু এই লক্ষ্যসমূহত উপনীত হোৱাৰ বাবে প্ৰতিটো স্তৰতে কাম কৰাত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে সুবিধা বিকাশৰ সমান্তৰালকৈ সজাগতা প্ৰচাৰ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ বুলি গুৰুত্ব আৰোপ কৰি উত্তৰাখণ্ডৰ শীতকালীন পৰ্যটনৰ পদক্ষেপক প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ দেশৰ যুৱ কণ্টেণ্ট ক্ৰিয়েটৰছসকলক আহ্বান জনায়। পৰ্যটন খণ্ডক উন্নীত কৰাত কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে তেওঁলোকক উত্তৰাখণ্ডৰ নতুন গন্তব্যস্থানসমূহ অন্বেষণ কৰিবলৈ আৰু তেওঁলোকৰ অভিজ্ঞতাসমূহ জনসাধাৰণৰ সৈতে ভাগ-বতৰা কৰিবলৈ আহ্বান জনায়। তেওঁ উত্তৰাখণ্ডত পৰ্যটনৰ প্ৰসাৰৰ বাবে কণ্টেণ্ট ক্ৰিয়েটৰৰ দ্বাৰা ছুটি ছবি নিৰ্মাণৰ প্ৰতিযোগিতা আয়োজন কৰিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়ে। তেওঁ এই খণ্ডটোৱে অনাগত বছৰবোৰত দ্ৰুত বৃদ্ধিৰ সাক্ষী হ’ব বুলি আস্থা প্ৰকাশ কৰি ভাষণ সামৰে আৰু উত্তৰাখণ্ডত বছৰজুৰি চলি থকা পৰ্যটন অভিযানৰ বাবে অভিনন্দন জনায়।

 

|

অনুষ্ঠানত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় ​​তামতাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পটভূমিঃ

উত্তৰাখণ্ড চৰকাৰে এইবাৰ শীতকালীন পৰ্যটন কাৰ্যসূচী আৰম্ভ কৰিছে। ইতিমধ্যে গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথৰ শীতকালীন প্ৰবাসস্থানসমূহলৈ হাজাৰ হাজাৰ ভক্ত ভ্ৰমণ কৰিছে। ধৰ্মীয় পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে স্থানীয় অৰ্থনীতি, হোমষ্টে, পৰ্যটন ব্যৱসায় আদিক উন্নীত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Virudthan May 29, 2025

    🔴🔴🔴🔴Jai Shri Ram🔴🔴🌺🔴 Jai Shri Ram🔴🍁🔴🔴🔴Jai Shri Ram🔴🔴Jai Shri Ram🔴🌺 🔴🔴🔴🔴🔴Jai Shri Ram🌺 Jai Shri Ram 🔴🔴🔴🔴Jai Shri Ram🔴🔴🔴
  • Pratap Gora May 20, 2025

    Jai ho
  • Jitendra Kumar May 05, 2025

    ❤️🙏🇮🇳❤️❤️
  • Naresh Telu May 03, 2025

    jai jai sriram
  • Chetan kumar April 29, 2025

    हर हर मोदी
  • Jitendra Kumar April 24, 2025

    🙏🇮🇳🙏🇮🇳
  • Anjni Nishad April 23, 2025

    जय हो🙏🏻🙏🏻
  • Dalbir Chopra EX Jila Vistark BJP April 23, 2025

    जय ए
  • Dalbir Chopra EX Jila Vistark BJP April 23, 2025

    एऊऐ
  • Ratnesh Pandey April 19, 2025

    ।।जय हिन्द ।।
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM highlights Nari Shakti's transformative role in the journey towards a developed India
June 08, 2025
QuoteOver the last 11 years, the NDA Government has redefined women-led development: PM
QuoteVarious initiatives, from ensuring dignity through Swachh Bharat to financial inclusion via Jan Dhan accounts, the focus has been on empowering our Nari Shakti: PM

The Prime Minister, Shri Narendra Modi has highlighted the transformative role played by women in the journey towards a developed India, underlining the government’s focus on women-led development over the past 11 years.

The Prime Minister said that our mothers, sisters and daughters have seen times when they had to face difficulties at every step. But today they are not only participating actively in the resolution of a developed India, but are also setting examples in every field from education to business. Shri Modi further added that the successes of Nari Shakti in the last 11 years are a matter of pride for all citizens.

The Prime Minister noted that the NDA Government has redefined women-led development through a series of impactful initiatives. These include ensuring dignity through the Swachh Bharat Abhiyan, financial inclusion via Jan Dhan accounts, and empowerment at the grassroots level.

He cited Ujjwala Yojana as a milestone that brought smoke-free kitchens to several homes. He also highlighted how MUDRA loans have enabled lakhs of women to become entrepreneurs and pursue their dreams independently. The provision of houses in women’s names under the PM Awas Yojana has also made a remarkable impact on their sense of security and empowerment.

The Prime Minister also recalled the Beti Bachao Beti Padhao campaign, which he described as a national movement to protect the girl child.

Shri Modi affirmed that in all sectors- including science, education, sports, StartUps, and the armed forces-women are excelling and inspiring several people.

The Prime Minister shared these remarks through a series of posts on X;

"हमारी माताओं-बहनों और बेटियों ने वो दौर भी देखा है, जब उन्हें कदम-कदम पर मुश्किलों का सामना करना पड़ता था। लेकिन आज वे ना सिर्फ विकसित भारत के संकल्प में बढ़-चढ़कर भागीदारी निभा रही हैं, बल्कि शिक्षा और व्यवसाय से लेकर हर क्षेत्र में मिसाल कायम कर रही हैं। बीते 11 वर्षों में हमारी नारीशक्ति की सफलताएं देशवासियों को गौरवान्वित करने वाली हैं।

#11YearsOfSashaktNari"

"Over the last 11 years, the NDA Government has redefined women-led development.
Various initiatives, from ensuring dignity through Swachh Bharat to financial inclusion via Jan Dhan accounts, the focus has been on empowering our Nari Shakti. Ujjwala Yojana brought smoke-free kitchens to several homes. MUDRA loans enabled lakhs of women entrepreneurs to pursue dreams on their own terms. Houses under the women’s name in PM Awas Yojana too have made a remarkable impact.

Beti Bachao Beti Padhao ignited a national movement to protect the girl child.

In all sectors, including science, education, sports, StartUps and the armed forces, women are excelling and inspiring several people.

#11YearsOfSashaktNari"