আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰত্যুত্তৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি সদনৰ মঁজিয়াত প্ৰধানমন্ত্ৰীয়ে নিশ্চিতি দিয়ে যে কোনো ভাৰতীয়কে এই আইনে ক্ষতিগ্ৰস্থ নকৰে বা প্ৰভাৱিত নকৰে।

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বৰ চৰকাৰৰ চিন্তা প্ৰক্ৰিয়াৰ কথাও উনুকিয়াই কয় যে তেতিয়াৰ চিন্তা ধাৰাও এই সন্দৰ্ভত প্ৰায় একেই আছিল।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ কথা উল্লেখ কৰি কয় যে প্ৰয়াত প্ৰধানমন্ত্ৰী নেহৰুৱেও এই সংশোধিত আইনখন প্ৰয়োজন সাপেক্ষে ৰূপায়ন হোৱাটো বিচাৰিছিল, যাতে চুবুৰীয়া দেশবোৰৰ সংখ্যালঘূ শৰণাৰ্থীসকলক ভাৰতৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুসংখ্যক ৰাজনৈতিক দলে ভাৰতত বিভেদকামী কাৰকৰ প্ৰভাৱ বিচৰা পাকিস্তানৰ কাৰ্যক্ৰমণিকাক ফলৱতী কৰিবলৈ বিচাৰিছে, তেওঁ লগতে লোকসভাৰ মঁজিয়াত আশ্বাস প্ৰদান কৰে যে এই নাগৰিকত্ব সংশোধনী আইনে কোনো ভাৰতীয়কে প্ৰভাৱিত নকৰে।

তেওঁ লগতে কয়, “মই স্পষ্ট কৰি দিবলৈ বিচাৰিছো যে এই ‘কা’ ৰূপায়নৰ ফলত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কোনো ভাৰতীয় লোকৰ ওপৰতেই প্ৰভাৱ নপৰে।”

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
After over 40 years, India issues tender for Sawalkote project as Indus treaty remains in abeyance

Media Coverage

After over 40 years, India issues tender for Sawalkote project as Indus treaty remains in abeyance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 জুলাই 2025
July 31, 2025

Appreciation by Citizens for PM Modi Empowering a New India Blueprint for Inclusive and Sustainable Progress