প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পূৰ্বে বাৰ্লিনত উপস্থিত হয়, য’ত তেওঁ জাৰ্মান চেঞ্চেলৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে অন্যান্য বৈঠকত অংশগ্ৰহণ কৰিব৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বাৰ্লিনত অৱতৰণ কৰিলো৷ আজি মই চেঞ্চেলৰ অ’লাফ স্ক’লজৰ সৈতে আলোচনা কৰাৰ লগতে ব্যৱসায়িক নেতৃবৰ্গৰ সৈতে মত বিনিময় আৰু এক সমূদায়ৰ অনুষ্ঠানত ভাষণ আগবঢ়াম৷ মোৰ বিশ্বাস এই ভ্ৰমণে ভাৰত আৰু জাৰ্মানীৰ সৈতে আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত উদ্গনি যোগাব৷”