প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিনামূলীয়া বিদ্যুতৰ বাবে ছাঁদৰ ওপৰত সৌৰ আঁচনি - PM Surya Ghar Muft Bijli Yojana (প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি) আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে এক্সত পোষ্ট কৰি লিখিছে:

"অধিক বহনক্ষম উন্নয়ন আৰু জনসাধাৰণৰ মংগলৰ বাবে আমি পি এম সূৰ্য্য ঘৰ: মুফট বিজুলী যোজনা বা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি আৰম্ভ কৰিছো । ৭৫,০০০ কোটি টকাৰো অধিক বিনিয়োগেৰে এই প্ৰকল্পৰ লক্ষ্য হৈছে প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰি ১ কোটি পৰিয়ালৰ ঘৰ পোহৰাই তোলা।"

"মানুহৰ বেংক একাউণ্টত পোনপটীয়াকৈ দিয়া হ'বলগীয়া বস্তুনিষ্ঠ ৰাজসাহায্যৰ পৰা আৰম্ভ কৰি যথেষ্ট ৰেহাইমূলক বেংক ঋণলৈকে কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিব যাতে জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ খৰচৰ বোজা নাথাকে। সকলো অংশীদাৰক ৰাষ্ট্ৰীয় অনলাইন পৰ্টেলত একত্ৰিত কৰা হ'ব, যিয়ে অধিক সুবিধা প্ৰদান কৰিব।" ."

"তৃণমূল পৰ্যায়ত এই আঁচনিখন জনপ্ৰিয় কৰাৰ উদ্দেশ্যে নগৰীয়া স্থানীয় সংস্থা আৰু পঞ্চায়তসমূহক তেওঁলোকৰ অধিকাৰক্ষেত্ৰত ছাঁদৰ ওপৰত সৌৰ ব্যৱস্থাৰ প্ৰচাৰৰ বাবে আহ্বান জনোৱা হ'ব। একে সময়তে এই আঁচনিৰ জৰিয়তে অধিক আয়, কম বিদ্যুৎৰ বিল আৰু মানুহৰ বাবে কৰ্মসংস্থাপন সৃষ্টি হ'ব।"

"আহক সৌৰশক্তি আৰু বহনক্ষম অগ্ৰগতি বৃদ্ধি কৰোঁ। মই সকলো আৱাসিক গ্ৰাহকক, বিশেষকৈ যুৱক-যুৱতীসকলক আহ্বান জনাইছো যে pmsuryaghar.gov.in ৱেবছাইট ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী - সূৰ্য্য ঘৰ: বিনামূলীয়া বিজুলী যোজনাক শক্তিশালী কৰক"।

 

 

  • kuldeep katal December 01, 2024

    Namo Namo
  • Pradhuman Singh Tomar April 18, 2024

    BJP
  • Pradhuman Singh Tomar April 18, 2024

    BJP
  • Pradhuman Singh Tomar April 18, 2024

    BJP
  • Pradhuman Singh Tomar April 18, 2024

    BJP 390
  • Pawan Jain April 13, 2024

    नमो नमो
  • Vivek Kumar Gupta April 08, 2024

    नमो ..........🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta April 08, 2024

    नमो .............🙏🙏🙏🙏🙏
  • ROYALINSTAGREEN April 05, 2024

    i request you can all bjp supporter following my Instagram I'd _Royalinstagreen 🙏🙏
  • Harish Awasthi March 16, 2024

    मोदी है तो मुमकिन है
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Over 28 lakh companies registered in India: Govt data

Media Coverage

Over 28 lakh companies registered in India: Govt data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond